ETV Bharat / bharat

লণ্ডনৰ পৰা দিল্লীলৈ অহা ৫ গৰাকীৰ COVID-19 পজিটিভ

author img

By

Published : Dec 22, 2020, 7:27 PM IST

লণ্ডনৰ পৰা দিল্লীলৈ অহা এখন বিমানৰ মুঠ ২৬৬ জন যাত্ৰীৰ ভিতৰত ৫ গৰাকীৰ COVID-19 পজিটিভ । এন চি ডি চিলৈ প্ৰেৰণ এইসকল লোকক ।

এন চি ডি চিলৈ প্ৰেৰণ  এইসকল লোকক
Five flyers from UK test COVID positive

নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: কৰ'ণা ভাইৰাছৰ নতুন ৰূপ ধাৰণ কৰা সময়তে যোৱা নিশা লণ্ডনৰ পৰা দিল্লীলৈ অহা এখন বিমানৰ মুঠ ২৬৬ জন যাত্ৰীৰ ভিতৰত ৫ গৰাকীৰ COVID-19 পজিটিভ ধৰা পৰে । এই কথা মংগলবাৰে এগৰাকী বিমানবন্দৰৰ অধিকাৰীয়ে জনায় । COVID নডেল বিষয়াই জনোৱা অনুসৰি আক্ৰান্ত ৫ গৰাকীৰ সংগ্ৰহ কৰা নমুনা পৰীক্ষাৰ বাবে এন চি ডি চিলৈ প্ৰেৰণ কৰাৰ লগতে তেওঁলোকক সেৱা কেন্দ্ৰলৈ পঠিওৱা হৈছে ।

লণ্ডন আৰু ইংলেণ্ডত নতুনকৈ দেখা দিয়া কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে ব্ৰিটেইন আৰু ভাৰতৰ ভিতৰত চলিবলগীয়া সকলো বিমান ৩১ ডিচেম্বৰলৈ বাতিল কৰা হৈছে । মংগলবাৰে পঞ্জাৱৰ অমৃতসৰ বিমানবন্দৰত ব্ৰিটেইনৰ পৰা অহা বহু যাত্ৰীয়ে COVID টেষ্ট কৰিবলৈ শাৰী পাতি থকা পৰিলক্ষিত হয় । তাৰোপৰি এইসকল যাত্ৰীক আদৰিবলৈ অহা আত্মীয়-কুটুমেও এইদৰে বাহিৰত শাৰী পাতি থাকিবলগীয়া হৈছে । আত্মীয়সকলৰ দাবী যে এইসকল যাত্ৰীক নিজ ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিব লাগে ।

উপ-মহকুমা দণ্ডাধীশ দীপক ভাটিয়াই কয় যে ব্ৰিটেইনৰ পৰা অহা যাত্ৰীসকলে আৰ টি পি চি আৰ পৰীক্ষা কৰিব লাগিব যাৰ বাবে কেবাঘন্টা প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে । পৰীক্ষা নোহোৱা পৰ্যন্ত যাত্ৰীসকলে বিমানবন্দৰতে অপেক্ষা কৰিব লাগিব ।

আনহাতে কৰ'ণা ভাইৰাছৰ নতুন ৰূপ ধাৰণ কৰা বাবে মংগলবাৰে আমেৰিকাৰ পৰা মুম্বাইলৈ অহা যাত্ৰীসকলক কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে । উল্লেখযোগ্য যে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ডিচেম্বৰৰ ২০ তাৰিখে টুইটযোগে কৰ'ণা ভাইৰাছৰ নতুন ৰূপ ধাৰণ কৰাৰ কথা সদৰী কৰে । লগতে জনাই যে এইবাৰ আশা কৰা ধৰণে বৰদিন উদযাপন কৰিব নোৱাৰিব ।

লগতে পঢ়ক: কোভেক্সিন' ৰ পৰীক্ষণ-3 ৰ বাবে ভাৰতীয় বায়'টেকৰ 13 হাজাৰ স্বেচ্ছাসেৱক নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.