ETV Bharat / bharat

Shimla landslide: চিমলাত ভয়ংকৰ ভূমিস্খলন; জীৱন্তে পুত গ’ল প্ৰায় 25 জন

author img

By

Published : Aug 15, 2023, 5:02 PM IST

ধাৰাসাৰ বৰষুণৰ ফলত চিমলাত ভয়ংকৰ ভূমিস্ফলনৰ ঘটনা ৷ প্ৰায় 20-25 গৰাকী লোক জীৱন্তে পুত যোৱাৰ সন্দেহ কৰা হৈছে ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

Shimla landslide
Shimla landslide

নেশ্যনেল ডেস্ক, 15 আগষ্ট: চিমলাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ 14 আগষ্ট অৰ্থাৎ সোমবাৰে সংঘটিত হোৱা ভূমিস্খলনত মৃত্যু হৈছে 11 গৰাকীকৈ লোকৰ ৷ এটা শিৱ মন্দিৰৰ ওপৰত হয় এই ভূমিস্খলন ৷ ফলত সেই সময়ত উপস্থিত থকা 11 গৰাকী লোক জীৱন্তে পুত যায় ৷

সোমবাৰে 8 জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে মঙলবাৰে উদ্ধাৰ কৰা হয় 3 জনৰ মৃতদেহ ৷ এই ভূমিস্খলনৰ ফলত আৰু লোক পুত যোৱাৰ আশংকা কৰি অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান ৷ মঙলবাৰে উদ্ধাৰ হোৱা 3 টা মৃতদেহৰ এজন এখন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক বুলি জানিব পৰা গৈছে ৷ ক্ষত-বিক্ষত অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে এতিয়াও কেইবাটাও মৃতদেহৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷

আনহাতে এটা নলাৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ শিৱ মন্দিৰটোৰ কাষেৰে বৈ যোৱা এই নলাটোত আৰু লোক উটি যোৱাৰ আশংকা কৰি উদ্ধাৰকাৰী দলে এক কিলোমিটাৰ নিলগলৈকে চলাইছে অভিযান ৷ এই ভূমিস্খলনত প্ৰায় ২০ ৰ পৰা ২৫ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ৷ লগতে পৰিচয় উদ্ধাৰ হোৱা লোকসকলৰ পৰিয়ালক ঘটনাৰ সৱিশেষ অৱগত কৰা হৈছে ৷

জিলা প্ৰশাসনেও ঘটনাস্থলীত উপস্থিত হৈ পুৱাৰে চলাইছে উদ্ধাৰ অভিযান ৷ স্থানীয় লোকসকলেও প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷ এই ভূমিস্খলনত স্থানীয় লোকো সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’বলৈ তিনিৰ পৰা চাৰিদিন পৰ্যন্ত লাগিব পাৰে ৷ কিয়নো বহু লোক উটি যোৱাৰো আশংকা কৰা হৈছে ৷ উল্লেখ্য যে শেহতীয়াকৈ হৈ থকা প্ৰৱল বৰষুণৰ বাবেই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক: Landslide at Shimla Shiv temple: ৮ জনৰ মৃতদেহ উদ্ধাৰ, ২০ জন লোকক আৱদ্ধ হৈ থকাৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.