ETV Bharat / bharat

আধুনিক প্ৰযুক্তি বিদ্য়াই মহামাৰীজনিত কষ্ট হ্ৰাস কৰিছে : ৰাষ্ট্ৰপতি - প্ৰযুক্তি

আৰোগ্য় সেতু আৰু ই-অফিচৰ শক্তিশালী কাৰ্যকলাপে আই চি টিৰ আন্ত:গাঁঠনি শক্তিশালী কৰিছে ।

আধুনিক প্ৰযুক্তি বিদ্য়াই মহামাৰীজনিত কষ্ট হ্ৰাস কৰিছে : ৰাষ্ট্ৰপতি

author img

By

Published : Dec 30, 2020, 5:54 PM IST

নেশ্য়নেল ডেস্ক , ৩০ ডিচেম্বৰ : ডিজিটেল ইণ্ডিয়া ভাৰ্চুৱেল সমাৰোহত অংশ লৈ দেশবাসীক উদ্দেশ্য়ি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ গুৰুত্বপূৰ্ণ মন্তব্য় । দেশত ব্য়ৱহাৰ হোৱা আধুনিক প্ৰযুক্তি বিদ্য়াৰ ক্ষেত্ৰত এক দীঘলীয়া ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে । সমগ্ৰ বিশ্বতে অৰ্থব্য়ৱস্থাত প্ৰভাৱ পেলাইছে কৰ'ণা মহামাৰীয়ে । তেওঁৰ মতে ভাৰতে নিজে আৰু অধিক আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে আৰু আহিবলগীয়া দিনত প্ৰযুক্তিবিদ্য়াই এই ধাৰা অব্য়াহত ৰখাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব । ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি গৰাকীয়ে কয়, এই বছৰটো সমাপ্ত হোৱাৰ দিশত আৰু আশা কৰিছো শীঘ্ৰে মহামাৰীও শেষ হ'ব ।

বিশ্বজুৰি অৰ্থনীতি, শিক্ষা, স্বাস্থ্য় আৰু বহু দিশত যদিও মহামাৰীয়ে প্ৰভাৱ পেলাইছে ; কিন্তু ইয়াৰ মাজতে তেওঁ অত্য়াধুনিক প্ৰযুক্তিৰ হস্তক্ষেপকো লক্ষ্য় কৰিছে । বিগত বছৰ সমূহত দেশত বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত হোৱা বিকাশে মহামাৰীৰ এই পৰিস্থিতিত দেশবাসীক যুজিবলৈ সহায় কৰিছে বুলি দাবী কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । এই ক্ষেত্ৰত আৰোগ্য় সেতু আৰু ই-অফিচৰ শক্তিশালী কাৰ্যকলাপে আই চি টি ( ইনফ'ৰমেচন এণ্ড কমিউনিকেচন টেকন'লজি )ৰ আন্ত:গাঁঠনি শক্তিশালী কৰিছে ।

সময়ৰ লগে লগে ন্য়ায়পালিকা আৰু শিক্ষাৰ পৰা টেলি মেডিচিনলৈকে আদি কৰি সকলো ভাৰ্চুৱেল পদ্ধতিলৈ সলনি হৈছে । অৰ্থব্য়ৱস্থাৰ পৰিৱৰ্তনকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰখন ৰাইজৰ লগত যোগাযোগত থাকিবলৈ তথ্য় আৰু প্ৰযুক্তিয়ে উল্লেখযোগ্য় ভূমিকা গ্ৰহণ কৰিছে বুলিও ক'লে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

ৰাষ্ট্ৰপতি গৰাকীৰ মতে ডিজিটেল মাধ্য়মৰ সক্ৰিয় হস্তক্ষেপে লকডাউনৰ সময়চোৱাত আৰু পাছলৈ চৰকাৰী সেৱাসমূহ সঠিক ভাৱে ৰূপায়ণ হোৱাত সহায় কৰিছে । তেওঁ আশা কৰিছে যাতে চৰকাৰী কাৰ্যালয় সমূহটো নতুন প্ৰযুক্তিৰ ব্য়ৱহাৰ কৰি কাগজৰ ব্য়ৱহাৰ কম কৰিব লাগে যিটো প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰটো সহায় হ'ব । ভাষণত তেওঁ কয় যে দেশত এতিয়াও বহু লোকে নতুন তথ্য় প্ৰযুক্তিৰ ব্য়ৱহাৰ কৰিব পৰা নাই ৷ সেয়ে উচিত পদ্ধতিৰে তেওঁলোকৰ ওচৰলৈ প্ৰযুক্তিৰ বিদ্য়া পঠিয়াই সেই লোকৰ সংখ্য়া হ্ৰাস কৰিব লাগে । কেন্দ্ৰীয় চৰকাৰৰ পৰা স্থানীয় প্ৰশাসনলৈ বিভিন্ন স্তৰত দক্ষ, স্বচ্ছ আৰু দ্ৰুত শাসন ব্য়ৱস্থাৰ বাবে দেশীয় প্লাগ এণ্ড প্লে আইচিটিৰ সমাধানৰো প্ৰয়োজন বুলি কয় ৰাষ্ট্ৰপতি গৰাকীয়ে । ইফালে তেওঁ গৌৰৱান্বিত যে, শাসন ব্য়ৱস্থাৰ বিভিন্ন স্তৰত আধুনিক প্ৰযুক্তিৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত ভাৰত সকলোতকৈ আগত ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ ওপৰত বিশ্বাস নাই কৃষকৰ : ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.