নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল: দেশত কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে মহামাৰীকলৈ গাফিলতি কৰাৰ অভিযোগত চাৰিটাকৈ বিমান সেৱাৰ বিৰুদ্ধে গোচৰ ৰুজু । দিল্লী চৰকাৰৰ এক সূত্ৰই জানিবলৈ দিয়া মতে মহাৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীসকলৰ আৰটিপিচিআৰ পৰীক্ষাৰ প্ৰতিবেদন পৰীক্ষা কৰাত ব্যৰ্থ হোৱাৰ বাবে চাৰিটাকৈ বিমান সেৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । সূত্ৰটোৱে জনোৱা মতে এই গোচৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত দাখিল কৰা হৈছে ।
দিল্লী চৰকাৰে যোৱা সপ্তাহত ঘোষণা কৰিছিল যে মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ যাত্ৰা কৰা যিকোনো ব্যক্তিয়ে আগমনৰ ৭২ ঘণ্টা আগতে নিগেটিভ আৰটিপিচিআৰ প্ৰতিবেদন দেখুওৱাতো বাধ্যতামূলক । অন্যথা যাত্ৰীসকলক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ'ব । চহৰখনত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছিল ।
চৰকাৰে চহৰখনৰ দুখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে । সূত্ৰৰ মতে হাস্পতাল কেইখনে বিশেষ এপত ৰোগীৰ বিচনা উপলব্ধ হোৱাৰ বিষয়ে ভূৱা তথ্য প্ৰদান কৰিছিল । মুখ্যমন্ত্ৰী কেজৰিৱালে শনিবাৰে চিকিৎসালয় সমূহক কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী কৰিছিল ৷
লগতে পঢ়ক: মধ্য প্ৰদেশত অক্সিজেনৰ অভাৱত মৃত্যু ১২ গৰাকী ক'ভিড ৰোগীৰ