ETV Bharat / bharat

ঋণৰ বোজা কঢ়িয়াব নোৱাৰি জীয়ৰীক বিক্ৰী - যুৱতী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ

ঋণ পৰিশোধ কৰিব নোৱাৰি উত্তৰ প্ৰদেশৰ মিৰাটত কন্যা সন্তানক বিক্ৰী পিতৃৰ ৷

ঋণৰ বোজা কঢ়িয়াব নোৱাৰি পিতৃয়ে বিক্ৰী কৰিলে জীয়াৰীক

author img

By

Published : Feb 17, 2021, 10:10 AM IST

Updated : Feb 17, 2021, 2:00 PM IST

নেশ্যনেল ডেস্ক,17 ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাহিনী ৷ ঋণ পৰিশোধ কৰিব নোৱাৰি কন্যা সন্তানক বিক্ৰী কৰিলে দুৰ্ভগীয়া পিতৃয়ে ৷ ঘটনা অনুসৰি, বিগত বৰ্ষৰ জানুৱাৰীত এগৰাকী ব্যক্তিয়ে উপাৰ্জনৰ পথ হেৰুৱাই ঋণদাতাৰ পৰা 2 লাখ টকা ধাৰলৈ লৈছিল ৷ তাৰ পাচৰে পৰা ঋণদাতাই সঘনাই ধন বিচাৰি ব্যক্তিগৰাকীৰ ঘৰলৈ আহিছিল ৷ অৱশেষত ধাৰলৈ অনা ধন ঘূৰাই দিব নোৱাৰাৰ বাবে মানসিক অত্যাচাৰৰ সন্মুখীন হয় ব্যক্তিগৰাকী ৷ উপায়ন্তৰ হৈ পিতৃয়ে 18 বছৰীয়া কন্যাক ঋণদাতাৰ হাতত 2 লাখ টকাৰ বিনিময়ত বিক্ৰী কৰে ৷

মঙলবাৰে বিক্ৰী হোৱা যুৱতীগৰাকী ঋণদাতাৰ ঘৰৰ পৰা পলাই আহি আৰক্ষী থানাত উপস্থিত হৈ পিতৃ আৰু ঋণদাতা ব্যক্তি গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ পলায়নৰ পিছত যুৱতীগৰাকীয়ে মাতৃৰ সৈতে পাৰ্থৰপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ উপস্থিত হয়,যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ্য যে, যুৱতীগৰাকীয়ে ঋণদাতা ব্যক্তিগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে ৷ অৱশেষত যুৱতী গৰাকীয়ে দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাত ৰুজু কৰে এক গোচৰ ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক: মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাঃ 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

Last Updated : Feb 17, 2021, 2:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.