ETV Bharat / bharat

দিল্লীত ক্ৰমে হ্ৰাস পাব ধৰিছে শীত

author img

By

Published : Feb 6, 2021, 12:47 PM IST

দিল্লীত ক্ৰমে হ্ৰাস পাব ধৰিছে শীত । শনিবাৰে নিম্নতম তাপমাত্ৰা বৃদ্ধি হোৱাত ৭.৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে তাপমাত্ৰা । আগন্তুক তিনি-চাৰিদিনৰ ভিতৰত দিল্লীবাসীয়ে প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ।

দিল্লীত ক্ৰমে হ্ৰাস পাব ধৰিছে শীত
দিল্লীত ক্ৰমে হ্ৰাস পাব ধৰিছে শীত

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী: দিল্লীত ক্ৰমে হ্ৰাস পাব ধৰিছে শীত । দিল্লীৰ নিম্নতম উষ্ণতা সামান্য বৃদ্ধি পাবলৈ ধৰিছে । শনিবাৰে নিম্নতম তাপমাত্ৰা বৃদ্ধি হোৱাত ৭.৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে তাপমাত্ৰা । আগন্তুক তিনি-চাৰিদিনৰ ভিতৰত দিল্লীবাসীয়ে প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ।

শুকুৰবাৰে চহৰখনত নিম্নতম আৰু সৰ্বাধিক তাপমাত্ৰা ৬.৮ আৰু ২৩.২ ডিগ্ৰী চেলচিয়াছ আছিল । আনহাতে বৃহস্পতিবাৰে নিম্নতম ১২.৪ ডিগ্ৰী চেলচিয়াছ, বুধবাৰে ১০.২ ডিগ্ৰী চেলচিয়াছ আৰু মংগলবাৰে ৬.২ ডিগ্ৰী চেলচিয়াছ আছিল ।

শনিবাৰে ৰাজধানী চহৰখনত চহৰখনত বায়ুৰ গুণগত সূচকৰ ২৪ ঘন্টাৰ গড় হিচাপত ৩১৬ আছিল । ইফালে প্ৰতি ঘন্টাত সৰ্বাধিক বতাহৰ গতিবেগ ১৫ কিলোমিটাৰ ।

উল্লেখ্য যে,পশ্চিম হিমালয়ৰ পৰা প্ৰবাহিত ঠাণ্ডা আৰু শুকান বতাহৰ বাবে শুকুৰবাৰে দিল্লীত হ্ৰাস পাইছিল তাপমাত্ৰা । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি,শুকুৰবাৰে দিল্লীৰ তাপমাত্ৰা হয়গৈ ৬.৮ ডিগ্ৰী চেলছিয়াছ । বৃহস্পতিবাৰে ৰাজধানী চহৰখনত বৃষ্টিপাতৰ পৰিমাণ আছিল ২.১ মিলিমিটাৰ আৰু পাহাৰীয়া অঞ্চলত তুষাৰপাতো হৈছিল ।

লগতে পঢ়ক: জে পি নাড্ডাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব কেৰালা আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.