ETV Bharat / bharat

ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথ অৱৰোধ

এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ পৰা সহযোগিতা নোপোৱাৰ অভিযোগত ক্ষোভিত হৈ কৈলাশহাৰত ৰাজপথ অৱৰোধ কৰে স্থানীয় ৰাইজে ৷

demanding drug peddlers arrest locals blockades road
ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাজপথ অৱৰোধ কৈলাশহাৰৰ ৰাইজৰ
author img

By

Published : Mar 31, 2021, 11:41 AM IST

ত্ৰিপুৰা,31 মাৰ্চ: কৈলাশহাৰত এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ পৰা সহযোগিতা নোপোৱাৰ অভিযোগত ক্ষোভিত হৈ ৰাজপথ অৱৰোধ কৰে স্থানীয় ৰাইজে । সূত্ৰ অনুসৰি, ভগৱান নগৰৰ তিনিজন বাসিন্দা ক্ৰমে জামছেদ আলী, ছাজিদ আলী আৰু ছামেদ আলীয়ে ঘৰৰ পৰাই ড্ৰাগছ ব্যৱসায় চলাই আছে । এই বিষয়ত পূৰ্বে কেইবাবাৰো আৰক্ষীক অৱগত কৰিছিল স্থানীয় ৰাইজে ৷ অৱশ্যে, আৰক্ষীয়ে কোনো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল এই তিনিজনৰ বিৰুদ্ধে । মঙলবাৰে দুপৰীয়া স্থানীয় লোকসকলে জামছেদৰ এজন সহযোগীক হাতে-লোটে ধৰিছিল ৷ ব্যক্তিজনে ড্ৰাগছ ক্ৰয়ৰ উদ্দেশ্যে এখন চিকিৎসালয়ৰ ওচৰে-পাজৰে ঘূৰি আছিল ৷ সন্দেহজনক লোকজনক দেখি আৰক্ষীক অৱগত কৰে স্থানীয় লোকে ৷

demanding drug peddlers arrest locals blockades road
কৈলাশহাৰ-ধৰ্মনগৰ পথ

এই খবৰৰ ভিত্তিত প্ৰায় দুঘণ্টাৰ পিছত ঘটনাস্থলীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ মুণ্ডাৰ নেতৃত্বত এটি দল উপস্থিত হয় ৷ আৰক্ষী অহাৰ পূৰ্বে জামছেদ আলীৰ আত্মীয়সকলে গাঁৱবাসীক আক্ৰমণ কৰে ৷ লগতে সহযোগীজনক লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত গাঁৱবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ লগতে আৰক্ষীৰ অৱহেলাক তীব্ৰ গৰিহণা জনাই স্থানীয় ৰাইজে কৈলাশহাৰ-ধৰ্মনগৰ পথ অৱৰোধ কৰে ।

"মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰিবলৈ কাম কৰি আছে । এনে সময়তে তিনিজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে ভগৱান নগৰৰ পৰা অবৈধভাৱে ড্ৰাগছ ব্যৱসায় চলাই আছে আৰু কৈলাশহাৰ আৰক্ষীয়ে এই বিষয়ত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আছে ৷ দোষীৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাই আৰক্ষীয়ে’’ এই মন্তব্য় কৰে স্থানীয় লোকসকলে ।

ক্ষোভিত ৰাইজৰ ৰাজপথ অৱৰোধ

উল্লেখ্য যে, গাঁৱবাসীয়ে তিনি ঘণ্টাৰ বাবে ৰাজপথ অৱৰোধ কৰিছিল যদিও স্থানীয় নেতাসকলৰ হস্তক্ষেপৰ পিছত এই অৱৰোধ প্ৰত্যাহাৰ কৰে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত এনএলএফটিৰ প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.