ETV Bharat / bharat

Home Delivery : এতিয়া ঘৰতে উপলব্ধ হ'ব সুৰা - আৱকাৰী আইন

দিল্লী চৰকাৰে সংশোধিত আবকাৰী আইনৰ অধীনত ম’বাইল এপ আৰু ৱেবছাইটৰ জৰিয়তে সুৰাৰ হোম ডেলিভাৰী(online delivery of liquor) দিয়াৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে এই ব্যৱস্থা 11 জুন তথা শুকুৰবাৰৰ পৰা কাৰ্যকৰী কৰা হৈছে ৷

Rules permitting home delivery of liquor come into force from friday
ভাল খবৰ: কাৰ্যকৰী হ'ল সুৰা হোম ডেলিভাৰী
author img

By

Published : Jun 11, 2021, 3:19 PM IST

Updated : Jun 11, 2021, 5:20 PM IST

নিউজ ডেস্ক, 11 জুন : সুৰা সেৱনকাৰী সকলৰ বাবে ভাল খবৰ ৷ এতিয়া পৰা আপুনি ঘৰতে বহি সুৰা লাভ কৰিব পাৰিব ৷ এটা বিশেষ ৱেবছাইট(Website) তথা ম'বাইল এপ (Mobile App)ৰ জৰিয়তে সুৰা হোম ডেলিভাৰী (online delivery of liquor) যোগে লাভ কৰিব আপুনি ৷ পিচে এই সুৰাৰ হোম ডেলিভাৰী ব্যৱস্থা কৰিছে দিল্লী চৰকাৰে ৷

শেহতীয়াকৈ ক'ভিড গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে সংশোধিত আৱকাৰী আইনৰ অধীনত ম’বাইল এপ আৰু ৱেবছাইটৰ জৰিয়তে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে এই ব্যৱস্থা 11 জুন তথা শুকুৰবাৰৰ পৰা কাৰ্যকৰী কৰা হৈছে ৷

দিল্লী চৰকাৰৰ বিত্তীয় বিভাগৰ নিৰ্দেশনা অনুসৰি নিয়মসমূহৰ 21 টা সংশোধনীৰ 18 টা সংশোধনী 11 জুনৰ পৰা কাৰ্যকৰী কৰা হৈছে ৷ মন কৰিবলগীয়া যে দিল্লীৰ চৰকাৰে ম’বাইল এপ তথা ৱেবছাইটৰ জৰিয়তে সুৰা হোম ডেলিভাৰী (online delivery of liquor) ৰ ব্যৱস্থা শুকুৰবাৰৰ পৰা কাৰ্যকৰী কৰিছে যদিও আবকাৰী বিভাগে এতিয়াও L-13 অনুজ্ঞাপত্ৰ প্ৰদান তথা অনুমোদন কৰা নাই ৷

উল্লেখ্য যে, দিল্লী চৰকাৰে সুৰা হোম ডেলিভাৰী (online delivery of liquor) ৰ ব্যৱস্থা কৰিছে যদিও সুৰা হোম ডেলিভাৰী দিয়া গৰাকীৰ L-13 অনুজ্ঞাপত্ৰ( L 13 licence) থাকিব লাগিব ৷ ইফালে সামাজিক অনু্ষ্ঠান, হোষ্টেল আৰু কাৰ্যালয়ত সুৰা হোম ডেলিভাৰী দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লী প্ৰশাসনে ৷

ইয়াৰ লগতে এই ক্ষেত্ৰত অনুজ্ঞাপত্ৰ লাভ কৰা লোকজনে কোনো চৌহদত সুৰা সেৱন কৰাৰ বাবে সুৰা বিক্ৰী কৰিব নোৱাৰিব ৷ ইফালে নতুন আবকাৰী নীতিৰ অধীনত, সুৰা সেৱনকাৰীৰ বয়স 25 ৰ পৰা 21 লৈ হ্ৰাস কৰা হৈছে ৷ এই সিদ্ধান্তক দিল্লী কেবিনেটে চলিত বৰ্ষৰ মাৰ্চত অনুমোদন জনাইছিল ৷

ক'ভিডৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ ভাৱে প্ৰভাৱিত কৰিলে দেশৰ ৰাজধানী দিল্লীক ৷ এই ভয়াৱহতাৰ বাবে দিল্লী চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা ৰাজধানী চহৰ খনত জাৰি কৰা হ'ল সম্পূৰ্ণ লক ডাউন ৷ ইয়াৰ লগে লগে চহৰখনত স্তব্ধ হৈ পৰিল শিক্ষা, ব্যৱসায়-প্ৰতিষ্ঠানৰ লগতে অন্যান্য ক্ষেত্ৰ সমূহ ৷

ইফালে ৰাজধানী চহৰখনত ক'ভিডে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতি নিমূল কৰাৰ উদ্দেশ্যে ভেকচিন প্ৰদান, সামাজিক দূৰত্ব বজাই ৰখা আদিকে ধৰি ক'ভিড প্ৰট'কল পালনৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল দিল্লী চৰকাৰ তথা প্ৰশাসনে ৷ শেহতীয়াকৈ চহৰখনৰ ক'ভিড পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি জাৰি হৈ থকা লক ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে দিল্লী চৰকাৰ তথা প্ৰশাসনে ৷

লগতে পঢ়ক: অসম আৰক্ষীক সকীয়নি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

Last Updated : Jun 11, 2021, 5:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.