ETV Bharat / bharat

Tawang border issue: ইষ্টাৰ্ণ এয়াৰ কমাণ্ডক সস্তম হৈ থকাৰ নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ - এয়াৰ ডিফেন্স গান

চীন সীমান্তৰ নিৰাপত্তা বৃদ্ধিৰ বাবে শিলিগুৰিৰ বাগডোগ্ৰা বায়ুসেনা ঘাটিক সাজু হৈ থাকিবলৈ কোৱা হৈছে (India China face off)। সীমান্তত চীনে ড্ৰ’ন বা আন কোনো প্ৰযুক্তি ব্যৱহাৰ কৰে নেকি সেই সন্দৰ্ভতো চকু ৰাখিবলৈ কোৱা হৈছে । ভাৰত-চীন সীমান্তত এল-৭০ এয়াৰ ডিফেন্স গান (L 70 Air defense gun) মোতায়েন কৰা হৈছে, যিটো বন্দুক শত্ৰুৰ যুদ্ধ বিমান আৰু ড্ৰোনত গুলীচালনা কৰিবলৈ সক্ষম ।

Tawang border issue
Tawang border issue
author img

By

Published : Dec 14, 2022, 10:45 PM IST

নিউজ ডেস্ক, 14 ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনৰ সশস্ত্ৰ বাহিনীৰ মাজত হোৱা সংঘাত পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে পূব ভাৰতৰ সকলো ইষ্টাৰ্ণ এয়াৰ কমাণ্ড ব্যৱস্থা সজাগ কৰি সেনাবাহিনীক সস্তম হৈ থাকিবলৈ নিৰ্দেশ দিয়া বুলি বুধবাৰে বিষয়াসকলে জনায় (Security tight in Indo China border)। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, সীমান্তৰ নিৰাপত্তা বৃদ্ধিৰ বাবে শিলিগুৰিৰ বাগডোগ্ৰা বায়ুসেনা ঘাটিক নিজকে সাজু কৰি ৰাখিবলৈ কোৱা হৈছে ।

ইয়াৰ উপৰিও ভাৰত-চীন সীমান্তত বিশেষ সতৰ্কতা বৃদ্ধি কৰিবলৈ কোৱা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে । সীমান্তত চীনে ড্ৰ’ন বা আন কোনো প্ৰযুক্তি ব্যৱহাৰ কৰে নেকি সেই সন্দৰ্ভতো চকু ৰাখিবলৈ কোৱা হৈছে । ভাৰত-চীন সীমান্তত এল-৭০ এয়াৰ ডিফেন্স গান (L 70 Air defense gun) মোতায়েন কৰা হৈছে, যিটো বন্দুক শত্ৰুৰ যুদ্ধ বিমান আৰু ড্ৰোনত গুলীচালনা কৰিবলৈ সক্ষম ।

হাছিমাৰা বায়ুসেনা ঘাটিতো জাৰি কৰা হৈছে এক সতৰ্কবাণী । সকলো যুঁজাৰু বিমানক সস্তম হৈ থাকিবলৈ কোৱা হৈছে । কিন্তু ৰাষ্ট্রীয় নিৰাপত্তাৰ স্বার্থত ভাৰত-চীন সীমান্তত কৰা ব্যৱস্থাক লৈ সেনা বিষয়াসকলে অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ প্ৰসংগক্ৰমে ভাৰতীয় বায়ুসেনাৰ উত্তৰ বংগত দুটা বিমান ঘাটি আছে । এটা বাগডোগ্ৰা আৰু আনটো হাছিমাৰা (IAF air base in West Bangal)।

ভাৰত-চীন সীমান্তৰ পৰা কিছু দূৰৈত আছে বায়ুসেনাৰ ঘাটি দুটা । লগতে বাগডোগ্ৰা ঘাটি বিমানবন্দৰ কৰ্তৃপক্ষই পৰিচালনা কৰে যদিও বায়ুসেনাই ৰক্ষণাবেক্ষণ দিয়ে । ইফালে ভাৰত-চীন সীমান্তত উন্নত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰেও চেভোকে-ৰংপো ৰেল প্ৰকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

লগতে পঢ়ক: India China Border Clash : সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ

সেনাবাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, দিল্লী আৰু মুখ্য কাৰ্যালয়ৰ পৰা বিষয়টো চোৱাচিতা কৰা হৈছে (India China face off) । "নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আমি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো । ইতিমধ্যে ভাৰত-চীন সীমান্তত সেনাই কঠোৰ নিৰাপত্তা আৰু সতৰ্কতা বজাই ৰাখিছে । লগতে, আমি বায়ুসেনাৰ সমন্বয়ত অতি সোনকালে এক অনুশীলনৰ আয়োজন কৰিম ।" তেওঁ কয় ।

ইফালে, চীনৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ ভিতৰত উত্তৰাখণ্ডত সেনাবাহিনীক সতৰ্ক কৰি দিয়া হৈছে আৰু সেনাৰ নিয়োগ অধিক শক্তিশালী কৰা হৈছে বুলি বিষয়াসকলে জনায় । শেহতীয়াকৈ টাৱাঙত সংঘটিত হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত চীনৰ সৈতে উত্তৰাখণ্ডৰ ৩৫৪ কিলোমিটাৰ দৈৰ্ঘৰ সীমান্তই আগ্ৰাসনৰ উদ্বেগ প্ৰকাশ কৰিছে (Indo China border issue) । উত্তৰকাশীৰ পিথোৰাগড় আৰু নেলং উপত্যকাত ভাৰতীয় সেনা আৰু আইটিবিপিৰ জোৱানসকলে মাইনাছ ৪ ডিগ্ৰীৰ পৰা মাইনাছ ১০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত সীমান্ত চম্ভালি আছে ।

ভাৰতীয় সেনা সমুদ্ৰপৃষ্ঠৰ পৰা ১০,০০০ ফুট উচ্চতাত পিথোৰাগড়, লেক ক’ৰ্ট আৰু ১৬,৫০০ ফুট উচ্চতাত বুগদিয়াৰত অৱস্থান কৰি আছে । উল্লেখযোগ্য যে চীনে বিগত সময়ত উত্তৰকাশী আৰু চামোলি জিলাৰ সীমান্তত হেলিকপ্টাৰ উৰুৱাই আহিছে যাৰ ওপৰত ভাৰত চৰকাৰে আপত্তি দাঙি ধৰিছিল । উত্তৰকাশী জিলাৰ চিনিয়ালিছাউৰ বিমানবন্দৰত সেনাই মোতায়ন অধিক শক্তিশালী কৰিছে ।

লগতে পঢ়ক: Fighter jet exercise: বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডে আৰম্ভ কৰিব কুচকাৱাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.