ETV Bharat / bharat

Congress President Election : দিগ্বিজয় সিং হ’ব কংগ্ৰেছৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী

author img

By

Published : Sep 29, 2022, 7:10 PM IST

দিগ্বিজয় সিঙক কংগ্ৰেছৰ চাণক্য বুলি কোৱা হয় । কিন্তু এইখিনিতে জনাব বিচাৰোঁ যে কংগ্ৰেছৰ এই চাণক্যৰ বিতৰ্কৰ সৈতে বহু পুৰণি সম্পৰ্ক আছে । সামাজিক মাধ্যমত তেওঁৰ ভুল পোষ্টৰ বাবে তেওঁক তীব্ৰভাৱে ট্ৰ'ল কৰা হৈছে (Digvijay Singh controversy in politics) ।

Digvijay Singh
Digvijay Singh

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে (Former MP CM Digvijay Singh) ৩০ ছেপ্টেম্বৰত কংগ্ৰেছ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব (Digvijay Singh Congress President candidate) । উল্লেখ্য, কংগ্ৰেছৰ মুৰব্বী নিৰ্বাচনৰ কথা ঘোষণাৰ পিছৰে পৰা অশোক গেহলটৰ নাম সম্পৰ্কে তীব্ৰ চৰ্চা চলি আছিল । কিন্তু দেওবাৰে নিশা জয়পুৰত হোৱা ৰাজনৈতিক নাটকে সমীকৰণ সলনি কৰি পেলায় (election of Congress chief) ।

বৰ্তমান দিগ্বিজয় সিঙে কেৰালাৰ সাংসদ শশী থাৰুৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । প্ৰণিধানযোগ্য যে দিগ্বিজয় সিঙে ৫৩ বছৰ ধৰি ৰাজনীতিত সক্ৰিয় হৈ আছে । তেওঁ 2019 ৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ হাতত পৰাস্ত হৈছিল ৷ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল ৷

১৯৯৮ চনত দিগ্বিজয় সিং মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত, মধ্যপ্ৰদেশৰ বেতুল জিলাৰ মুলতাইত কৃষক আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত প্ৰায় ২৪ জন কৃষক গুলীবিদ্ধ হৈছিল । অৱশ্যে আৰক্ষীয়ে ১৭ জন লোকৰ মৃত্যুৰ কথা উল্লেখ কৰিছিল । দিগ্বিজয় সিং সেই সময়তো বিতৰ্কত আছিল । তেওঁৰ ওপৰত মৃতকৰ প্ৰকৃত সংখ্যা লুকুওৱাৰ অভিযোগ উঠিছিল ।

  • Congress leader Digvijaya Singh to reach the party office today, after which he'll take the nomination papers from Central Election Authority; all formalities completed.

    Singh will submit his nomination papers on Sept 30 as the CEA chairman is currently out of Delhi.

    (File pic) pic.twitter.com/Ws6TphwSg1

    — ANI (@ANI) September 29, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, 2011 চনত আমেৰিকাই আল-কায়দাৰ মুৰব্বী ওচামা বিন লাডেনক হত্যা কৰে । দিগ্বিজয় সিঙে ওছামা বিন লাডেনৰ মৃত্যু সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ সেই সময়ত ওচামাক ওছামাজী বুলি উল্লেখ কৰিছিল । এই বিষয়টোতো যথেষ্ট বিতৰ্ক হৈছিল ।

২০১৩ বৰ্ষত দিগ্বিজয় সিঙে বিহাৰৰ বুদ্ধগয়াত হোৱা বোমা বিস্ফোৰণৰ সৈতে বিজেপিৰ নাম জড়িত কৰিছিল । ইয়াৰ পিছত দিগ্বিজয় সিং যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগা হৈছিল । দিগ্বিজয় সিঙৰ বিৰুদ্ধে আৰএছএছৰ স্বয়ংসেৱকে তেওঁৰ এটি টুইটৰ বাবে অভিযোগ দাখিল কৰিছিল । তেওঁ লিখিছিল, 'বাচ্চা-বাচ্চা ৰাম কা, ৰাঘৱ জী কা কাম কা' (Digvijay Singh controversy in Politics)।

2011 চনত দিগ্বিজয় সিঙে আৰ এছ এছৰ বিৰুদ্ধে বাটালা হাউছ এনকাউণ্টাৰক ভুৱা বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন হৈছিল । দিগ্বিজয় সিঙে কংগ্ৰেছৰ এগৰাকী সাংসদ মীনাক্ষী নটৰাজনৰ বিষয়ে কৰা অপমানজনক মন্তব্যৰ বাবে সমালোচনাৰ সন্মুখীন হ'বলগা হৈছিল ।

দিগ্বিজয় সিঙক কংগ্ৰেছৰ চাণক্য বুলি কোৱা হয় । কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে কংগ্ৰেছৰ এইগৰাকী চাণক্যই বহুবাৰ ভুল টুইট কৰাৰ বাবে বেকফুটলৈ আহিবলগা হৈছিল । টুইটাৰত ভুল ফটো পোষ্ট কৰিছিল আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল । ইয়াৰ আগতেও 'ডিগী ৰাজা'ক ভুল পোষ্ট ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে যথেষ্ট ট্ৰ'ল কৰা হৈছে আৰু লগতে বিজেপিৰ লক্ষ্য হৈ পৰে (Digvijay Singh News and Updates) ।

লগতে পঢ়ক :বিহাৰৰ আইএএছ বিষয়াৰ চেনিটাৰী পেড সন্দৰ্ভত অসংবেদনশীল মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.