ETV Bharat / bharat

বুল্লী বাই আৰু চুল্লী ডিলছ গোচৰৰ অভিযোগনামা দাখিল - দিল্লীৰ স্থানীয় আদালতত ৪ মাৰ্চত দাখিল অভিযোগনামা

দিল্লী আৰক্ষীয়ে "বুল্লী বাই" আৰু "চুল্লী ডিলছ" গোচৰ সম্পৰ্কে বিতং অভিযোগনামা (Bulli Bai and Sulli Deals case chargesheets) দাখিল কৰে । দিল্লীৰ স্থানীয় আদালতত ৪ মাৰ্চত দাখিল কৰা হয় অভিযোগনামা । বুল্লী বাই গোচৰৰ অভিযোগনামা আছিল ২,০০০ পৃষ্ঠাৰ আৰু চুল্লী ডিলছ গোচৰৰ অভিযোগনামা আছিল ৭০০ পৃষ্ঠাৰ ।

delhi-police-file-chargesheets-in-bulli-bai-sulli-deals-cases
বুল্লী বাই আৰু চুল্লী ডিলছ গোচৰৰ অভিযোগনামা দাখিল
author img

By

Published : Mar 9, 2022, 11:02 AM IST

নেশ্যনেল ডেস্ক, ৯ মাৰ্চ : "বুল্লী বাই"(Bulli Bai case) আৰু "চুল্লী ডিলছ"(Sulli Deals case) গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে বিতং অভিযোগনামা দাখিল কৰিছে । সূত্ৰৰ মতে, দিল্লীৰ স্থানীয় আদালতত ৪ মাৰ্চত বুল্লী বাই গোচৰত ২,০০০ পৃষ্ঠা আৰু চুল্লী ডিলছ গোচৰত ৭০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে ।

উল্লেখ্য যে চুল্লী ডিলছ গোচৰ সম্পৰ্কে দিল্লী আৰক্ষীৰ চাইবাৰ অপৰাধ গোটে ৮ জুলাইত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪-এ (যৌন নিৰ্যাতন আৰু যৌন নিৰ্যাতনৰ বাবে শাস্তি) ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল ।

অৱশ্যে অভিযোগনামাত ধাৰা ১৫৩ এ, ১৫৩ বি আৰু ৩৫৪ এ(৩) ধাৰাৰ অধীনত দাখিল কৰা হৈছে । আনহাতে বুল্লী বাই গোচৰটোত, অভিযুক্ত নীৰজ বিষ্ণৈৰ বিৰুদ্ধে ধাৰা ১৫৩এ, ১৫৩ বি,৩৫৪ এ আৰু ৫০৯ ধাৰাৰ অধীনত দাখিল কৰা হৈছে । দিল্লী আৰক্ষীৰ বিশেষ কোষৰ ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনচ (IFSO) গোটৰ দ্বাৰা গোচৰ দুটাৰ তদন্ত চলি আছিল ।

উল্লেখ্য যে, দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই এপটো ইতিমধ্যে চৰকাৰে বন্ধ কৰিছে । এই এপটোৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ বিভিন্ন মহিলা তথা বিশিষ্ট মহিলা সমাজকৰ্মী, সাংবাদিকসকলৰ ফটো আপলোড কৰি সম্মান হানি কৰাৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল ।

এই সন্দৰ্ভত দেশৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল । চুল্লী ডিলছ এপৰ জৰিয়তেও অনুৰূপ অপৰাধ সংঘটিত কৰা হৈছিল । দিল্লীৰ এগৰাকী মহিলা সাংবাদিকে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছতে এই ঘটনা ৰহস্য পোহৰলৈ আহিছিল ।

বুল্লী বাই গোচৰৰ মূল অভিযুক্ত নীৰজ বিষ্ণৈক ৬ জানুৱাৰীত অসমৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে চুল্লী ডিলছ এপটোৰ নিৰ্মাতা ঔমকাৰেশ্বৰ ঠাকুৰক ৮ জানুৱাৰীত মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক : Bulli Bai case : কিয় ব্যৱহাৰ কৰিছিল এই এপ, ক’লে নীৰজে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.