নেচনেল ডেস্ক, 22 এপ্ৰিল : কেৰালাৰ পালাক্কাডৰ এখন চৰকাৰী বিদ্যালয়ত শিশুসকলৰ উপস্থিতি পঞ্জীয়ন কৰাৰ বাবে প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে ডিজিটেল উপস্থিতি যন্ত্ৰ (digital attendance machine) । উপস্থিতি যন্ত্ৰটোত যেতিয়া শিক্ষাৰ্থীসকলে তেওঁলোকৰ আঙুলিৰ ছাপ দিব তেওঁলোকৰ উপস্থিতি স্বয়ংক্ৰিয়ভাৱে পঞ্জীয়ন কৰা হ'ব আৰু এই উপস্থিতিৰ বাৰ্তা তেওঁলোকৰ অভিভাৱকৰ মোবাইল ফোনলৈয়ো প্ৰদান কৰা হ'ব (alerts to parents on student's attendance) ।
ৰাজ্যৰ শিক্ষা বিভাগে যন্ত্ৰটো অনুমোদন কৰাৰ পিছতে ইয়াক ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়তে উপলব্ধ কৰা হ'ব । বিজ্ঞান আৰু প্ৰযুক্তি, গণিত আৰু অভিযান্ত্ৰিক বিদ্যাৰ দক্ষতাক উৎসাহিত কৰাৰ বাবে ষ্টাৰ্ট-আপ হিচাপে 2018 চনত পালাক্কাডৰ চিত্তুৰ চৰকাৰী ভিক্টোৰিয়া ছোৱালী বিদ্যালয়ত এটা Adal Tinkering Lab স্থাপন কৰা হৈছিল ।
প্ৰকল্পটোৰ অংশ হিচাপে, চৰকাৰী ভিক্টোৰিয়া স্কুলৰ শিক্ষাৰ্থীসকলৰ বাবে এই ডিজিটেল উপস্থিতি যন্ত্ৰটো স্থাপন কৰা হৈছে । এই যন্ত্ৰটোৰ মুখ্য সুবিধাটো হ'ল যে অভিভাৱকসকলে জানিব যে, তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে কিমান সময়ত বিদ্যালয়ত উপস্থিত হৈছিল আৰু তাৰ পৰা কেতিয়া উভতি আহিছিল ।
লগতে পঢ়ক : Elephant attack video : নিজৰ মাউতকে যেতিয়া আক্ৰমণ এটা হাতীৰ