ETV Bharat / bharat

Funeral on Video Call : ধনৰ অভাৱত আহিব নোৱাৰি ভিডিঅ’ কলত মাতৃৰ শেষকৃত্য় চালে কন্যাই - saw funeral on video call

আলিগড়ৰ জে এন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত এগৰাকী মহিলাৰ মৃত্যু হয় । কিন্তু মৃতকৰ জীয়ৰীৰ হাতত ধন নথকা বাবে ঘটনাস্থলীত গৈ উপস্থিত হ'ব পৰা নাছিল । সেয়ে তেওঁ মানৱ উপকাৰ সংস্থাৰ প্ৰতিষ্ঠাপকক তেওঁৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া মোবাইলত দেখুৱাবলৈ কয় (Daughter watch mothers last rite on Video call) ।

funeral
funeral
author img

By

Published : Nov 21, 2022, 7:11 PM IST

নিউজ ডেস্ক, 21 নৱেম্বৰ : মৃত্যু শাশ্বত । কিন্তু তথাপিও কোনোৱে নিবিচাৰে অকাল মৃত্যু । আনহাতে, সকলোৱে বিচাৰে জীৱনৰ অন্তিম নিশ্বাসটো পৰিয়াল-পৰিজন তথা আত্মীয়-কুটুম্বৰ মাজত এৰিবলৈ । প্ৰতিগৰাকী পিতৃ-মাতৃয়ে বিচাৰে তেওঁলোকৰ সন্তান তথা পৰিয়ালৰ কাষতে শেষ নিশ্বাস ত্যাগ কৰিবলৈ ।

একেদৰে সন্তানেও বিচাৰে জীৱনৰ অন্তিম ক্ষণত তেওঁলোকৰ পিতৃ-মাতৃৰ মুখত এটুপি পানী দিবলৈ । একেদৰে বিচাৰে শেষ শ্ৰদ্ধা জনাই নিজহাতে অন্তিম সৎকাৰ কৰিবলৈ, ৰীতি-নীতি-পৰম্পৰা অনুসৰি বিদায় জনাবলৈ । কিন্তু নিজ মাতৃক অন্তিম শ্ৰদ্ধা জনাবলৈ তথা নিজে অন্তিম সৎকাৰ কৰিবলৈ নোপোৱা দুখৰ গধুৰ বোজা বহন কৰা এগৰাকী দুৰ্ভগীয়া জীয়াৰীৰ কাহিনীয়ে সকলোকে ভাব গধুৰ কৰি তুলিছে ।

কেৱল ধনৰ অভাৱত মাতৃৰ অন্তিম সৎকাৰৰ পৰা বঞ্চিত হ'বলগীয়া এগৰাকী জীয়াৰীৰ এক মৰ্মন্তুদ কাহিনী । ধন উপাৰ্জনৰ বাবে ঘৰৰ পৰা বাহিৰত থাকি মৃত্যুবৰণ কৰিবলগীয়া হোৱা মাতৃগৰাকীক শেষবাৰৰ বাবে চোৱাৰো সামৰ্থ্য নাছিল নিজৰ জীয়াৰীৰ । মাতৃক ঘৰলৈ আনি যথাবিহিত অন্তিম সৎকাৰ কৰা বা নিজে মৃত্যুস্থানলৈ গৈ তাত ভাগ লোৱাৰ জোখাৰেও ধন নাছিল দুৰ্ভগীয়া জীয়ৰীগৰাকীৰ । যাৰ বাবে তেওঁ ভিডিঅ' কলিঙৰ জৰিয়তেই অন্তিম শ্ৰদ্ধা জনাবলগা হয় নিজমাতৃক ।

আলিগড়ত শ্ৰমিক হিচাপে কাম কৰি টকা উপাৰ্জন কৰিবলৈ যোৱা পশ্চিমবংগৰ এগৰাকী মহিলাক তেওঁৰ অসুস্থতাৰ বাবে জে এন চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় (JN Medical College Hospital Aligarh) । কিন্তু চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীৰ তাত মৃত্যু হয় । একে সময়তে, মৃতকৰ জীয়াৰীয়ে ধনৰ অভাৱৰ বাবে ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাছিল ।

সেয়ে উপায় নাপাই আৰক্ষীয়ে মৃতদেহটো শেষকৃত্যৰ বাবে মানৱ উপকাৰ সংস্থাক গতাই দিয়ে (Human Benefits organisation) । সংগঠনটোৱে কেৱল মৃতদেহটো সৎকাৰ কৰাই নহয়, তেওঁৰ জীয়াৰীক মোবাইল ফোনত ভিডিঅ' কলিঙৰ জৰিয়তে শেষকৃত্য অনুষ্ঠান প্ৰদৰ্শন কৰায় । মাকৰ শেষকৃত্য অনুষ্ঠানটো চাই তেওঁৰ জীয়াৰীয়ে কান্দিবলৈ আৰম্ভ কৰে (saw last rights of mother by video calling) ।

প্ৰাপ্ত তথ্য মতে, মানৱ উপকাৰ সংস্থাৰ (Manab Upkar Sangstha) প্ৰতিষ্ঠাপক বিষ্ণু কুমাৰ বাণ্টিক দেওবাৰে চিভিল লাইন আৰক্ষী থানাই ফোনযোগে জনায় যে, এগৰাকী মহিলাৰ মৃতদেহ ১৬ নৱেম্বৰত জে এন চিকিৎসা মহাবিদ্যালয়ৰ পৰা লাভ কৰা হৈছে । মৃত মহিলাগৰাকীৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ কৰা হয় । তাৰে ভিত্তিত মহিলাগৰাকীক পশ্চিমবংগৰ শিগুলকুছি জিলাৰ বাসিন্দা বিপুল বৰ্মনৰ পত্নী বুলবুলি বুলি চিনাক্ত কৰা হয় । কিন্তু মৃতকৰ জীয়াৰীৰ সৈতে যেতিয়া তেওঁৰ মাতৃৰ ফোনৰ পৰা যোগাযোগ কৰা হয় তেতিয়া তেওঁ ধনৰ অভাৱৰ বাবে তালৈ যাবলৈ অক্ষম বুলি প্ৰকাশ কৰে (saw funeral on video call) ।

ইয়াৰ পিছত মানৱ উপকাৰ সংস্থাৰ সভাপতি বিষ্ণু কুমাৰ বাণ্টিয়ে মৃতদেহটো নিয়ম অনুসৰি দেওবাৰে নুমাইশ ময়দানৰ মুক্তিধামলৈ লৈ যাবলৈ কয় আৰু শেষকৃত্যৰ প্ৰস্তুতি আৰম্ভ কৰে । ইফালে কনিষ্টবল নবীন কুমাৰে মৃতকৰ জীয়াৰী বিপলী বৰ্মনৰ পৰা মোবাইলত এটা ফোন কল পায় । ফোনত তেওঁ কয় যে তেওঁ মাতৃৰ অন্তিম দৰ্শন আৰু অন্ত্যেষ্টিক্ৰিয়া চাব বিচাৰে ।

চিপাহী নবীন কুমাৰে মানৱ উপকাৰ সংস্থাৰ সভাপতিক ইয়াৰ বাবে অনুৰোধ কৰে । আনহাতে, সংস্থাটোৰ মুৰব্বীয়ে জীয়াৰীক তেওঁৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নোহোৱাৰ কাৰণ সোধাত বিপলীয়ে কয় যে তেওঁ তেওঁৰ মাকৰ ঘৰত থাকে । তেওঁ গৰ্ভৱতী । তেওঁৰ স্বামীয়ে শ্ৰমিক হিচাপে কাম কৰে । তেওঁৰ ওচৰত পত্নীৰ প্ৰসৱৰ বাবে টকা নাছিল । যাৰ বাবে তেওঁৰ মাতৃ উপাৰ্জন কৰিবলৈ নয়ডালৈ যায় । এই সময়ছোৱাতে তেওঁৰ মৃত্যু হয় ।

মৃত মহিলাগৰাকীৰ জীয়াৰীয়ে কয় যে তেওঁৰ ওচৰত টকা নাই । গতিকে তেওঁ ঘটনাস্থলীত উপস্থিত হ'ব নোৱাৰিলে । কিন্তু তেওঁ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া চাব বিচাৰে । সেয়েহে তেওঁ মোবাইলৰ দ্বাৰাই মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া দেখুৱাবলৈ অনুৰোধ কৰে । এনেদৰেই তেওঁ ভিডিঅ' কলিঙৰ জৰিয়তে মাকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Dangerous Elephant Safari: কাজিৰঙাত ব্যক্তিগত হাতীৰ মাউতৰ অতপালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.