ETV Bharat / bharat

Delhi Liquor Scam : মণীষ ছিছোডিয়াৰ জামিন আবেদনত আজি বিতৰ্ক

প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) পঞ্জীয়ন কৰা দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত আম আদমী পাৰ্টীৰ নেতা মণীষ ছিছোডিয়াৰ জামিন আবেদন সন্দৰ্ভত বুধবাৰে বিতৰ্ক হ'ব (Debate on Manish Sisodias bail plea) । অনুমান কৰা হৈছে যে ইডিয়ে ছিছোডিয়াৰ বিৰুদ্ধে বহুতো প্ৰমাণ দাখিল কৰিব পাৰে ।

author img

By

Published : Apr 12, 2023, 3:25 PM IST

Updated : Apr 12, 2023, 3:37 PM IST

Delhi Liquor Scam
মণীষ ছিছোডিয়াৰ জামিন আবেদনত আজি বিতৰ্ক

নিউজ ডেস্ক, ১২ এপ্ৰিল : দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰ (Delhi Liquor Scam) সন্দৰ্ভ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ জামিন আবেদন সন্দৰ্ভত বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে দাখিল কৰা গোচৰত বিতৰ্ক হ'ব (Debate on Manish Sisodias bail plea) । লগতে সুৰা ব্যৱসায়ীসকলক লাভান্বিত কৰাৰ বিনিময়ত ১০০ কোটি টকাৰ উৎকোচ দিয়াৰ তথাকথিত ইডিৰ গোচৰৰ সৈতে ছিছোডিয়া জড়িত থকাৰ অধিক প্ৰমাণ উপস্থাপন কৰাৰ সম্ভাৱনা আছে (ED case on Manish Sisodia against Delhi Liquor Scam) ।

উল্লেখ্য যে, এই প্ৰমাণবোৰ দাখিল কৰাৰ পিচত ছিছোডিয়াৰ সমস্যা বৃদ্ধি হ'ব পাৰে । ফলত তেওঁৰ জামিন আবেদন নাকচ হোৱাৰ সকলো সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে ৫ এপ্ৰিলত ছিছোডিয়াৰ জামিন আবেদন সন্দৰ্ভত তৰ্ক-বিতৰ্কৰ সময়ত চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে ছিছোডিয়াৰ ন্যায়িক জিম্মা এসপ্তাহলৈ বৃদ্ধি কৰিছিল আৰু ইডিৰ পৰামৰ্শদাতা জোহেব হুছেইনৰ ক্ষেত্ৰত অধিক প্ৰমাণ দাখিল কৰিবলৈ সময় বিচাৰি শুনানি ১২ এপ্ৰিললৈ স্থগিত ৰাখিছিল । 5 এপ্ৰিলত দিল্লী আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজতে মণীষ ছিছোডিয়াক দুপৰীয়া 2 বজাত ৰৌজ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছিল ।

ছিছোডিয়াৰ হৈ অধিবক্তা বিবেক জৈনে জামিন আবেদনৰ সপক্ষে বিভিন্ন যুক্তি দিয়ে । জৈনে কয় যে, আবকাৰী কেলেংকাৰীৰ এটা টকাও মণীষ ছিছোডিয়া বা তেওঁৰ পৰিয়ালৰ হিচাপলৈ অহা নাই । ইডিয়ে (Enforcement Directorate) তেওঁৰ ঘৰত অভিযান চলাইছে আৰু বেংক একাউণ্টৰো তদন্ত কৰিছে । তেওঁলোকে তেওঁৰ জন্ম হোৱা গাঁৱলৈও গৈছিল । যিমান দূৰলৈকে ধন আত্মসাতৰ অপৰাধৰ কথা, এই ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ নাই । ছিছোডিয়াৰ পৰামৰ্শদাতাই আৰু কয় যে, ছিছোডিয়াৰ জামিনৰ বিৰোধিতা কৰি দিয়া ইডিৰ উত্তৰে এইটো নেদেখুৱায় যে তেওঁ অপৰাধৰ কোনো কাৰ্য গোপন কৰিছে বা অপৰাধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰিছে ।

ইয়াৰ পিছত ইডিৰ অধিবক্তা জোহাইব হুছেইনে তেওঁৰ যুক্তি প্ৰদান কৰে আৰু কয় যে, অপৰাধৰ দ্বাৰা উপাৰ্জন কৰা ধন আত্মসাতৰ অপৰাধৰ সৈতে জড়িত অপৰাধবোৰৰ ভিতৰত এটা । হুছেইনে আৰু কয় যে, বহু লোকে নিশ্চিত কৰিছে যে ফল ভোগ কৰিবলৈয়ে লাভৰ মাৰ্জিন ১২ শতাংশলৈ বৃদ্ধি কৰা হৈছিল । আমি কিছুমান নতুন প্ৰমাণ সংগ্ৰহ কৰি আছোঁ । কিছুমান গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা গৈছে, যিবোৰ এতিয়াও অনুসন্ধান কৰি থকা হৈছে ।

লগতে পঢ়ক :Modi surname case : মোডী উপাধি গোচৰত আজি পাটনা আদালতত ৰাহুল গান্ধী

Last Updated : Apr 12, 2023, 3:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.