ETV Bharat / bharat

Sawan 2nd Somvar 2022: আজি পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ

পবিত্ৰ শাওণ মাহৰ দ্বিতীয় সোমবাৰে ভগৱানৰ আশীষ লবলৈ মহাকালেশ্বৰ মন্দিৰত ভিৰ কৰে ভক্তসকলে । বৈদিক মন্ত্ৰ জপৰ মাজতে পুৰোহিতসকলে এই উপলক্ষে জলাভিষেক,পঞ্চমিত্ৰ অভিষেক আৰু ভামা আৰতি কৰা পৰিলক্ষিত হয় ।

পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ
Shravan's second Monday
author img

By

Published : Jul 25, 2022, 1:53 PM IST

নেশ্যনেল ডেস্ক,25 জুলাই: পবিত্ৰ শাওণ মাহৰ দ্বিতীয় সোমবাৰে ভগৱান শিৱক দৰ্শন কৰাৰ উদ্দেশ্যৰে মধ্য প্ৰদেশৰ উজ্জাইনস্থিত প্ৰখ্যাত মহাকাল মন্দিৰত অসংখ্য ভক্তই ভিৰ কৰে(Devotees throng Mahakaal temple on Shravans second Monday) । খুব কম সময়ৰ বাবে সোমবাৰৰ দিনটোত ভক্তসকলৰ বাবে মুকলি কৰা হৈছিল মন্দিৰৰ মুখ্য দুৱাৰ । পুৰোহিতসকলে বৈদিক স্তৱ জপ কৰাৰ মাজতে জলাভিষেক আৰু ভস্ম আৰতিৰে ভগৱানক স্তুতি কৰা দেখিবলৈ পোৱা যায় ।

বহু ভক্তই পুৰোহিতসকলে বৈদিক ৰীতি-নীতি সম্পন্ন কৰাৰ সময়ছোৱাত ফলমূল, মৌ, ঘিউ, ফুল, বেলপাত, কাজু, আলমণ্ড, ৰুদ্ৰাক্ষ, আবিৰ, কুমকুম আদিৰ লগতে ভগৱান শিৱলৈ নৈবদ্য স্বৰূপে মিঠায়ো আগবঢ়াইছিল ৷

বৈদিক স্তৱৰ জপ প্ৰতিধ্বনিত হৈ আছিল মন্দিৰৰ বাহিৰে-ভিতৰে । এই উপলক্ষে ভগৱান মহাকালে নতুন সাজ-পোছাক পৰিধানেৰে ৰজাৰ ৰূপত ৰঙীন বস্ত্ৰ আৰু মূৰত ৰূপালী চন্দ্ৰ পিন্ধিছিল । ইয়াৰোপৰি ৰূপালী ছাতি, ৰুদ্ৰাক্ষৰ মালা, ফুলৰ মালা আৰু ৰঙীন বস্ত্ৰ ভক্তসকলে আগবঢ়াইছিল ভগৱানলৈ ।

লগতে পঢ়ক: First Shravan Sombar: শাওনৰ প্ৰথমটো সোমবাৰত মহাভৈৰৱ মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.