ETV Bharat / bharat

INX মিডিয়া গোচৰ : দিল্লীৰ আদালতত পিটাৰ মুখাৰ্জীৰ জামিন আবেদনৰ শুনানি

শনিবাৰে INX মিডিয়া গোচৰৰ অন্যতম অভিযুক্ত পিটাৰ মুখাৰ্জীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টে ৷

author img

By

Published : Sep 18, 2021, 9:31 AM IST

Delhi Rouse Avenue Court will Hear INX Media deal case accused Peter Mukerjea bail plea today
INX মিডিয়া গোচৰ: দিল্লীৰ আদালতে শুনানি গ্ৰহণ কৰিব পিটাৰ মুখাৰ্জীৰ জামিন আবেদনৰ

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ : শনিবাৰে দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টে INX মিডিয়া গোচৰত অভিযুক্ত পিটাৰ মুখাৰ্জীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ বিশেষ ন্যায়াধীশ এম কে নাগপালে শুনানি গ্ৰহণ কৰিব এই আবেদনৰ ৷ যোৱা 23 আগষ্টত শুনানিৰ সময়ত পি চিদাম্বৰম আৰু পুত্ৰ কাৰ্তি চিদাম্বৰমৰ লগতে আন্যান্য অভিযুক্তসকল ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অংশগ্ৰহণ কৰিছিল ৷

24 জুলাইত পি চিদাম্বৰম আৰু পুত্ৰ কাৰ্তি চিদাম্বৰমক এই গোচৰৰ সৈতে জড়িত নথি-পত্ৰ প্ৰতিলিপি আদালতত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ যোৱা 24 মাৰ্চত আদালতে ED ৰ দ্বাৰা দাখিল কৰা চাৰ্জশ্বীটৰ ওপৰত গুৰুত্ব আৰোপ কৰি আটাইকেইগৰাকী অভিযুক্তলৈ চমন জাৰি কৰিছিল ৷ আদালতে মানি লণ্ডাৰিং আইনৰ ধাৰা 3 আৰু 70 ৰ অধীনত চাৰ্জশ্বীটৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত চিবিআয়ে 15 মাৰ্চ 2017 চনত এফ আই আৰ দাখিল কৰিছিল ৷ ইয়াৰ পিছত ED য়ে 18 মে’ 2017 ত এফ আই আৰ দাখিল কৰিছিল ৷

চিবিআয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 120(b), 420 আৰু দুৰ্নীতি নিবাৰণ আইনৰ ধাৰা 8, 12(2) আৰু 13(1)(D) ৰ অধীনত গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰত নাম উল্লেখ কৰা হৈছিল INX মিডিয়াৰ নিৰ্দেশক ইন্দ্ৰানী মুখাৰ্জী আৰু চীফ অপাৰেটিং অফিচাৰ পীটাৰ মুখাৰ্জীৰ ৷ কীৰ্তি চিদাম্বৰমৰ ওপৰত অভিযোগ উত্থাপন হৈছিল যে তেওঁ বিদেশী বিনিয়োগ প্ৰচাৰ ব’ৰ্ডৰ দ্বাৰ অনুমতি প্ৰদানৰ বাবে INX মিডিয়াৰ দ্বাৰা ধন লৈছিল ৷

লগতে পঢ়ক : তিনি বিতৰ্কিত কৃষি আইনৰ তিনি বছৰ : AAP আৰু SADৰ উদ্যোগত ক'লা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.