ETV Bharat / bharat

ধনতেৰচ বিশেষ : ধনতেৰচত এইকেইটা কাম কৰিলে লাভান্বিত হ’ব অপুনি

author img

By

Published : Nov 2, 2021, 6:00 AM IST

ধনতেৰচ বিশেষ ৷ ধনতেৰচৰ দিনা এইকেইটা কাম কৰিলে লাভান্বিত হ’ব অপুনিও...

dhan teras special
ধনতেৰচ বিশেষ

ধনতেৰচ : ধনতেৰচৰ সৈতে পাঁচদিনীয়াকৈ পালন কৰা হয় দীপাৱলী । প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচৰ উৎসৱ উদযাপন কৰা হয় । ধনতেৰচ হৈছে এটা বিশেষ আৰু শুভ মূহুৰ্ত ৷ এই দিনটোতে মানুহে অলংকাৰ, বাচন-বৰ্তন, বাহন, কাপোৰ আদি ক্ৰয় কৰে ।

বিশ্বাস অনুসৰি, চিকিৎসা বিজ্ঞানৰ প্ৰসাৰৰ বাবে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল ৷ যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰচ বুলি জনা যায় । কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখৰ দিনা সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তৰীয়ে হাতত অমৃতৰ কলহ লৈ পৃথিৱীত আবিৰ্ভাৱ হৈছিল । ধনৱন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয় । এই বছৰ ধনতেৰচ উৎসৱ ২০২১ চনৰ ২ নৱেম্বৰ অৰ্থাৎ মঙলবাৰে উদযাপন কৰা হ'ব । দীপাৱলীৰ উপাসনা কৰিবলৈ একেদিনাই লক্ষ্মী আৰু গণেশৰ এটা মূৰ্তিও ঘৰলৈ অনা উচিত ।

দীপ প্ৰজ্বলন :

ধনত্ৰয়োদশী (dhantrayodashi) উপলক্ষে সন্ধিয়া চাকি-বন্তি জ্বলোৱাৰ পৰম্পৰাও আছে । পৰিয়ালৰ শান্তিৰ বাবে ধনতেৰচৰ দিনা সন্ধিয়া চাকি জ্বলোৱা হয়, ইয়াক যম দীপক বুলি কোৱা হয় । এই চাকি যমৰাজৰ বাবে জ্বলোৱা হৈছে । লোকবিশ্বাস অনুসৰি, এনে কৰিলে পৰিয়ালত অকাল মৃত্যু হাৰ কম হয় ৷

ধনত্ৰয়োদৰ্শীৰ দিনাৰ গুৰুত্বপূৰ্ণ ক্ষণ :

দিন - মঙলবাৰ, 02 নৱেম্বৰ

সূৰ্যোদয় - 06:33

সূৰ্যোদয় - 05:47

তিথি - ত্ৰয়োদশী, 02 নৱেম্বৰৰ পুৱা 11:31 ৰ পৰা 03 নৱেম্বৰ 09:02 লৈ

অভিজিৎ মূহুৰ্ত(Abhijit Muhurta) - পুৱা 11:50 ৰ পৰা 12:33 লৈ

বিজয় মূহুৰ্ত (vijay Muhurta) - দুপৰীয়া 02:03 ৰ পৰা 02:47 লৈ

ৰাহুকাল (Rahu kaal) - দুপৰীয়া 02:59 পৰা 04:23 লৈ

যোগ - বৌধৃতি সন্ধিয়া 06:32 বজালৈ, ৱিষ্কম্ভ

পূজাৰ শুভ মূহুৰ্ত :

প্ৰথম শুভ মূহুৰ্ত প্ৰদৌষ কাল - সন্ধিয়া 05:50 ৰ পৰা 08:21 লৈ

দ্বিতীয় শুভ মূহুৰ্ত বৃষভ লগ্ন কাল - সন্ধিয়া 06:32 ৰ পৰা 08:30 লৈ

ধনতেৰচত বাচন-বৰ্তন কিনিলে লাভ হয় :

ধনতেৰচৰ দিনা ভগৱান ধনৱন্তীৰ পূজা কৰাৰ মান্যতা আছে ৷ সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তীয়ে হাতত অমৃত কলহ লৈ প্ৰকট হৈছিল ৷ যাৰ পাছৰে পৰাই ধনতেৰচৰ দিনা বাচন-বৰ্তন কিনাৰ প্ৰথা প্ৰচলিত হৈ আহিছে ৷ হিন্দু পৰম্পৰা অনুসৰি, বাচন-বৰ্তনক প্ৰাচুৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷ সেয়ে সকলোৱে নিজৰ ঘৰত ধন-সম্পত্তি বৃদ্ধিৰ হেতুকে প্ৰাচুৰ্যৰ প্ৰতীক বাচন-বৰ্তন কিনা হয় ৷ এই বিশেষ দিনটোত ৰূপ, তাম, পিতল আৰু কাঁচৰ বাচন-বৰ্তন কিনাটো শুভ হিচাপে গণ্য কৰা হয় ৷

পৰিষ্কাৰ-পৰিচন্নতা সম্পৰ্কীয় মান্যতা :

দেৱী লক্ষ্মী পৰিষ্কাৰ-পৰিচন্নতা আৰু সকৰাত্মক বাতাৱৰণ থকা স্থানত বাস কৰে ৷ সেয়ে সকলোৱে দীপাৱলীৰ দিনা প্ৰথমতে ঘৰ-দুৱাৰ আদি পৰিষ্কাৰ-পৰিচন্ন কৰে ৷ দীপাৱলী আৰম্ভ হোৱাৰ পৰা আৰম্ভ কৰি ধনতেৰচ তথা দীপাৱলীৰ অন্তিম দিনলৈকে ঘৰ-দুৱাৰ পৰিষ্কাৰ-পৰিচন্ন হৈ থকাটো বাঞ্চনীয় ৷

অন্যান্য মান্যতা :

ধাৰ্মিক মান্যতা অনুসৰি, দিনত শুৱ নালাগে ৷ দিনত শুলে এলাহ আৰু নকৰাত্মক ভাৱ আহে ৷ বিশেষকৈ ধনতেৰচ আৰু দীপাৱলীৰ দিনা একেবাৰেই শুৱ নালাগে ৷ ধনতেৰচৰ দিনা কাকো ঋণ নিদিব, কিন্তু দান কৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.