ETV Bharat / bharat

দিল্লীত বায়ুৰ গুণগত মানদণ্ডৰ উদ্বেগজনক অৱনতি

author img

By

Published : Nov 4, 2021, 8:57 PM IST

বৰ্তমান দিল্লীৰ বায়ু প্ৰদূষণ এক চিন্তনীয় বিষয় ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে (চিপিচিবি) এই বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, যিয়ে এই প্ৰদূষিত অঞ্চলৰ দীৰ্ঘদিনীয়া সংপৰ্শলৈ আহে তেওঁৰ ''শ্বাস-প্ৰশ্বাসজনিত ৰোগ'' হ'ব পাৰে ৷ বায়ুৰ গুণগত মান সুনিশ্চিত কৰাৰ বাবে দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিভিন্ন চহৰ পৰিদর্শনৰ কামত কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ ব’র্ড(চিপিচিবি)ৰ ৫০টা দল নিয়োগ কৰিছে ।

Delhi's air quality continues to be 'very poor'
দিল্লীৰ বায়ুৰ গুণগত মানদণ্ডৰ উদ্বেগজনক অৱনতি

নেশ্বনেল ডেস্ক, 4 নৱেম্বৰ : বৃহস্পতিবাৰেও দিল্লীত বায়ু গুণমান সূচক (The Air Quality Index) 'অতি দুৰ্বল' শ্ৰেণীৰ অধীনত থাকিব ৷ Air Quality Early Warning System দিল্লীৰ আগতীয়া সতৰ্কবাণী প্ৰণালী অনুসৰি, AQI মঙলবাৰে 'অতি দুৰ্বল' শ্ৰেণীলৈ অৱনমিত হয় ।" দিল্লীত বতাহৰ গড় গতি বেগ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰতকৈ কম হোৱা পৰিলক্ষিত হৈছে । ৭ নৱেম্বৰৰ পৰা তীব্ৰ বতাহৰ সৈতে বায়ুৰ মানদণ্ড উন্নত হ'ব পাৰে বুলিও উল্লেখ কৰা হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (The India Meteorological Department ) ৬ আৰু ৭ নৱেম্বৰত তীব্ৰ বতাহ বলাৰ আগজাননী দিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (চিপিচিবি) কয় যে 301 ৰ পৰা 400 ৰ ভিতৰত একিউআই 'অতি দুৰ্বল' বুলি গণ্য কৰা হয় ৷ ই "দীঘলীয়া সংস্পৰ্শলৈ অহাৰ পিছত শ্বাস-প্ৰশ্বাসজনিত ৰোগ" সৃষ্টি কৰিব পাৰে ।

বায়ুৰ গুণগত মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালীৰ (চাফাৰ) তথ্য অনুসৰি, খেৰ জ্বলোৱাৰ ফলত বতাহৰ দিশ সলনি হোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰা দিল্লীৰ বায়ুৰ গুণগত মানদণ্ডত পিএম 2.5 প্ৰদূষকৰ স্তৰ 38 শতাংশলৈ বৃদ্ধি হ'ব ।

দেৱালীৰ নিশা আৰু শুকুৰবাৰে ৰাতিপুৱা পিএম 10 আৰু পিএম 2.5-ৰ সৰ্বোচ্চ স্তৰ 1 .m পৰা 6 .m ভিতৰত হোৱাৰ সম্ভাৱনা আছে । ইফালে, বৃহস্পতিবাৰে দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ১৫ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক তাপমাত্ৰা ২৯ ডিগ্ৰী চেলচিয়াছ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণাত আক্ৰান্ত 276 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.