ETV Bharat / bharat

কৰ’ণাৰ হটস্পটলৈ পৰিণত ৰাজধানী দিল্লীৰ বিদ্যালয় - চেইণ্ট ষ্টিফেনছ মহাবিদ্যালয়

দিল্লীৰ ৰাজেন্দ্ৰ নগৰৰ আৰ্য কন্যা আৱাসিক বিদ্যালয়ৰ ছয় গৰাকীতকৈও অধিক শিক্ষাৰ্থীৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকী কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে শিক্ষাৰ্থীসকলৰ দেহলৈ ভাইৰাছবিধৰ সংক্ৰমণ ঘটে ৷

Delhi school turns Corona hot spot, over half a dozen students test positive
কৰ’ণাৰ হটস্পটলৈ পৰিণত ৰাজধানী দিল্লীৰ বিদ্যালয়
author img

By

Published : Apr 5, 2021, 9:11 AM IST

নতুন দিল্লী,5 এপ্ৰিল: দেশত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ ৰাজধানী দিল্লীতো ভাইৰাছবিধত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ বিগত 24 ঘণ্টাত, 4000 নতুন আক্ৰান্তৰ কথা পোহৰলৈ আহিছে ৷ নতুনকৈ আক্ৰান্তৰ ভিতৰত 21 গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ ৰাজধানী চহৰখনৰ বিদ্যালয় কৰ্তৃপক্ষসকলে এই সন্দৰ্ভত সাৱধানতা অৱলম্বন কৰা দেখা গৈছে ৷

শিক্ষাৰ্থীসকল কোঠালৈকে সীমিত

দিল্লীৰ ৰাজেন্দ্ৰ নগৰত আছে আৰ্য কন্যা আৱাসিক বিদ্যালয় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকী কৰ’ণাত আক্ৰান্ত হৈছে ৷ লগতে কৰ’ণা পৰীক্ষা কৰা 9 গৰাকী শিক্ষাৰ্থীৰ 7 গৰাকীৰে দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷ বিদ্যালয় কৰ্তৃপক্ষই বাকী থকা শিক্ষাৰ্থীসকলক ইতিমধ্যে ঘৰলৈ পঠিয়াই দিছে ৷ তদুপৰি শিক্ষাৰ্থীসকলক কৰ’ণা পৰীক্ষা কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে ৷

চেইণ্ট ষ্টিফেনছৰ শিক্ষাৰ্থীৰ দেহত ক’ভিড 19

চেইণ্ট ষ্টিফেনছ মহাবিদ্যালয়ৰ 13 গৰাকী শিক্ষাৰ্থীৰ লগতে দুগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি ৷ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ দিল্লী প্ৰশাসনে বিদ্যালয়সমূহত অষ্টম শ্ৰেণীলৈকে পাঠদান বাতিল কৰিছে ৷ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ৰ পাঠদান বন্ধ থাকিব ৷

লগতে চাওকঃ মহাৰাষ্ট্ৰত ঘোষণা উইকেণ্ড লকডাউন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.