ETV Bharat / bharat

তেজস্বী যাদৱলৈ জন্মদিনৰ শুভেচ্ছা পৰিয়াল-সমৰ্থকৰ

author img

By

Published : Nov 9, 2020, 4:48 PM IST

আজি ৩১ বছৰত ভৰি দিলে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে। ওপজা দিনত বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱক শুভকামনা জনালে ৰাষ্ট্ৰীয় জনতা দলৰ কৰ্মকৰ্তাই।

তেজস্বী যাদৱলৈ জন্মদিনৰ শুভেচ্ছা পৰিয়াল-সমৰ্থকৰ
তেজস্বী যাদৱলৈ জন্মদিনৰ শুভেচ্ছা পৰিয়াল-সমৰ্থকৰ

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: আজি ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ জন্মদিন। নেতাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শুভকামনা যাচিলে দলৰ কৰ্মকৰ্তা আৰু পৰিয়ালৰ লোকে। ১৯৮৯ চনৰ আজিৰ দিনটোতে জন্ম হোৱা তেজস্বী যাদৱে ৩১ বছৰত ভৰি থ'লে। তেজস্বীৰ জ্যেষ্ঠ ভাতৃ তেজ প্ৰতাপ যাদৱ, ভগ্নী ড০ মিছা ভাৰতী আৰু মাতৃ ৰাবৰি দেৱীয়ে ওপজা দিনৰ শুভেচ্ছা জনায়।

তেজস্বী যাদৱৰ সৈতে টুইট টেগ কৰি ভাতৃক ঘৰত মতা নামেৰে তেজ প্ৰতাপে লিখিছে 'হেপ্পী বাৰ্থডে টুটু'। ভগ্নী ড০ মিছা ভাৰতীয়েও টুইটত লিখিছে যে, 'সৰু ভাইটি জন্মদিনৰ শুভেচ্ছা জনালো। জীৱনত প্ৰগতি অব্যাহত ৰাখা আৰু মানুহৰ বাবে কল্যাণমূলক কাম কৰি যোৱা।' ৰাবৰি দেৱী আৰু তেজ প্ৰতাপ যাদৱে নিশা ১২ বজাৰ লগে লগে তেজস্ৱীক শুভকামনা জনায় আৰু তেজস্বীয়ে কেক কাটি ওপজা দিনৰ আনন্দ উপভোগ কৰে।

সোমবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ কৰ্মকৰ্তাই ৰাবৰি দেৱীৰ চাৰ্কুলাৰ ৰোডস্থিত চৰকাৰী বাসভৱনত হাতে হাতে ফুল, বেলুন লৈ মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীৰ শুভেচ্ছা জনাবলৈ ভিৰ কৰেহি। ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকৰ উৎসাহে বিহাৰৰ নিৰ্বাচনত দলটো জয়ী হোৱাৰ এক আশাৰ ছবি যোৱা ৭ নৱেম্বৰৰ এক সমীক্ষাত পৰিস্ফুট কৰিছে।

লগতে পঢ়ক:2015 চনৰ নিৰ্বাচনৰ তুলনাত 2020 বৰ্ষৰ ভোটাৰৰ সংখ্যা বৃদ্ধি বিহাৰ নিৰ্বাচনত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.