ETV Bharat / bharat

জামিয়া মিলিয়াৰ কবৰস্থানত কবৰস্থ কৰা হ’ল ডানিছ ছিদ্দিকীক - ডানিছ ছিদ্দিকীৰ মৃত্যু

দেওবাৰে সন্ধিয়া দিল্লীত আহি উপস্থিত হয় সাংবাদিক ডানিছ ছিদ্দিকীৰ নশ্বৰ দেহ ৷ নিশা প্ৰায় 10.15 বজাত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ কবৰস্থানলৈ নিয়া হয় সাংবাদিকগৰাকীৰ নশ্বৰ দেহ ৷

Danish Siddiqui laid to rest at Jamia Millia Islamia graveyard
জামিয়া মিলিয়াৰ কবৰস্থানত কবৰস্থ কৰা হ’ল ডানিছ ছিদ্দিকীক
author img

By

Published : Jul 19, 2021, 10:32 AM IST

নেশ্যনেল ডেস্ক, 19 জুলাই : অৱশেষত জামিয়া মিলিয়া বিশ্বিদ্যালয়ৰ কবৰস্থানত কবৰস্থ কৰা হ’ল পুলিৎজাৰ বঁটাপ্ৰাপ্ত ফটো সাংবাদিক ডানিছ ছিদ্দিকীক ৷ সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ভিৰ কৰিলেহি অসংখ্য গুণমুগ্ধই ৷ দেওবাৰে সন্ধিয়া দিল্লী বিমানবন্দৰত উপস্থিত হয় সাংবাদিকগৰাকীৰ নশ্বৰ দেহ ৷ বিমানবন্দৰৰ পৰা মৃতদেহটো দিল্লীৰ জামিয়া নগৰস্থিত তেখেতৰ বাসগৃহলৈ অনা হয় ৷

সাংবাদিকগৰাকীৰ বাসগৃহত উপস্থিত জনতাক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লোক মোতায়ন কৰা হয় ৷ আৰক্ষীয়ে লোকসকলক সামাজিত দূৰত্ব মানি চলিবলৈ অনুৰোধ জনায় ৷ দেওবাৰে নিশা প্ৰায় 10.15 বজাত কবৰস্থানলৈ নিয়া হয় সাংবাদিকগৰাকীৰ নশ্বৰ দেহ ৷ ছিদ্দিকীৰ বন্ধুসকলেও তেখেতৰ সৈতে হোৱা অন্তিমটো বাৰ্তালাপ মত পেলায় লগতে তেওঁলোকক আফগানিস্তানৰ পৰা অহি পুনৰ দেখা কৰাৰ প্ৰতিশ্ৰুতিও মনত পেলায় ৷

কিছু সংখ্যক লোকে ডানিছক নিজৰ বাল্যবন্ধু হিচাপে মনত পেলায়, কিছু সংখ্যকে নিজৰ পথ প্ৰদৰ্শক হিচাপে ৷ কিন্তু সকলোৱে এটা কথাই কয় যে, ডানিছ এগৰাকী সাধাৰণ ব্যক্তি আছিল যাৰ ফটোগ্ৰাফীৰ প্ৰতি নিচা আছিল ৷

ছিদ্দিকীৰ এগৰাকী বন্ধু বিলাল জাইদীয়ে কয়, "মই তেওঁক ক’ভিডৰ পূৰ্বে লগ পাইছিলো কাৰণ তেওঁ সকলো সময়তেই ফিল্ডতে ব্যস্ত আছিল ৷ যোৱা মাহত ইয়াত থকা সময়ত মই তেওঁক লগ পাইছিলো ৷" জাইদীয়ে লগতে কয়, ‘ডানিছ এগৰাকী লাজকুৰীয়া ব্যক্তি আছিল আৰু সেইকাৰণে যেতিয়া তেওঁ টিভি সাংবাদিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আমি ভাবিছিলো তেওঁ ভুল কেৰিয়াৰ বাছি লৈছে ৷ তেওঁ ফিল্ডত থকা সময়ত নিজৰ সৈতে কেমেৰাটো কঢ়িয়াই ফুৰিছিল ৷ তেওঁ ফটো তুলি ভাল পাইছিল আৰু ফটোগ্ৰাফী তেওঁৰ নিচা আছিল ৷ তেওঁ ইয়াৰ বাবে পুলিৎজাৰ বঁটাও লাভ কৰিছে ৷’

ছিদ্দিকীৰ এগৰাকী বাল্যবন্ধু ছাহদাব আলমে কয়, "তেওঁৰ মৃত্যু কেৱল তেওঁৰ পৰিয়ালে ক্ষতি নহয় ৷ ই সমগ্ৰ দেশৰে ক্ষতি ৷ ফটোগ্ৰাফী তেওঁৰ নিচা আছিল লগতে তেওঁ ক্ৰিকেট খেলি ভাল পাইছিল ৷ যোৱা মাহত মই তেওঁক লগ পাইছিলো ৷ তেওঁ আফগানিস্তানলৈ যোৱাৰ পূৰ্বে আমি কিছুসময়ৰ বাবে কথা পাতিছিলো ৷"

আনহাতে, নিজৰ পথ প্ৰদৰ্শক ডানিছ ছিদ্দিকীক হেৰুৱাই শোকত ভাঙি পৰে ফ্ৰিলাঞ্চ ফটো সাংবাদিক মহম্মদ মেহৰবান ৷ ছিদ্দিকীক মনত পেলাই তেওঁ কয়, মই তেওঁক দিয়া শেষৰটো মেছেজত সুধিছিলো ঈদ-উল-জোহাৰ বাবে ঘৰলৈ আহিব নে নাহে যাৰ উত্তৰত তেওঁ কৈছিল আল্লাহৰ কৃপাত মই ঘৰলৈ আহিম আৰু তোমাৰ সৈতে একেলগে বহি ভাত খাম ৷ মহম্মদ মেহৰবান লগতে কয়, তেওঁ মোৰ পথ প্ৰদৰ্শক আছিল ৷ মই তেওঁৰ সৈতে 2017 চনৰ পৰা আছিলো ৷ কিছুদিন পূৰ্বে তেওঁ মোলৈ তেওঁৰ কামৰ এটা লিংক প্ৰেৰণ কৰিছিল ৷ তেতিয়াই মই গম পাইছিলো তেওঁ আফগানিস্তানত আছে ৷ মই লগে লগে তেওঁক কল কৰি সাৱধান কৰি দিছিলো যে তাত থকাতো সুৰক্ষিত নহয় ৷ তেওঁ কয় চিন্তা নকৰিবা মোৰ কাম সম্পূৰ্ণ হৈছে ৷ অতিশীঘ্ৰে মই উভতি আহিম ৷

উল্লেখ্য ছিদ্দিকী জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰাক্তন ছাত্ৰ আছিল ৷ তেখেতে ৰিউটাৰ্ছ নিউজ এজেঞ্চিত কৰ্মৰত হৈ আছিল ৷ 2018 চনত তেওঁ পুলিৎজাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ 16 জুলাইত পাকিস্তানৰ সীমান্তৰ কাষত স্পীন বোল্ডাক চহৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল সাংবাদিকগৰাকী ৷ মৃত্যুৰ সৈতে তেখেত আফগানিস্তান সেনাৰ বিশেষ বাহিনীৰ সৈতে আছিল ৷

লগতে পঢ়ক- আৰক্ষীৰ গুলীত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰসহ দুই সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.