ETV Bharat / bharat

Attack on Dalits : মধ্য প্ৰদেশত এজন দলিতৰ শৰীৰত সানিলে মানুহৰ মল-মূত্ৰ !

author img

By

Published : Jul 23, 2023, 3:01 PM IST

দেশত পুনৰ দলিতৰ ওপৰত অত্যাচাৰৰ ঘটনা সংঘটিত হৈছে । এইবাৰ দলিতৰ মুখত মানুহৰ মল-মূত্ৰ সানিলে আন জাতিৰ লোকে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে । আটক হৈছে অভিযুক্তক ।

Attack on Dalits
মধ্য প্ৰদেশত এজন দলিতৰ শৰীৰত সানিলে মানুহৰ মল-মূত্ৰ

নেশ্যনেল ডেস্ক,২৩ জুলাই : দলিতৰ ওপৰত অত্যাচাৰৰ আন এক জঘন্য ঘটনা সংঘটিত হৈছে ! এইবাৰৰ ঘটনাৰ স্থান মধ্য প্ৰদেশ ছত্ৰপুৰ জিলা । জিলাখনৰ এগৰাকী দলিতলোকে অভিযোগ কৰিছে যে দুৰ্ঘটনাক্ৰমে গ্ৰীজ লাগি থকা হাতখনেৰে তেওঁ আন জাতিৰ এগৰাকী লোকক স্পৰ্শ কৰিছিল । তাৰ পাচতে লোকজনে তেওঁৰ মুখ আৰু শৰীৰত মানুহৰ মল-মূত্ৰ সানি দিয়ে । এই অভিযোগৰ ভিত্তিত ইতিমধ্যে অভিযুক্তজনক আৰক্ষীয়ে আটক কৰিছে । শেহতীয়াকৈ, মধ্য প্ৰদেশৰে চিধি জিলাত এগৰাকী জনজাতীয় যুৱকৰ গাত এজন ব্যক্তিয়ে প্ৰস্ৰাৱ কৰাৰ ঘটনা সামাজিক মাধ্যমত পোহৰলৈ আহিছিল ।

এগৰাকী আৰক্ষী বিষয়াই শনিবাৰে সন্ধিয়া জনোৱা মতে ছত্ৰপুৰৰ ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত অ'বিচি সম্প্ৰদায়ৰ অভিযুক্ত ৰামকৃপাল পেটেলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।

ভুক্তভোগী দলিত সমাজৰ লোকজনে শনিবাৰে আৰক্ষীৰ কাষ চাপিছিল । তেওঁ দাবী কৰিছিল যে শুকুৰবাৰে ছত্ৰপুৰ জিলাৰ সদৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰৈত থা বিকৌৰা গাঁৱৰ পঞ্চায়তৰ বাবে নলা নিৰ্মাণত তেওঁ নিয়োজিত হৈ আছিল । সেই সময়তে এই ঘটনা সংঘটিত হৈছিল ।

তেওঁ কয় যে অভিযুক্ত ৰামকৃপাল পেটেলে সমীপৰ হেণ্ড পাম্পত গা ধুই আছিল । সেই সময়তে ভুক্তভোগী দলিত লোকজনে ভুলবশতঃ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰি থকা গ্ৰীজেৰে পেটেলক স্পৰ্শ কৰিছিল । তাৰ পাচতে পেটেলে গা ধোৱাৰ বাবে ব্যৱহাৰ কৰি থকা এটা মগত ওচৰতে পৰি থকা মানুহৰ মল আনিছিল আৰু দলিত লোকজনৰ মুখত আৰু শৰীৰত সানি দিছিল । তেওঁ লগতে দাবী কৰিছে যে পেটেলে তেওঁক জাতিৰ নামত দুৰ্ব্যৱহাৰো কৰিছে ।

ভুক্তভোগী দলিত সমাজৰ লোকজনৰ মতে তেওঁ বিষয়টো পঞ্চায়তক অৱগত কৰিছে আৰু এখন সভাৰ বাবে আহ্বান জনাইছে । কিন্তু তাৰ পৰিৱৰ্তে পঞ্চায়তে ভুক্তভোগী দলিত লোকজনৰ ওপৰত হে ৬০০ টকাৰ জৰিমনা আৰোপ কৰে । অৱশ্যে তেওঁ লগে লগে আৰক্ষীক কিয় বিষয়টো অৱগত কৰা নাছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ভুক্তভোগীজনে কয় যে তেওঁ আধাতে কামখিনি এৰিব নোৱাৰিলে ।

মহকুমা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যেতিয়া ভুক্তভোগী লোকজনে আন শ্ৰমিকৰ সৈতে কাম কৰি আছিল, তেওঁলোকে ওচৰতে গা ধুই থকা পেটেলৰ সৈতে ধেমালি কৰি আছিল । তেতিয়া দলিত লোকজনে ধেমালিতে পেটেলৰ হাতত গ্ৰীজ লগাই দিছিল । তেওঁলোকে খেলিমেলিকৈ ইজনে সিজনৰ ওপৰত বিভিন্ন বস্তু নিক্ষেপ কৰিছিল ।

তাৰ পাচতে পেটেলে মানুহৰ মল-মূত্ৰ আনি দলিত লোকজনৰ শৰীৰত সানি দিছিল । অৱশ্যে ঘটনাটো কিমান সঁচা তাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । মধ্য প্ৰদেশৰ নিৰ্বাচন সমাগত । তেনে সময়তে ৰাজ্যখনত সংঘটিত এইধৰণৰ ঘটনাই নিশ্চিতভাৱে ৰাজনৈতিক ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Child abused by man: 5 বছৰীয়া শিশুক যৌন উৎপীড়ণ চলায় গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.