ETV Bharat / bharat

ৰাজধানীত ঘন কুঁৱলী, পলমকৈ চলিব 23 খন ৰে’ল - 23 trains running late

23 trains running late: মৰণফান্দলৈ পৰিণত হৈছে ঘন কুঁৱলী ৷ ভাৰতীয় ৰে’লৱেৰ অনুসৰি, প্ৰায় 23 খন ৰে’ল সময়তকৈ পলমকৈ চলিছে ৷

Dense fog grips Delhi; 23 trains running late
ৰাজধানীত ঘন কুঁৱলী, পলমকৈ চলিব 23 খন ৰে’ল
author img

By ANI

Published : Dec 31, 2023, 1:25 PM IST

নেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ : দিল্লীত ঘন কুঁৱলীৰ বাবে প্ৰায় 23 খন ৰে’ল সময়তকৈ পলমকৈ চলিছে ৷ ভাৰতীয় ৰে’লৱেৰ অনুসৰি,পুৰী-নতুন দিল্লী পুৰুষোত্তম এক্সপ্ৰেছ প্ৰায় 7 ঘণ্টা পলম হোৱাৰ বিপৰীতে হাওৰা-নতুন দিল্লী পূৰ্বা এক্সপ্ৰেছ আৰু আজমগড়-দিল্লী কাইফিয়াত এক্সপ্ৰেছ 5 ঘণ্টা পলম হৈছে ৷

ইয়াৰোপৰি প্ৰায় পাঁচখন ৰে’ল 4 ঘণ্টা পলম হৈছে যাৰ ভিতৰত আছে সহৰসা-নতুন দিল্লী বৈশালী এক্সপ্ৰেছ, এলাহাবাদ-নতুন দিল্লী প্ৰয়াগৰাজ এক্সপ্ৰেছ আৰু ৰাজেন্দ্ৰনগৰ-নতুন দিল্লী সম্পূৰণ ক্ৰান্তি ৷ শিয়ালদাহ-নতুন দিল্লী ৰাজধানী 1.45 ঘণ্টা পলমকৈ চলি আছে, পদ্মাৱত এক্সপ্ৰেছ প্ৰায় 3 ঘণ্টা পলমকৈ চলি আছে।

পুনে-নিজামুদিন দূৰন্ত 2 ঘণ্টা, ভূপাল-নিজামুদ্দিন এক্সপ্ৰেছ 6 ঘণ্টা আৰু দূৰ্গ-নিজামুদ্দিন এছ ক্ৰান্তি 3.50 ঘণ্টা পলম হৈছে। চেন্নাই-নতুন দিল্লী জিটি এক্সপ্ৰেছ প্ৰায় 6 ঘণ্টা পলম হৈছিল । ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীকে ধৰি একাধিক অঞ্চলত অতি ঘন কুঁৱলীৰ আগজাননী দিছে ৷

আইএমডিয়ে 2024 চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত তাপমাত্ৰা আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল, চফদৰজং পৰ্যৱেক্ষণালয়ে ৰাষ্ট্ৰীয় ৰাজধানীত 10 ৰ পৰা 7 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত তাপমাত্ৰা আশা কৰিছিল ৷

বতৰ বিজ্ঞান বিভাগৰ মতে, দেওবাৰৰ পৰা ৰাজধানীখনত পুনৰ ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। দেওবাৰে নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে 18 আৰু 9 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে আছে ৷ পুৱা 7 বজালৈকে, দিল্লীৰ তাপমাত্ৰা 9 ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে । আনহাতে দেওবাৰে সৰ্বাধিক তাপমাত্ৰা ১৮ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে আৰু সৰ্বনিম্ন তাপমাত্ৰা 9 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে। আৰ্দ্ৰতাৰ স্তৰ 96 শতাংশলৈকে হ'ব।

কেন্দ্ৰীয় প্ৰদূষণ আৰু নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চিচিবি) অনুসৰি, শনিবাৰৰ তুলনাত দিল্লী এনচিআৰৰ অন্যান্য চহৰত পুৱাৰ সময়ত একিউআইৰ স্তৰ সামান্য উন্নত হৈছে। দেওবাৰে পুৱা ফৰিদাবাদত 282, গুৰুগ্ৰামত 280, গাজিয়াবাদত 313, গ্ৰেটাৰ নয়ডাত 328, নয়ডাত 351 জন ৰেকৰ্ড কৰা হৈছিল। দিল্লীৰ 18 টা এলেকাত, একিউআই 400 আৰু 500-ৰ ওপৰত নথিভুক্ত কৰা হৈছে ।

লগতে পঢ়ক: নৱবৰ্ষক আদৰিবলৈ সাজু বেংগালুৰু চহৰ, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.