নিউজ ডেস্ক, ১৭ জানুৱাৰী: ৭২ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী । সমগ্ৰ দেশতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্য়াহত আছে । দেশৰ সেনা, অৰ্ধ সামৰিক বাহিনী, আৰক্ষী, ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে সাজু হৈ উঠিছে । বিগত বছৰ সমূহৰ দৰে এইবাৰো ৰাজধানী দিল্লীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গণৰাজ্য দিৱস । তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ আৰক্ষী আয়ুক্ত এচ এন শ্ৰীবাস্তৱে শনিবাৰে দিল্লীৰ গণৰাজ্য দিৱস সমাৰোহৰ সুৰক্ষা দিশৰ সকলোখিনি দিশ পৰ্যবেক্ষণ কৰে ।
এইবাৰ গণৰাজ্য দিৱসত এন ডি পি এচ সমস্য়া, চুৰি-চক্ৰ, মহিলাৰ বিৰুদ্ধে অপৰাধ আদিৰে জৰিত অপৰাধীসকলৰ উপৰিও সন্ত্ৰাসবাদবিৰোধী ব্যৱস্থা গ্ৰহণ কৰি নিৰাপত্তা ব্যৱস্থাৰ দিশটো অধিক কটকটীয়া কৰি তুলিছে ।
শনিবাৰে এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন ব্যৱস্থাৰ বিশেষ আৰক্ষী আয়ুক্তৰ লগতে অনুসন্ধানকাৰী বিষয়া সকলো উপস্থিত থাকি এক বৈঠকত মিলিত হয় ।
লগতে পঢ়ক:আইজল অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীক COIVD-১৯ৰ প্ৰতিষেধক প্ৰদান