ETV Bharat / bharat

Delhi High Court grants interim bail to Kuldeep Singh Sengar : ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত প্ৰাক্তন বিজেপি বিধায়কলৈ জামিন প্ৰদান

দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে কুলদীপ সিং চেংগাৰৰ জামিন (Delhi High Court grants interim bail to expelled BJP MLA Kuldeep Singh Sengar)। কন্যাৰ বিয়াত উপস্থিত থাকিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা জামিন বিচাৰিছে চেংগাৰে ৷

author img

By

Published : Jan 16, 2023, 9:21 PM IST

Delhi High Court grants interim bail to Kuldeep Singh Sengar
প্ৰাক্তন বিজেপি বিধায়কলৈ জামিন প্ৰদান

নেশ্যনেল ডেস্ক, ১৬ জানুৱাৰী : ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত বিজেপিৰ প্ৰাক্তন বিধায়কক জামিন ৷ নাবালিকা ধৰ্ষণৰ গোচৰত শাস্তি ভুগি থকা বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰক দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে সকাহ (Delhi High Court grants interim bail to expelled BJP MLA Kuldeep Singh Sengar)। বিজেপিৰ বহিষ্কৃত বিধায়ক কুলদীপ সিং চেংগাৰক আদালতে মঞ্জুৰ কৰিছে অন্তৱৰ্তীকালীন জামিন । কন্যাৰ বিয়াৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।

আদালতত কুলদীপ চেংগাৰৰ হৈ অধিবক্তাই যুক্তি দৰ্শায় কয় যে কুলদীপ চেংগাৰৰ কন্যাৰ বিবাহ ৮ ফেব্ৰুৱাৰীত । ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বিবাহ অনুষ্ঠান । সেয়ে কন্যাৰ বিয়াত উপস্থিত থাকিবৰ বাবে আদালতৰ পৰা দুমাহৰ বাবে জামিন বিচাৰিছে ধৰ্ষণৰ গোচৰত শাস্তি ভুগি থকা বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে । উল্লেখ্য যে, ২০১৭ চনত কুলদীপ চেংগাৰৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই গোচৰত চেংগাৰক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে শাস্তি বিহা হৈছে (Life time imprisonment to BJP MLA Kuldeep Singh Sengar) ।

ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু তালৱন্ত সিঙৰ বিভাগীয় বিচাৰপীঠে বিষয়টো ২২ ডিচেম্বৰত শুনানিৰ বাবে আন এখন বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । ৮ ফেব্ৰুৱাৰীৰ দিনা কন্যাৰ বিয়াত উপস্থিত থাকিবলৈ চেংগাৰে দুমাহৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত আবেদন জনাইছিল । তেওঁৰ অধিবক্তাই আদালতত ১৮ জানুৱাৰীৰ পৰা বিয়াৰ অনুষ্ঠান আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ।

আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উন্নাও ধৰ্ষণ গোচৰৰ বিচাৰ চেংগাৰৰ আবেদনৰ ভিত্তিত ইতিমধ্যে উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । ২০১৯ চনৰ ১৬ ডিচেম্বৰত ট্ৰায়েল আদালতে দিয়া ৰায়দান বাতিল কৰিবলৈ বিচাৰিছে চেংগাৰে । ২০ ডিচেম্বৰ, ২০১৯ৰ উক্ত আদেশ বাতিল কৰিবৰ বাবে আদালতত আবেদন জনাইছিল ৷ ইয়াৰ পাছতে চেংগাৰক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে উন্নাওৰ পৰা দিল্লীলৈ বদলি কৰাৰ পিছতে ২০১৯ চনৰ ৫ আগষ্টৰ পৰা আৰম্ভ হোৱা এই বিচাৰ প্ৰক্ৰিয়াটো দৈনিক ভিত্তিত চলিছিল । ধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীয়ে তদানীন্তন মুখ্য ন্যায়াধীশলৈ লিখা পত্ৰখনৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ১ আগষ্টত উন্নাও গোচৰৰ সৈতে জড়িত ৫টা গোচৰ লক্ষ্ণৌ আদালতৰ পৰা দিল্লী আদালতলৈ হস্তান্তৰ কৰিছিল ।

লগতে পঢ়ক : Every person Has Baba or Babu : এখন গাঁৱত আছে বাবা আৰু বাবু; ক’ত আছে এই গাঁওখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.