ETV Bharat / bharat

Magha Purnima 2023 : মাঘী পূৰ্ণিমা উপলক্ষে গংগা নদীৰ পাৰত ভক্তৰ ভিৰ - আজি মাঘী পূৰ্ণিমা

মাঘী পূৰ্ণিমা উপলক্ষে গংগা নদীৰ পাৰত ভক্তৰ ভিৰ ৷ সফলতা প্ৰাপ্তিৰ বাবে ভক্তই ভিৰ কৰিছে গংগাৰ তীৰত (Devotees are taking holy Bath in Ganga)৷

Magha Purnima 2023
মাঘী পূৰ্ণিমা উপলক্ষে গংগা নদীৰ পাৰত ভক্তৰ ভিৰ
author img

By

Published : Feb 5, 2023, 3:02 PM IST

Updated : Feb 5, 2023, 4:41 PM IST

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী : আজি মাঘী পূৰ্ণিমা (Today is Maghi Purnima) ৷ সমগ্ৰ দেশতে মহা আড়ম্বৰেৰে পালন কৰা হৈছে এই পৱিত্ৰ উৎসৱটি ৷ হিন্দু ধৰ্মত মাঘ পূৰ্ণিমা উৎসৱৰ বিশেষ গুৰুত্ব আছে বুলি জনা যায় । এই বাবেই পুৱাৰে পৰা গংগাত গা ধুবলৈ হৰিদ্বাৰত ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হৈছে (holy Bath in Ganga at Haridwar)। হৰিদ্বাৰৰ আটাইকেইটা ঘাটতে মানুহে পৱিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে বিশ্বাসেৰে গংগা নদীত স্নান কৰা পৰিলক্ষিত হৈছে (Devotees are taking holy Bath in Ganga)। একে সময়তে মাঘী পূৰ্ণিমাত গা ধোৱাৰ বাবে জিলা প্ৰশাসন আৰু মেলা আৰক্ষীয়ে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

মাঘী পূৰ্ণিমাত গংগাত স্নান কৰা লোকসকলে শুভকামনা আৰু বংশধৰ লাভ কৰে বুলি জনবিশ্বাস প্ৰচলিত । মাঘী পূৰ্ণিমাত দান, যজ্ঞ, উপবাসৰ লগতে বাঞ্চা সিদ্ধিৰ বাবে জপ কৰা হয় । মাঘী পূৰ্ণিমা সম্পৰ্কে পুৰাণত কোৱা হৈছে যে যি ব্যক্তিয়ে এই উপলক্ষে গংগাত স্নান কৰে বা গংগা মাতৃৰ মন্ত্ৰ জপ কৰে, তেওঁ সকলো দুখ-কষ্টৰ পৰা মুক্তি পায় বুলি (Magha Purnima 2023 )।

মাঘ মাহটোক ভগৱান বিষ্ণুৰ মাহ বুলি কোৱা হয় । এই দিনটোত বিষ্ণুৰ মন্ত্ৰ জপ কৰাৰ ফলত উদ্দেশ্য সিদ্ধি হয় । বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ভগবান বিষ্ণুৱে গংগাত স্নান কৰে বুলি । সেইবাবেই আজিৰ এই পৱিত্ৰ দিনটোত গংগাত স্নান কৰিলে বিষ্ণুৰ সৈতে স্নান কৰা সদৃশ হয় বুলি হিন্দু সমাজত জনবিশ্বাস প্ৰচলিত ৷ তদুপৰি, গংগাৰ পাৰত এই মন্ত্ৰ জপ কৰিলে গোটেই বছৰটো সুফল লাভ কৰিব পোৱা যায় বুলি বিশ্বাস আছে ।

তিল দানৰ দ্বাৰাও আজিৰ দিনটোত পুণ্যত্ব লাভ কৰিব পাৰি ৷ আজি মাঘী পূৰ্ণিমাত পূষ্য নক্ষত্ৰ পৰাৰ লগতে কুম্ভ উৎসৱ উপলক্ষে গংগাত স্নান কৰাটো বিশেষভাৱে ফলপ্ৰসূ হ’ব বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে । গোটেই বছৰটো পূৰ্ণিমা স্নান কৰিব নোৱৰা ব্যক্তিসকলেও আজিৰ দিনটোত অৰ্থাৎ মাঘী পূৰ্ণিমাৰ দিনা স্নান কৰিলে পাপ মোচন হয় তথা পূৰ্ণিমা স্নানৰ ফল লাভ কৰে বুলিও হিন্দু সমাজত জনবিশ্বাস আছে । স্নানৰ লগতে আজিৰ দিনটোত গংগাৰ পাৰত তিল দান কৰিলে পুণ্য প্ৰাপ্তি হয় বুলি কোৱা হয় (Haridwar people holy bath) ।

একে সময়তে মাঘ পূৰ্ণিমাৰ স্নানৰ বাবে পুৱাৰে পৰা ভক্তৰ সমাগম আৰম্ভ হোৱা পৰিলক্ষিত হৈছে গংগা নদীৰ সমীপত । ভক্তসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে মাঘী পূৰ্ণিমা উপলক্ষে । একেই উছাহ উদ্দীপনা প্ৰত্যক্ষ কৰিবলৈ পোৱা গ’ল অসমতো ৷

লগতে পঢ়ক : Gymnast Deepa Karmakar banned by the ITA : আপত্তিজনক দ্ৰব্য সেৱনৰ

Last Updated : Feb 5, 2023, 4:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.