ETV Bharat / bharat

ৰাজধানী দিল্লীত ডিজেলত ৩৬ পইচাকৈ বৃদ্ধি

author img

By

Published : Feb 13, 2021, 1:12 PM IST

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ধাৰা অব্যাহত আছে । লগে লগে দেশত পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা মূল্যও বৃদ্ধি হৈছে ।

দিল্লীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত সৰ্বাধিক ৩৬ পইচা বৃদ্ধি

নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী: এটা দিনত খাৰুৱা তেলৰ মূল্য় ২ শতাংশ বৃদ্ধিৰে প্ৰতি বেৰেলত ৬২ ডলাৰ অতিক্ৰম কৰি বিশ্বত ইয়াৰ বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিলে । লগে লগে তেল কোম্পানীসমূহেও বৃদ্ধি কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্য । দিল্লীত শনিবাৰৰ দিনটোত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৬ পইচা আৰু পেট্ৰ'লত ৩০ পইচা বৃদ্ধি হয় । এই বৃদ্ধিৰ সৈতে চলিত সপ্তাহত একেৰাহে পঞ্চমবাৰলৈ বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য । বৰ্তমান পেট্ৰ'লৰ মূল্য ৰাষ্ট্ৰীয় ৰাজধানীত ৮৮.৪৪ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৭৮.৭৪ টকা ।

পেট্ৰ'লিয়াম সামগ্ৰীৰ ক্ষেত্ৰত স্থানীয় কৰৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ দেশত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰ ২৫-৩০ পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩০-৪০ পইচা বৃদ্ধি হয় । আনহাতে মুম্বাইত আৰু ৫ টকা বৃদ্ধি হ'লেই পেট্ৰ'লৰ মূল্য ১০০ৰ ঘৰ চুব আৰু ডিজেলৰ মূল্য ৯০ টকাতে সীমাবদ্ধ থাকিব ৷ সমান্তৰালকৈ দেশৰ আন আন মহানগৰসমূহতো পেট্ৰ'লৰ মূল্য ৯০ অথবা তাৰো অধিক হোৱাৰ লগতে ডিজেলৰ মূল্য দিল্লীক বাদ দি আন চহৰসমূহত ৮০ টকাতকৈ বেছি হয় ।

উল্লেখ্য যে, বিশেষজ্ঞই মন্তব্য় কৰিছিল বিভিন্ন স্থানত নতুনকৈ লক ডাউনৰ ফলত দুয়োবিধ ইন্ধনৰ দাম কিছু হ্ৰাস হ'ব ৷ কিন্তু তাৰপিছতো খাৰুৱা তেলৰ বজাৰ মূল্য বৃদ্ধিৰ লগে লগে এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে । ইফালে দীৰ্ঘসময় ধৰি খাৰুৱা তেলৰ বজাৰ মূল্য প্ৰতি বেৰেলত ৫৫ ডলাৰতে সীমাবদ্ধ আছিল যদিও তেল কোম্পনীসমূহে তেলৰ দাম প্ৰতিদিনে বৃদ্ধি কৰা কাৰ্যও ভাবিবলগীয়া এক বিষয় । উল্লেখ যে ২০২১ বৰ্ষটোত দুয়োটা ইন্ধনৰ মূল্য ১৭ বাৰকৈ বৃদ্ধি হৈছে । পেট্ৰ'লত ৪.৭৩ টকা আৰু ডিজেলত ৪.৮৭ টকা বৃদ্ধি হৈছে এইটো বছৰতে ।

২০১৮ চনৰ ৪ অক্টোবৰত যেতিয়া খাৰুৱা তেলৰ বজাৰ মূল্য প্ৰতি বেৰেলত ৮০ ডলাৰ হৈছিল তেতিয়া পে'ট্ৰল-ডিজেলৰ খুচুৰা মূল্য বৰ্তমানৰ ওচৰে-পাজৰে আছিল । মূলতঃ খাৰুৱা তেলৰ দৃঢ় মূল্য আৰু কেন্দ্ৰীয় কৰৰ বাবে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে । যদিও চৰকাৰক বহু সময়ত কেন্দ্ৰীয় কৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাইজে দাবী জনাই আহিছে কিন্তু কোনো ধৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । ইফালে তেল কোম্পানীসমূহে জনোৱা মতে হয়টো আগন্তুক দিনত আৰু বৃদ্ধি হ'ব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য ।

লগতে পঢ়ক: আজিৰে পৰা পুনৰ মুকলি মোগল গাৰ্ডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.