মেষ ৰাশি: কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ লক্ষ্যত সফল হʼব ৷ সমনীয়াৰ লগত তৰ্ক হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে কৰ্মত সফল হʼব ৷
বৃষ ৰাশি: বিপদত পৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলেও ফল নাপাব পাৰে ৷ কোনো কোনো ক্ষেত্ৰত এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, ইয়ে কাৰ্য-কর্মত প্ৰভাৱান্বিত কৰিব ৷ যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ সফল হʼব ৷
মিথুন ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷
কৰ্কট ৰাশি: আৱেগিক হৈ পৰিব ৷ কৰ্মত বেছি মনোযোগ দিব হʼব ,লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লগ পাব ৷
সিংহ ৰাশি: জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলেও ফল নাপাব পাৰে ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷
কন্যা ৰাশি: কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ প্ৰেমত ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷
তুলা ৰাশি: পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত ভাল ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷
বৃশ্চিক ৰাশি: কর্ম ব্যস্ততা বৃদ্ধি পাব ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷
ধনু ৰাশি: নিন্দা আৰু পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷
মকৰ ৰাশি: কর্ম ব্যস্ততা বৃদ্ধি পাব ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব ৷ সফল হʼব ৷
কুম্ভ ৰাশি: পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্কৰ লগত, সমনীয়াৰ লগত সম্পৰ্ক ভাল হ‘ব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
মীন ৰাশি: মনটোক অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিব ৷ শুভ দিন ৷ দিনটো আনন্দেৰে পাৰ হ’ব ৷ ভাগ্য ভাল ৷ অধিক ধন উপাৰ্জন কৰিব ৷