নেশ্যনেল ডেস্ক,১১ এপ্ৰিল: দিল্লীত কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে মাজনিশাৰ পৰা প্ৰশাসনে নতুন নীতি-নিৰ্দেশনা জাৰি কৰে ৷ ৰাজধানী চহৰখনত পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে সকলো সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, সাংস্কৃতিক আৰু ধৰ্মীয় সমাৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে । অৱশ্যে দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এক নিৰ্দেশনা জাৰি কৰি দিল্লীৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়, মহাবিদ্যালয়, শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ৩০ এপ্ৰিললৈকে বন্ধ থাকিব বুলি ঘোষণা কৰে ৷ অৱশ্যে নৱম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলক বিদ্যালয়লৈ যাবলৈ অনুমতি দিয়া হৈছে । ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়ত উপস্থিত থকাৰ ক্ষেত্ৰত অভিভাৱকৰ সন্মতি থকাৰ লগতে শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা জাৰি কৰা নিৰ্ধাৰিত মানক সঞ্চালন প্ৰক্ৰিয়া অনুসৰণ কৰা হ'ব ৷
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণত থকা খেলুৱৈসকলৰ বাহিৰে সকলো চুইমিং পুল বন্ধ কৰা হ'ব । অন্ত্যেষ্টিক্ৰিয়াতো কেৱল ২০ জন ব্যক্তিক অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া হ'ব ৷ আনহাতে বিবাহ অনুষ্ঠানত ৫০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব । ৰেষ্টুৰেণ্ট আৰু বাৰসমূহতো 50 শতাংশ আসনৰ অনুমতি দিয়া হয় বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।
![দিল্লীত কৰণা সংক্ৰমণৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11348092_dsfkjsd.png)
দিল্লীৰ মেট্ৰ' ৰেল, ডিটিচি আৰু ক্লাষ্টাৰ বাছবোৰতো ৫০ শতাংশ যাত্ৰীয়ে যাতায়ত কৰিব পাৰিব । ষ্টেডিয়ামসমূহতো দৰ্শকৰ অবিহনে ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিব পাৰিব ৷ চিনেমা হল, থিয়েটাৰ, মাল্টিপ্লেক্সতো আসনৰ সুবিধা 50 শতাংশলৈকে হ্ৰাস কৰা হৈছে ৷ ইয়াৰ উপৰি দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয়ত 50 শতাংশ কৰ্মচাৰীৰ উপস্থিতি নিৰ্ধাৰণ কৰা হৈছে ৷
গ্ৰেড-1 বিষয়াৰ বাহিৰে বাকী কৰ্মচাৰীসকলে ঘৰৰ পৰা কাম কৰিব পাৰিব ৷ অৱশ্যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা প্ৰতিষ্ঠান, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, জিলা প্ৰশাসন, দৰমহা আৰু একাউণ্ট কাৰ্যালয়, বিদ্যুৎ, পানী আৰু অনাময়, দুৰ্যোগ ব্যৱস্থাপনা আৰু পৌৰ সেৱাসমূহে কোনো প্ৰতিবন্ধকতা অবিহনে কাম কৰিব পাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।
মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ বিমানেৰে অহা লোকসকলৰ বাবে 72 ঘণ্টাৰ পূৰ্বৰ আৰটিপিচিআৰ পৰীক্ষাৰ ৰিপ’ৰ্ট লগত ৰখাটো বাধ্যতামূলক । তদুপৰি নেতিবাচক ক’ভিড পৰীক্ষণ কৰা লোকসকলে 14 দিন কোৱাৰেণ্টাইনত থাকিব লাগিব ৷
লগতে পঢ়ক : উত্তৰ প্ৰদেশত ধৰ্মীয়স্থানত একেলগে ৫ জনতকৈ অধিক লোকৰ প্ৰৱেশ নিষিদ্ধ