ETV Bharat / bharat

দিল্লীৰ সীমাপুৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 4 - দিল্লীৰ সীমাপুৰীত অগ্নিকাণ্ড

মঙলবাৰে দিল্লীৰ শাহদৰা জিলাৰ পুৰণি সীমাপুৰী অঞ্চলৰ এটা অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত চাৰিজনকৈ লোকৰ মৃত্যু হয় ৷ নিহত লোকসকলৰ ভিতৰত দুগৰাকী পুৰুষ আৰু দুগৰাকী মহিলা ৷

Delhi: 4 dead after fire breaks out in 3-storey building in Old Seemapuri
দিল্লীৰ সীমাপুৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 4
author img

By

Published : Oct 26, 2021, 12:17 PM IST

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : মঙলবাৰে দিল্লীৰ শাহদৰা জিলাৰ পুৰণি সীমাপুৰী অঞ্চলত এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ উক্ত অগ্নিকাণ্ডটোত চাৰিগৰাকী লোকৰ মৃত্যু ঘটে ৷ মৃত লোকসকলৰ মাজৰ দুগৰাকী মহিলা আছিল ৷

অগ্নি নিৰ্বাপক বহিনীৰ পৰা জানিবলৈ পোৱা অনুসৰি, তেওঁলোকে মঙলবাৰে কাহিলি পুৱা 4.07 বজাত পুৰণি সীমাপুৰীৰ এটা অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰে ৷ মূহুৰ্ততে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ চাৰিখন বাহন উপস্থিত হয় ৷ ইয়াৰ লগতে আৰক্ষীও উপস্থিত হয় ঘটনাস্থলীত ৷

এই দুৰ্ঘটনাত অট্টালিকাটোৰ তৃতীয় মহলাত থকা দুগৰাকী পুৰুষ আৰু দুগৰাকী মহিলাৰ মৃত্যু হয় ৷ মৃত লোকসকলক 59 বৰ্ষীয় হৰিলাল, 55 বৰ্ষীয় ৰীণা, 24 বৰ্ষীয় আশু আৰু 18 বৰ্ষীয় ৰোহনী বুলি চিনাক্ত কৰা হৈছে ৷

হৰিলালে দিল্লীৰ শাস্ত্ৰী ভৱনত চকীদাৰৰ চাকৰি কৰিছিল ৷ ৰীণা আছিল MCD ৰ চাফাই কৰ্মচাৰী ৷ 24 বৰ্ষীয় আশু চাকৰিৰ সন্ধানত থকাৰ বিপৰীতে 18 বৰ্ষীয় ৰোহিনী দিল্লীৰ এখন বিদ্যালয়ৰ ছাত্ৰী আছিল ৷ প্ৰাৰম্ভিক তথ্যত উশাহ বন্ধ হৈ আটাইকেইগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

আৰক্ষীয়ে মৃতদেহকেইটা চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ সম্প্ৰতি অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : দেশজুৰি সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.