ETV Bharat / bharat

PM Modi US Visit : প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ ৰোডমেপ হ'ব প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ; বৈদেশিক সচিব কোৱাট্ৰা - International Day of Yoga in UN headquarter

বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ মূল ফলাফল হ'ব প্ৰতিৰক্ষা-ঔদ্যোগিক সহযোগিতাৰ এক ৰোডমেপ ।

PM Modi US Visit
PM Modi US Visit
author img

By

Published : Jun 19, 2023, 6:08 PM IST

নিউজ ডেস্ক, ১৯ জুন : ২১ জুনৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ মূল ফলাফল প্ৰতিৰক্ষা-ঔদ্যোগিক সহযোগিতাৰ এক ৰোডমেপ হ'ব বুলি আশা কৰা হৈছে । সোমবাৰে বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় ।

এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে প্ৰতিৰক্ষা সহ-উৎপাদন আৰু সহ-উন্নয়নৰ সকলো দিশ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত হ'বলগীয়া আলোচনাৰ অংশ হ'ব । তেওঁ কয়, "মুখ্য উপাদানসমূহৰ ভিতৰত এটা হ'ব দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা ।"

"দ্বিতীয় মুখ্য উপাদানটো হৈছে শক্তিশালী বাণিজ্য আৰু বিনিয়োগ অংশীদাৰিত্ব । তৃতীয়টো হৈছে প্ৰযুক্তি উপাদান, যিটো টেলিকম, মহাকাশ, উৎপাদন আৰু বিনিয়োগৰ দৰে আন বহুতো ডমেইনৰ সৈতে জড়িত ।" কোৱাট্ৰাই কয় ।

এই ভ্ৰমণৰ বিস্তৃত তথ্য দাঙি ধৰি কোৱাট্ৰাই কয়, "আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰীয়ে ২১-২৩ জুনলৈ আমেৰিকা ভ্ৰমণ কৰিব ।" তেওঁ কয় যে এই ভ্ৰমণকালত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা হ'ব আন বিষয়বোৰৰ মাজত আগ্ৰহৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ ।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী নিউয়ৰ্কৰ পৰা আৰম্ভ হ'ব । ২১ জুনত প্ৰধানমন্ত্ৰীয়ে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব । উল্লেখ্য, ২০১৪ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২১ জুনক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৱাশ্বিংটন ডিচি ভ্ৰমণ কৰিব । তাত তেওঁক ২২ জুনত হোৱাইট হাউছত আনুষ্ঠানিকভাৱে আদৰণি জনাব আৰু ৰাষ্ট্ৰপতি বাইডেনক সাক্ষাৎ কৰি তেওঁলোকৰ উচ্চ পৰ্যায়ৰ আলোচনা অব্যাহত ৰাখিব । ৰাষ্ট্ৰপতি বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে একেদিনা সন্ধিয়া প্ৰধানমন্ত্ৰীৰ সন্মানত এক ৰাষ্ট্ৰীয় নৈশ ভোজৰ আয়োজন কৰিব ।

প্ৰতিনিধি সভাৰ অধ্যক্ষ কেভিন মেককাৰ্থি আৰু চিনেটৰ সংখ্যাগৰিষ্ঠ নেতা চাৰ্লছ শ্বুমাৰকে ধৰি কংগ্ৰেছনেল নেতাসকলৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ২২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰিব । ২৩ জুনত তেওঁক উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু ৰাষ্ট্ৰীয় সচিব এণ্টনি ব্লিঙ্কেনে যুটীয়াভাৱে আয়োজন কৰা মধ্যাহ্নভোজনত মিলিত হ'ব ।

চৰকাৰী ব্যস্ততাৰ উপৰি মোদীয়ে আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া, পেছাদাৰী আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হোৱাৰ কথা আছে । আনহাতে, তেওঁ প্ৰবাসী ভাৰতীয়সকলৰ সদস্যসকলকো সাক্ষাৎ কৰিব । প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত ২৪-২৫ জুনলৈ ইজিপ্ত ভ্ৰমণৰ উদ্দেশ্যে কাইৰোত উপস্থিত হ'ব । এই ভ্ৰমণ তেওঁ ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাট্টাহ এল-চিচিৰ আমন্ত্ৰণত কৰিব । ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে ২০২৩ চনৰ জানুৱাৰীত প্ৰধানমন্ত্ৰীলৈ এই ভ্ৰমণৰ প্ৰস্তাৱ আগবঢ়াইছিল । উল্লেখ্য, আব্দেল ফাট্টাহ ভাৰতৰ গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ সময়ত এই আমন্ত্ৰণ জনাইছিল । এইটো হ'ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ইজিপ্ত ভ্ৰমণ ।

বৈদেশিক সচিব বিনয় কোৱাট্ৰাই প্ৰকাশ কৰা মতে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰথম ইজিপ্ত ভ্ৰমণৰ সময়ত একাদশ শতিকাৰ আল-হাকিম মছজিদ পৰিদৰ্শন কৰিব আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হৈ যুঁজ দি মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ কোৱাট্ৰাই লগতে কয়, "এইটো উল্লেখ কৰিব লাগিব যে এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথম ইজিপ্ত ভ্ৰমণ হ'ব আৰু মই এইটোও উল্লেখ কৰিব খোজোঁ যে ১৯৯৭ চনৰ পিছত এইটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ হ'ব ৷"

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.