নেশ্যনেল ডেস্ক, 10 মাৰ্চ: দিল্লীৰ আবকাৰী কেলেংকাৰী (Delhi liquor scam) গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু প্ৰাক্তন লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী সৈতেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ পাচতেই এতিয়া আপক আক্ৰমণৰ লক্ষ্য কৰি লৈছে দিল্লী বিজেপিয়ে ৷ এইবাৰ আপক কটাক্ষ কৰি প’ষ্টাৰ মুকলি কৰিছে দিল্লী বিজেপিয়ে ৷ মনীষ চিছোদিয়া আৰু সৈতেন্দ্ৰ জৈনৰ ফটো সম্বলিত 'Jodi No 1' শীৰ্ষক এখন প’ষ্টাৰ নিজৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছে দিল্লী বিজেপিয়ে ৷ য’ত অৰবিন্দ কেজৰিৱালক মাষ্টাৰমাইণ্ড হিচাবে উল্লেখ কৰিছে (Delhi BJP released new poster) ৷
আপক কটাক্ষ কৰি প্ৰকাশ কৰা প’ষ্টাৰখনত মনীষ চিছোদিয়াই হাতত সুৰাৰ বটল আৰু সৈতেন্দ্ৰ জৈনে হাতত টকা লৈ থকা দেখিবলৈ পোৱা গৈছে ৷ সৈতেন্দ্ৰ জৈনক অভিনেতা হিচাবে উপস্থাপন কৰি তেওঁ পৰিধান কৰা টুপিটোত হাৱালা লেনদেনৰ কথা লিখাৰ সমান্তৰালভাৱে মনীষ চিছোদিয়াকো অভিনেতা হিচাবে উপস্থাপন কৰিছে তেওঁ পৰিধান কৰা টুপিটোত দিল্লীৰ আবকাৰী কেলেংকাৰীৰ কথা উল্লেখ কৰা হৈছে (Delhi liquor scam case) ৷
ইফালে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ছবিখনৰ প্ৰযোজক বুলি উল্লেখ কৰিছে (Kejriwal mastermind of scams) ৷ ছবিখনলৈ অৰবিন্দ কেজৰিৱাল এতিয়াও আহিবলৈ বাকী থকা বুলি প’ষ্টাৰখনৰ কেপশ্যনত উল্লেখ কৰিছে দিল্লী বিজেপিয়ে ৷ দলটোৱে লগতে তিহাৰ থিয়েটাৰত ছবিখন চলি থকা বুলি উল্লেখ কৰিছে (Delhi excise policy scam) ৷
-
मनीष सिसोदिया, सतेंद्र तो झांकी है,
— BJP Delhi (@BJP4Delhi) March 10, 2023 " class="align-text-top noRightClick twitterSection" data="
इनका सरगना केजरीवाल अभी बाकी है !!#DelhiLiquorScam pic.twitter.com/vukSsbi9v0
">मनीष सिसोदिया, सतेंद्र तो झांकी है,
— BJP Delhi (@BJP4Delhi) March 10, 2023
इनका सरगना केजरीवाल अभी बाकी है !!#DelhiLiquorScam pic.twitter.com/vukSsbi9v0मनीष सिसोदिया, सतेंद्र तो झांकी है,
— BJP Delhi (@BJP4Delhi) March 10, 2023
इनका सरगना केजरीवाल अभी बाकी है !!#DelhiLiquorScam pic.twitter.com/vukSsbi9v0
উল্লখ্য যে, CBIয়ে মনীষ চিছোদিয়াক অভিযুক্ত বুলি উল্লেখ কৰি জেৰা চলাই থকাৰ সময়তে দিল্লী বিজেপিয়ে আৰম্ভ কৰিছিল প’ষ্টাৰ যুদ্ধ ৷ ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আম আদমী পাৰ্টীয়েও প্ৰকাশ কৰিছিল প’ষ্টাৰ ৷ গতিকে এইবাৰো যে বিজেপিৰ প’ষ্টাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ শীঘ্ৰেই আম আদমী পাৰ্টীয়ে দিব সেয়া নিশ্চিত (AAP vs BJP poster war) ৷
স্মৰ্তব্য যে, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক 26 ফেব্ৰুৱাৰীত আবকাৰী কেলেংকাৰী গোচৰত জেৰা চলাই গ্ৰেপ্তাৰ কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে ৷ আহাতে, প্ৰৱৰ্তন সঞ্চালকায়ে(ED)য়ে 2022 চনতে গ্ৰেপ্তাৰ কৰিছিল সৈতেন্দ্ৰ জৈনক ৷ ইফালে, CBIয়ে মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ মাজতে প্ৰৱৰ্তন সঞ্চালকালয়ে বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে মনীষ চিছোদিয়াক ৷
লগতে পঢ়ক: Delhi liquor scam: বিপদ আঁতৰা নাই; এইবাৰ মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ EDৰ