ETV Bharat / bharat

ক'ভিডত আক্ৰান্ত নোহোৱা ৰোগীৰ বাবে দিল্লী চৰকাৰৰ বিশেষ সিদ্ধান্ত

author img

By

Published : Apr 15, 2021, 10:42 AM IST

দিল্লী চৰকাৰে ক'ভিডৰ বাবে নতুনকৈ ঘোষণা কৰা বিশেষ কেইখনমান ব্যক্তিগত চিকিৎসালয়ত ক'ভিডত আক্ৰান্ত নোহোৱা ৰোগীৰ বাবে বিচনা সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৷ হাস্পতাল কেইখনৰ 4,437 খন বিচনাৰ ভিতৰত 3,553 খন বিচনা ক’ভিডৰ বাবে সংৰক্ষণ কৰা হৈছে ৷

ক'ভিডত আক্ৰান্ত নোহোৱা ৰোগীৰ বাবে দিল্লী চৰকাৰৰ বিশেষ সিদ্ধান্ত
ক'ভিডত আক্ৰান্ত নোহোৱা ৰোগীৰ বাবে দিল্লী চৰকাৰৰ বিশেষ সিদ্ধান্ত

নিউজ ডেস্ক, 15 এপ্ৰিল : দিল্লী চৰকাৰে ক'ভিডৰ বাবে নতুনকৈ 14 খন ব্যক্তিগত চিকিৎসালয়ৰ কথা ঘোষণা কৰা পাচতে ইয়াৰে বিশেষ কেইখনমান চিকিৎসালয়ত ক'ৰণা আক্ৰান্ত নোহোৱা ৰোগীসকলৰ বাবে বিচনা ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে ৷ ইয়াৰ ভিতৰত আছে সৰিতা বিহাৰৰ ইন্দ্ৰপ্ৰস্থ এপ'ল চিকিৎসালয়, ছাৰ গংগা ৰাম হাস্পতাল, পবিত্ৰ পাৰিবাৰিক চিকিৎসালয়, মেক্স এছ এছ চিকিৎসালয় আৰু শালিমাৰ বাগৰ ফৰ্টিছ হাস্পতাল ৷

উল্লেখ্য যে, দিল্লী চৰকাৰে এই হাস্পতাল কেইখন সম্পূৰ্ণৰূপে ক'ভিডৰ বাবে সংৰক্ষিত বুলি ঘোষণা কৰিছিল ৷ কিন্তু বুধবাৰে এক নতুন নিৰ্দেশ জাৰি কৰে দিল্লী চৰকাৰে ৷ হাস্পতাল কেইখনৰ প্ৰতিনিধিৰ সৈতে হোৱা এক বৈঠকত দিল্লীৰ স্বাস্থ্য মন্ত্ৰীয়ে কয়, হাস্পতাল কেইখনৰ 4,437 খন বিচনাৰ ভিতৰত 3,553 খন বিচনা ক’ভিডৰ বাবে সংৰক্ষণ কৰা হৈছে ৷

দিল্লী চৰকাৰৰ সিদ্ধান্তত আদৰণি জনাই ছাৰ গংগা ৰাম চিকিৎসালয়ৰ এজন জ্যেষ্ঠ বিষয়াই ৷ তেওঁ কয়, চিকিৎসালয়খন কভিড-১৯ বিৰোধী যুঁজৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। দিল্লী স্বাস্থ্য বিভাগে শেহতীয়াকৈ লোৱা সিদ্ধান্তই কভিডত আক্ৰান্ত নোহোৱা ৰোগী সকলক উপকৃত কৰিব বুলি কয় বিষয়া জনে ৷ দিল্লীত নতুনকৈ ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা 17,282 জনৰ বিপৰীতে ক'ৰণা মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 104 জন ৷

লগতে পঢ়ক:ক’ভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.