ETV Bharat / bharat

আৰু ২৫ টা বিমানবন্দৰলৈ ডিজি যাত্ৰা সুবিধা; কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া - Airports Authority of India

Digi Yatra Portal : কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে বিমানবন্দৰত ভিৰ নিয়ন্ত্ৰণৰ বাবে অধিক জনশক্তি, এক্স-ৰে মেচিন, প্ৰৱেশ-প্ৰস্থান গে'ট, চেক-ইন কাউণ্টাৰ আৰু ইমিগ্ৰেচন কাউণ্টাৰ স্থাপন কৰা হৈছে ।

Digi Yatra to 25 more airports
আৰু ২৫ টা বিমানবন্দৰলৈ ডিজি যাত্ৰা সুবিধা
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 5:19 PM IST

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শুকুৰবাৰে কয় যে ২০২৪ চনত আৰু ২৫ টা বিমানবন্দৰত ডিজি যাত্ৰাৰ সুবিধা উপলব্ধ হ'ব ।

নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত এক সংবাদমেল সম্বোধন কৰি বিমানবন্দৰসমূহত ভিৰ নিয়ন্ত্ৰণ সন্দৰ্ভত কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম পৰ্যায়ত ১৪ টা বিমানবন্দৰত আৰু অহা বছৰ দ্বিতীয় পৰ্যায়ত আন ১১ টা বিমানবন্দৰত ডিজি যাত্ৰা আৰম্ভ কৰা হ'ব ।

মন কৰিবলগীয়া যে এতিয়ালৈকে ঘৰুৱা যাত্ৰীসকলৰ বাবে ১৩ টা বিমানবন্দৰত এই সুবিধা উপলব্ধ । ডিজি যাত্ৰাই ফেচিয়েল ৰিকগনিশ্বন টেকন'লজীৰ (এফআৰটি) ওপৰত আধাৰিত বিমানবন্দৰৰ বিভিন্ন চেক পইণ্টত যাত্ৰীসকলৰ যোগাযোগবিহীন আৰু নিৰৱচ্ছিন্ন চলাচলৰ ব্যৱস্থা কৰিছে ।

বিমানবন্দৰসমূহত ভিৰ নিয়ন্ত্ৰণ সন্দৰ্ভত সিন্ধিয়াই কয়, "যোৱা বছৰৰ তুলনাত জনশক্তি, এক্স-ৰে মেচিন, প্ৰৱেশ-প্ৰস্থান গে'ট, চেক-ইন কাউণ্টাৰ আৰু ইমিগ্ৰেচন কাউণ্টাৰ বৃদ্ধি কৰা হৈছে ।"

তেওঁ লগতে কয় যে এই বাধাসমূহ আঁতৰ কৰিবলৈ আৰু আন্তঃগাঁথনিৰ উপলব্ধতা উন্নত কৰাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ ভিতৰত আছে, প্ৰৱেশৰ সময়ত অপেক্ষাৰ সময়ৰ স্ক্ৰীণ স্থাপন আৰু আৰক্ষীৰ নাকা পইণ্টত যাত্ৰীসকলক অপেক্ষাৰ সময়ৰ বিষয়ে অৱগত কৰা, অতিৰিক্ত প্ৰৱেশ গে'ট খোলা, প্ৰৱেশ আৰু নিৰাপত্তা সম্বন্ধীয় দুয়োটা এলেকাতে অপেক্ষাৰ স্থান বৃদ্ধি কৰা । ইয়াৰ উপৰি আন কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

নিৰাপত্তা ব্যৱস্থাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে বিগত আঠ মাহত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) কৰ্মচাৰী নিয়োজিত কৰাৰ ক্ষেত্ৰত আৰু ১৯ শতাংশ বৃদ্ধি পাইছে ।

যুটীয়া উদ্যোগৰ বিমানবন্দৰত চিআইএছএফৰ কৰ্মচাৰীসকলৰ সংখ্যা চলিত বছৰৰ ১২ ডিচেম্বৰলৈকে ১৯,৭৬০ লৈ বৃদ্ধি কৰা হৈছে । ২০২২ চনৰ ১২ ডিচেম্বৰত ১৬,৫৭২ জন কৰ্মচাৰীৰ তুলনাত এয়া ১৯ শতাংশ বৃদ্ধি বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় ।

তেওঁ জনোৱা মতে, এএআই (ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ) বিমানবন্দৰত চিআইএছএফৰ কৰ্মচাৰী নিয়োজিত কৰা হৈছে । যিটো ২০২২ চনৰ ১২ ডিচেম্বৰত ৩,৯১৫ জনৰ বিপৰীতে ২৭ শতাংশ বৃদ্ধি পাইছে ।

তদুপৰি, ইমিগ্ৰেচন সেৱাৰ গুৰুত্ব স্বীকাৰ কৰি সিন্ধিয়াই ১০০০ কৰ্মচাৰীৰ সংযোগেৰে ইমিগ্ৰেচন কৰ্মচাৰীৰ ব্যৱস্থা শক্তিশালী কৰাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে । এই পদক্ষেপে ইমিগ্ৰেচন প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰিব আৰু যাত্ৰীসকলৰ বাবে মসৃণ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :ধোনীৰ বিৰুদ্ধে মানহানিকৰ দাবী; আইপিএছ বিষয়া সম্পত কুমাৰক ১৫ দিনৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.