নিউজ ডেস্ক, ১৩ জানুৱাৰী : বিহাৰৰ মধুবানী জিলাত জঘন্য় ঘটনা সংঘটিত হৈছে । ৰাজ্য়খনৰ কাউৱাহা বাৰহী নামৰ এখন গাঁৱত ধৰ্ষণৰ বলি হয় ১৫ বছৰীয়া এগৰাকী মুক-বধিৰ নাবালিকা । কেৱল ধৰ্ষণ কৰাই নহয় পাষণ্ড কেইটাই চোকা অস্ত্ৰৰে নাবালিকাগৰাকীৰ চকুত আঘাট কৰে যাতে পৰৱৰ্তী সময়ত ভুক্তভোগীগৰাকীয়ে অপৰাধীকেইটাক চিনাক্ত কৰিব নোৱাৰে । নাবালিকাগৰাকীৰ দুয়োটা চকুতে আঘাট কৰা হৈছে কিন্তু দৃষ্টি শক্তি হেৰুওৱা সন্দৰ্ভত এতিয়াও ক'ব পৰা হোৱা নাই । চিকিৎসকে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত নাবালিকাগৰাকীৰ চিকিৎসা অব্য়াহত ৰাখিছে ।
আৰক্ষী অধীক্ষকে জনোৱা মতে, হৰলাখী থানাৰ অন্তৰ্গত গাঁওখনত সংঘটিত এই ঘটনা সন্দৰ্ভত ইতিমধ্য়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে একেখন গাঁৱৰে ৩জনকৈ লোকক ।
গাওঁবুঢ়াই কোৱা মতে আন শিশুৰ সৈতে ওচৰৰ এখন পথাৰত ছাগলী চৰাবলৈ গৈছিল ভুক্তভোগীগৰাকী । নাবালিকাগৰাকীৰ সৈতে যোৱা শিশু কেইগৰাকীৰ এজনে আহি পৰিয়ালক ঘটনা সন্দৰ্ভত খবৰ দিছিল আৰু পিছত ওচৰৰে মনোহৰপুৰ গাঁৱৰ এখন পথাৰত অজ্ঞান অৱস্থাত উদ্ধাৰ কৰা হয় নাবালিকাগৰাকী ।
লগতে পঢ়ক :ভাৰতত কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি