নেচনেল ডেস্ক, 24 ডিচেম্বৰ: ৰাষ্ট্ৰৰ ৰাজধানী চহৰ দিল্লীত ভুৱা পৰিচয়েৰে এগৰাকী হিন্দু যুৱতীক বিয়া কৰাই পাছত ধৰ্মান্তকৰণৰ বাবে হেঁচা দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপন এগৰাকী ইছলাম ধৰ্মৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা এগৰাকী হিন্দু যুৱতীৰ ৷
চৰিতা বিহাৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি যুৱতী গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে নিজকে ৰাহুল নামৰ এগৰাকী হিন্দু ধৰ্মৰ যুৱক বুলি চিনাকী দি অভিযুক্ত যুৱকগৰাকীয়ে তেওঁক বিবাহৰ প্ৰস্তাৱ আগবঢ়ায় ৷ যুৱক গৰাকীৰ প্ৰস্তাৱত সন্মতি জনাই বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতেই যুৱতীগৰাকীক বোৰ্খা পিন্ধিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে নামাজ পঢ়িবলৈও হেঁচা প্ৰয়োগ কৰে ৷
যুৱতীগৰাকীক ধৰ্মান্তকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ উপৰিও শহুৰেকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগীৰ উকীলে অভিযুক্ত যুৱক গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ বিপক্ষে কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে ৷
যুৱক গৰাকীৰ অভিযোগ মতে চাহিব আলি নামৰ যুৱক গৰাকীয়ে তেওঁৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখি নিজকে ৰাহুল নামেৰে পৰিচয় দি বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল আৰু চাহিবৰ ভুৱা পৰিচয় সন্দৰ্ভত জ্ঞাত হোৱাৰ পাছতেই যুৱতী গৰাকীক ভীতি প্ৰদৰ্শন কৰি চাহিবে ধৰ্মান্তকৰণৰ বাবে হেঁচা দিবলৈ আৰম্ভ কৰে ৷
ভুক্তভোগীৰ উকীল অমিত ৰানাই অভিযোগ কৰে যে ভুক্তভোগীক মৃত্যুৰ ভয় দেখুৱাই অভিযুক্তই ধৰ্মান্তকৰণৰ বাবে হেঁচা দিয়ে আৰু গো মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰোৱাৰ লগতে যুৱতী গৰাকীৰ নাম পৰ্যন্ত সলনি কৰি দিয়া হয় ৷
যুৱতী গৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 376, 366, 354, 406 আৰু ধাৰা 34 ৰ আধাৰত ধৰ্ষণ, অপহৰণ আদি আভিযোগত চৰিতা বিহাৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে ৷
লগতে পঢ়ক:নিজ ইচ্ছাৰে কৰা বিবাহ, ধৰ্ম পৰিৱৰ্তনত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে !