ETV Bharat / bharat

Delhi High Court : মাৰ পিটৰ গোচৰত শাস্তি হিচাবে 200 গছপুলি ৰোপনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Jul 30, 2023, 1:41 PM IST

2017 চনৰ 4 মাৰ্চত পঞ্জীয়ন হোৱা এক মাৰপিটৰ ঘটনাৰ গোচৰত ছবছৰৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে এক ব্যতিক্ৰমী শাস্তি প্ৰদান কৰিছে ৷ উচ্চ ন্যায়ালয়ে দুয়োপক্ষকে নিজৰ নিজৰ অঞ্চলত 200 টাকৈ গছপুলি ৰোপন কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে তেওঁলোকে নিজৰ ভিতৰৰ নেতিবাচকতা দূৰ কৰিব পাৰে ৷

Delhi High Court Orders
মাৰপিটৰ ঘটনাৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ অনন্য শাস্তি প্ৰদান

নিউজ ডেস্ক, 30 জুলাই : বৰ্ষা কাল চলি থকাৰ মাজতেই ৰাজধানী দিল্লীৰ বিভিন্ন বিভাগে বৃক্ষ ৰোপণৰ কাম কৰি আছে ৷ সামাজিক সংগঠনসমূহেও ৰাজধানীখন সেউজীয়া কৰি তুলিবলৈ উদ্যোগ গ্ৰহণ কৰিছে ৷ ইয়াৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়েও ৰাজধানীখনত সেউজীয়া বৃদ্ধি কৰিবলৈ এক অনন্য সিদ্ধান্ত লৈছে ৷ দৰাচলতে দিল্লী উচ্চ ন্যায়ালয়ে এক মাৰপিটৰ ঘটনাৰ গোচৰত শাস্তি হিচাপে ৰাজধানীত দুয়োপক্ষক 200 কৈ গছপুলি ৰোপণ কৰাৰ বাবে নিৰ্দেশ দিছে ৷ ইয়াৰ পিছতে গোচৰটো খাৰিজ কৰা হয় ৷

ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাৰ আদালতে দুয়োপক্ষক নিজ নিজ অঞ্চলত 200 টাকৈ গছপুলি ৰোপণ কৰি 5 বছৰলৈ যত্ন ল’বলৈ কয় ৷ আদালতে কয় যে, এনেদৰে দুয়োপক্ষই নিজৰ ভিতৰত থকা নেতিবাচকতা দূৰ কৰি ইতিবাচক চিন্তাৰ দিশত উদ্যোগ ল’ব পাৰিব ৷ আচলতে এই ঘটনা 2017 চনৰ 4 মাৰ্চৰ ৷ এটা পশ্ৰক্ষৰ তিনিজন ব্যক্তিয়ে আনটো পক্ষৰ ঘৰলৈ আহি কম্বল দিয়াৰ ল’বলৈ পৰিচয় পত্ৰ বিচাৰিছিল ৷

এই কম্বল এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ তৰফৰ পৰা দিয়াৰ কথা আছিল ৷ এই কথাক লৈয়ে দুয়োপক্ষৰ তৰ্কত লিপ্ত হৈছিল আৰু ইয়াৰ পাছতে কাজিয়া সূত্ৰপাত হৈছিল ৷ দুয়োপক্ষই ইজনে সিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ অৱশ্যে দুয়োটা পক্ষই আদালতক অৱগত কৰে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁলোকে কোনো ধৰণৰ বল প্ৰয়োগ নকৰাকৈয়ে স্বেচ্ছাই এই বিষয়টো নিষ্পত্তি কৰিছে ৷

আদালতে কয় যে, গোচৰৰ তদন্তকাৰী বিষয়াই উদ্যান শস্য বিভাগৰ পৰামৰ্শ গ্ৰহণ কৰি গছ পুলি ৰোপণৰ বাবে স্থান চিনাক্ত কৰি 15 দিন আগতীয়াকৈ দুয়োপক্ষক অৱগত কৰিব ৷ লগতে গছপুলি সমূহৰ সঠিক যত্ন লবৰ বাবে ইয়াৰ জিঅ’-টেগিং কৰাৰ সম্ভাৱনাও অন্বেষণ কৰিবলৈ কয় ৷

লগতে পঢ়ক : PM Modi meets Murli Manohar Joshi : জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.