ETV Bharat / bharat

সোমবাৰে কৰ্ণাটকৰ লক ডাউনৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা - বি এছ য়েদিয়ুৰাপ্পা

লক ডাউন সন্দৰ্ভত কৰ্ণাটকৰ ৰাজ্যিক কেবিনেটে সোমবাৰে এক জৰুৰী সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে ৰাজ্যখনত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখন সোমবাৰে পুৱা 11 বজাত অনুষ্ঠিত হ'ব ।

সোমবাৰে কৰ্ণাটকত লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্যিক কেবিনেটে

author img

By

Published : Apr 26, 2021, 6:57 AM IST

নেশ্যনেল ডেস্ক,26 এপ্ৰিল: কৰ’ণা মহামাৰীৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটকত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ ৰাজ্যিক কেবিনেটে সোমবাৰে ৰাজ্যখনৰ লক ডাউন সন্দৰ্ভত এক জৰুৰী সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখন সোমবাৰে পুৱা 11 বজাত অনুষ্ঠিত হ'ব । 4 মে'লৈকে নৈশ সান্ধ্য আইন জাৰি কৰাৰ পাচতো ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত সোমবাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷

ইফালে, সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী জগদীশ শ্বেট্টাৰে চৰকাৰ লক ডাউনৰ পক্ষপাতী নহয় বুলি ব্যক্ত কৰে ৷ কিন্তু পৰিস্থিতি এনেকুৱা ভয়াৱহ যে এই সন্দৰ্ভত চৰকাৰে পুনৰ ভাবিবলৈ বাধ্য হৈছে ৷ যিবোৰ কাৰ্যত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিব পাৰে, সেইবোৰ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰিব ৷ লগতে মানুহৰ মাজত থকা শৃংখলা ভঙাৰ ব্যৱস্থা কৰিব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে ৷

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত হৈ মিজোৰামৰ প্ৰাক্তন মন্ত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.