ETV Bharat / bharat

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ দেহত কোভিড 19: এইমছত ভৰ্তি

author img

By

Published : Dec 28, 2020, 3:20 PM IST

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ এই খবৰ প্ৰকাশ পোৱাৰ পিছতে ৰাৱাটক চিকিৎসাজনিত কাৰণত ভৰ্তি কৰোৱা হৈছে নতুন দিল্লীস্থিত এইমছত ৷ ডাঃ এনএছ বিষ্টে প্ৰকাশ কৰা অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীৰ বুকুত কিছু সংক্ৰমণ ধৰা পৰিছে ৷

Days after testing Covid positive Uttarakhand CM being shifted to Delhi AIIMS etv bharat news
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ দেহত কোভিড 19

নিউজ ডেস্ক, 28 ডিচেম্বৰ: উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটক ডেৰাডুনৰ ডুন চিকিৎসালয়ৰ পৰা দিল্লীস্থিত এইমছলৈ স্থানান্তৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জ্বৰত ভোগাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকী কোভিড 19ত আক্ৰান্ত হোৱাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহে ৷ ডাঃ এনএছ বিষ্ট প্ৰকাশ কৰা অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীৰ বুকুত কিছু সংক্ৰমণ ধৰা পৰিছে ৷

উল্লেখ্য যে, ৰাৱাটে কিছুদিন পূৰ্বে কৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰিছিল ৷ দেওবাৰে সন্ধিয়া চৰকাৰী ডুন চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা সম্বন্ধীয় চেক আপ কৰিবলৈ যাওতে চিকিৎসকে মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে ৷

সম্প্ৰতি চিকিৎসকৰ এক দলৰ দ্বাৰা সম্পূৰ্ণ তত্বাৱধানত আছে মুখ্যমন্ত্ৰীগৰাকী ৷ বিগত 18 ডিচেম্বৰত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাসগৃহত নিজকে আছুতীয়াকৈ ৰাখিছিল ৷ ৰাৱাটৰ পত্নী আৰু কন্যাৰ শৰীৰতো ধৰা পৰিছে কোভিড 19ৰ অৱস্থিতি ৷

লগতে চাওকঃ বকো নৈত সমূহীয়াকৈ মাছ ধৰাত ব্যস্ত স্থানীয় ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.