ETV Bharat / bharat

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন দালাই লামা, মুখ্যমন্ত্ৰীলৈ পত্ৰ - Dalai Lama donating funds

ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছে তিব্বতীয় ধৰ্মগুৰু দালাই লামাই (Dalai Lama send letter to Himanta Biswa Sarma)। উক্ত পত্ৰত দালাই লামাই ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে (Dalai Lama expresses concern over Assam floods)।

Dalai Lama
Dalai Lama
author img

By

Published : Jun 22, 2022, 5:13 PM IST

নিউজ ডেস্ক, ২২ জুন : অসমৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে (Flood situation of Assam yet critical)। বছৰৰ দ্বিতীয়টো বানত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ ৩২ খন জিলাৰ কেইবা লক্ষাধিক লোক (32 Districts of Assam effected in Flood)। মৃত্যু হৈছে ৮০ জনৰো অধিক । আনহাতে, সন্ধানহীন প্ৰায় ৭জন লোক । ইতিমধ্যে ৰাজ্য চৰকাৰে স্থানীয় প্ৰশাসন তথা এছডিআৰএফ, এনডিআৰএফ আৰু সেনাবাহিনীৰ জৰিয়তে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে (Rescue operation going on by several agencies)। সমান্তৰালভাৱে বিতৰণ কৰি থকা হৈছে বান সাহায্য। তাৰ মাজতে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ অহা ২৩ তাৰিখে আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ এটা দল (Central Govt. team to visit Assam flood situation)।

আনহাতে, ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছে তিব্বতীয় ধৰ্মগুৰু দালাই লামাই (Dalai Lama send letter to Himanta Biswa Sarma)। উক্ত পত্ৰত দালাই লামাই ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে (Dalai Lama expresses concern over Assam floods)। আনহাতে, বানৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু ধন-জন হানিক লৈও দুখ প্ৰকাশ কৰিছে (Dalai Lama feels sad for Assam flood)। লগতে বানৰ ফলত ঘৰ-বাৰী এৰিব লগা হোৱা লোকসকলৰ বাবে চিন্তা ব্যক্ত কৰিছে ।

বানাক্ৰান্তসকলৰ প্ৰতি সমবেদনা জনাই দালাই লামাই পত্ৰখনত লিখিছে, অসম তথা ভাৰতৰ অন্য কিছু প্ৰান্তত প্ৰতি বছৰে বাৰিষাৰ বতৰত বান পৰিস্থিতিয়ে সৃষ্টি কৰা ধ্বংসাত্মক কাৰ্য অতি দুৰ্ভাগ্যজনক (Flood situation of Assam is very bad)। লগতে তেওঁ মুখ্যমন্ত্ৰীলৈ লিখিছে, "সাম্প্ৰতিক বানত আপোনাৰ ৰাজ্যৰ লাখ লাখ জনসাধাৰণে দুৰ্ভোগ ভুগিবলগীয়া হোৱাত মই দুখ প্ৰকাশ কৰিছোঁ । মই আপোনাৰ লগতে যিসকল লোকে নিজৰ আত্মীয়-স্বজনক হেৰুৱাবলগা হৈছে আৰু যিসকলে বানৰ মাজত ককবকাই থাকিবলগা হৈছে সকলোলৈকে গভীৰ সমবেদনা জনাইছোঁ (Dalai Lama express deepest condolences) ।"

ইফালে বন্যাক্ৰান্তক উদ্ধাৰকাৰ্যত নিয়োজিত উদ্ধাৰকাৰীসকলৰো প্ৰশংসা কৰিছে তীব্বতীয় ধৰ্মগুৰুগৰাকীয়ে। তেওঁ পত্ৰখনত লিখিছে, "মই যিসমূহ উদ্ধাৰকাৰী দল বানপীড়িতসকলক উদ্ধাৰকাৰ্যত নিয়োজিত হৈ আছে আৰু সাহায্য সামগ্ৰী উপলব্ধ কৰাবৰ বাবে সম্ভাৱ্য সকলো প্ৰকাৰৰ চেষ্টা চলাই আছে, তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ ।"

তেওঁ লগতে অসমৰ জনগণৰ সৈতে একেলগে থকাৰ প্ৰতীক হিচাবে বানাক্ৰান্তক সহায়ৰ বাবে তেওঁৰ 'গাডেন ফোডাং ট্ৰাষ্ট'ৰ (Gaden Phodang Trust) পৰা দান আগবঢ়াব, যাতে বান প্ৰভাৱিত লোকসকলক সকলো প্ৰকাৰৰ সহায় আগবঢ়াব পৰা যায় (Dalai Lama donating funds)।

লগতো পঢ়ক : বানৰ কৱলত এশিঙীয়া গঁড়ৰ আৱাসভূমি পবিতৰা অভয়াৰণ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.