নিউজ,31 জানুৱাৰী: দেশজুৰি ভয়াৱহ কৰ'ণা সন্ত্ৰাস শাম কটালৈ লক্ষ্য ৰাখি দেশৰ অন্যতম উল্লেখনীয় শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছে বিশেষ নিৰ্দেশনা ৷ অহা 1 ফেব্ৰুৱাৰীৰ পৰা বিশ্ববিদ্যালয় খনৰ অধীনষ্ঠ সকলো মহাবিদ্যালয়তে চুড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে পাঠদান আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কতৃপক্ষই ৷ লগতে মহাবিদ্যালয় সমূহত শিক্ষকৰ 100 শতাংশ উপস্থিতি বাধ্যতামূলক হ'ব বুলি প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰতৃপক্ষই ৷ বিশ্ববিদ্যালয় খনৰ বিভাগ সমূহৰ মুৰব্বী আৰু মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ মাজত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ সভাৰ পাছতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷
উক্ত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি কেৱল মাত্ৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবেহে মুকলি কৰা হ'ব মহাবিদ্যালয় সমূহৰ প্ৰৱেশ দ্বাৰ ৷ ছাত্ৰ ছাত্ৰী সকলে মহাবিদ্যালয় সমূহে নিৰ্ধাৰণ কৰা হিচাপতহে গ্ৰন্থাগাৰ, দক্ষতা বিকাশ কেন্দ্ৰ আদিত অংশগ্ৰহণ কৰিব পাৰিব ৷ মহাবিদ্যালয় সমূহে নিজৰ সুবিধা অনুসৰি পুৱা 9 বজাৰ পৰা বিয়লি 5:30 বজালৈ নতুবা পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰিব পাৰিব ৷
লগতে পঢ়কঃ বাজেট উত্থাপনৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ