ETV Bharat / bharat

Delhi vs Centre ordinance row : শৰদ পাৱাৰক সাক্ষাৎ কেজৰিৱালৰ - Mamata supports Kejriwal on Central ordinance

কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালে বিশেষ অভিযান আৰম্ভ কৰিছে (Arvind Kejriwal on Centre ordinance)। দেশৰ ভিন্ন প্ৰান্তলৈ গৈ বিৰোধী নেতাসকলৰ সমৰ্থন বিচাৰিছে নেতাগৰাকীয়ে । বৃহস্পতিবাৰে তেওঁ এনচিপিৰ নেতা শৰদ পাৱাৰকো সাক্ষাৎ কৰে ।

Delhi vs Centre ordinance row
কেজৰিৱালে সাক্ষাৎ কৰিব শৰদ পাৱাৰক
author img

By

Published : May 25, 2023, 2:00 PM IST

Updated : May 25, 2023, 6:18 PM IST

নেশ্যনেল ডেস্ক,২৫ মে': ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে সোচ্চাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Kejriwal urges to oppose central ordinance)। দেশৰ বিৰোধী দলসমূহৰ সমৰ্থনৰ বাবে ইতিমধ্যে কেজৰিৱালে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ অংশস্বৰূপে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে এনচিপিৰ শীৰ্ষ নেতা শৰদ পাৱাৰক সাক্ষাৎ কৰে ।

দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে মুম্বাইত উপস্থিত হোৱা কেজৰিৱালে দক্ষিণ মুম্বাইৰ ৱাই বি চৱন কেন্দ্ৰত পাৱাৰৰ সৈতে বৈঠকত মিলিত হয় (Arvind Kejriwal meet Sharad Pawar)। বৈঠকৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো উপস্থিত থাকে ।

একেটা বিষয়তে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বুধবাৰে শিৱসেনা (ইউবিটি)ৰ নেতা উদ্ধৱ ঠাকৰেকো সাক্ষাৎ কৰিছিল । ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী কেজৰিৱালে মঙলবাৰে ক’লকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰে আৰু অধ্যাদেশৰ বিৰুদ্ধে তেওঁৰ সমৰ্থন বিচাৰে ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক (Delhi chief minister Arvind Kejriwal) সমৰ্থনৰ আশ্বাস প্ৰদান কৰে মমতা বেনাৰ্জীয়ে (Mamata supports Kejriwal on Central ordinance) । লগতে তেওঁ একে আদৰ্শৰ সকলো ৰাজনৈতিক দলকে কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈও আহ্বান জনায় ।

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত আমোলাসকলৰ স্থানান্তৰ আৰু নিযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অনা অধ্যাদেশৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ পৰা সমৰ্থন বিচাৰি মঙলবাৰৰ পৰা দেশজুৰি ভ্ৰমণ আৰম্ভ কৰে । আম আদমি পাৰ্টীৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে কেন্দ্ৰই দিল্লীৰ জনসাধাৰণৰ অধিকাৰ কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে অধ্যাদেশটো ৰাজ্যসভাত গৃহীত হ'বলৈ দিয়া উচিত নহয় ।

কেন্দ্ৰীয় চৰকাৰে ১৯ মে'ত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (GNCTD) বাবে স্থানান্তৰ পোষ্টিং, সতৰ্কতা আৰু অন্যান্য আনুষঙ্গিক বিষয় সন্দৰ্ভত নিয়মাৱলী জাননী দিয়াৰ বাবে অধ্যাদেশ অনাৰ পাছতে কেজৰিৱাল ক্ষুব্ধ হৈ পৰিছে । ইফালে পূৰ্বতেই উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত দিল্লী চৰকাৰৰ পক্ষত ৰায় প্ৰদান কৰিছিল ।

লগতে পঢ়ক :Mamata Against Central Ordinance : কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে যুঁজত কেজৰিৱালক সমৰ্থন মমতাৰ

Last Updated : May 25, 2023, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.