মেষ ৰাশি: আজি গোটেই দিনটো আপুনি মানসিকভাৱে তজবজীয়া হৈ থাকিব । আপোনাৰ সাংসাৰিক জীৱন আনন্দদায়ক হৈ থাকিব । আজি আপুনি ভ্ৰমণত যাব পাৰে আৰু জুতিলগা খাদ্য ভোজন কৰিব । হেৰাই যোৱা কোনো বস্তু বিচাৰি পাব পাৰে । নিজৰ চিন্তা আৰু প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰক । বৈদেশিক বাণিজ্যৰ সৈতে যুক্ত লোকসকলে লাভবান হ’ব । বৌদ্ধিক আলোচনাত নৈৰ্ব্যক্তিক মনোভাৱ বৰ্তাই ৰাখক ।
বৃষ ৰাশি: আজি গোটেই দিন আপুনি মানসিকভাৱে আৰামত থাকিব । আপুনি নিজৰ কামৰ নিখুঁত পৰিকল্পনাৰ সৈতে প্ৰণালীবদ্ধভাৱে আগুৱাই যাব পাৰিব । অসমাপ্ত হৈ থকা কামবোৰ আজি আপুনি সম্পন্ন কৰিব পাৰে । কৰ্মক্ষেত্ৰত অধস্তনসকলৰপৰা কাৰ্যকৰী সাহায্য পাব। পিতৃ-মাতৃৰপৰা সুসংবাদ পাব । আজি আপুনি শাৰীৰিকভাৱে সুস্থ থাকিব ।
মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । নতুন কাম আজি হাতত নল’ব। স্বামী বা স্ত্ৰী আৰু সন্তানক লৈ দুশ্চিন্তা থাকিব । এয়া আপোনাৰ মনক সন্দেহৰে আগুৰি ৰাখিব । পেটৰ গণ্ডগোলৰ কাৰণে আপুনি সম্পূৰ্ণ সুস্থ থাকিব নোৱাৰিব । ব্যয় প্ৰচণ্ড পৰিমাণে বৃদ্ধি পাব । তথাপি পঢ়ুৱৈসকলৰ কাৰণে আজিৰ দিনটো অনুকূল । সম্ভৱ হ’লে মানুহৰ সৈতে বিবাদত নোসোমাব, কেৱল এইষাৰ কথা বুজাই দিয়াৰ কাৰণে যে, তেওঁলোকৰ প্ৰতি আপোনাৰ মনত কোনো বেয়া ভাৱ নাই। আপোনাৰ লাঞ্ছনা হ’ব পাৰে, এনেকুৱা পৰিস্থিতি এৰাই চলক ।
কৰ্কট ৰাশি: আজি আপুনি ভাবি-চিন্তি কাম কৰক । আপোনাৰ শাৰীৰিক শক্তি আৰু মানসিক শান্তি বৰ্তাই ৰখাটো আপোনাৰ বাবে জটিল হ’ব পাৰে । হৃদৰোগ বা অন্যান্য কোনো ৰোগৰ বাবে আপুনি বিষ অনুভৱ কৰিব পাৰে । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ ফলত আপুনি মনত দুখ পাব পাৰে । অধিক ব্যয়ৰ যোগ আছে । আপোনাৰ বদনাম হ’ব পাৰে এনেকুৱা পৰিস্থিতি এৰাই চলক । অনিদ্ৰাই আপোনাক আমনি দিব পাৰে ।
সিংহ ৰাশি: আজি আপুনি সফলভাৱে নিজৰ কাম সম্পন্ন কৰিব পাৰিব আৰু নিজৰ প্ৰতিযোগীসকলক পৰাস্ত কৰিব পাৰিব । সেয়ে আজি আপুনি আনন্দত থাকিব । ভাইভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হৈ থাকিব । প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ আছে । আজি আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব পাৰে । আজি আপোনাৰ আৰ্থিক লাভো হ’ব পাৰে । আজি আপুনি শান্ত হৈ থাকিব । স্ত্ৰীভাগ্য আজি আপোনাৰ উপৰত প্ৰসন্ন । নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে হয়তো শুভ । আপুনি নিজৰ মিঠা মাতেৰে নিজৰ চাৰিও ফালে থকা লোকৰ উপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব । আপোনাৰ ঘৰুৱা পৰিৱেশ ভালে থাকিব । তথাপি সংঘাতৰ সামান্য সম্ভাৱনাকো এৰাই চলিবলৈ নিজৰ মুখত লেকাম টানি ৰাখক । আপুনি আজি সুচলভাৱে আৰ্থিক দিশবোৰ চম্ভালি ল’ব পাৰিব । নেতিবাচক চিন্তা এৰাই চলক । আজি আপুনি বন্ধু আৰু প্ৰিয়জনসকলক লগ পাব পাৰে । সৰুসুৰা ভ্ৰমণ হোৱাৰ যোগ আছে ।
তুলা ৰাশি: আজি আপুনি যি কোনো কামেই আত্মবিশ্বাসৰ জোৰত কৰি যাব পাৰিব । আপুনি আজি নিজৰ আৰ্থিক দিশটোক সফলভাৱে চম্ভালি লৈ যাব পাৰিব । আজি আপুনি শাৰীৰিক আৰু মানসিক আনন্দ লাভ কৰিব । শ্বপিং আৰু মনোৰঞ্জনৰ নামত খৰছ হ’ব আপোনাৰ । আপুনি নিজৰ বিশ্বাসত অটল থাকিব । সৃজনশীল ক্ৰিয়াকলাপত যুক্ত হোৱাৰ যোগ আছে ।
বৃশ্চিক ৰাশি: খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ কিন্ত আপুনি মন কৰিব আপোনাৰ খৰচ ভাল কামৰ বাবে কৰা হৈছে , যেনে ভ্ৰমন , আনন্দ আৰু খেলা ধূলাত ৷ কিন্তু আপোনাৰ শৰীৰে আপোনাৰ লগ নিদিব ৷ ফলত আপুনি সম্পূৰ্ন আনন্দ উপভোগ কৰাত ব্যৰ্থ হ’ব৷ মেডিকেল বিষয়ৰ অস্ত্ৰোপচাৰ কৰিবলগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভূল বুজাবুজি হ’ব পাৰে ৷ পৰিয়ালৰ ঘনিষ্ট জনৰ ব্যৱহাৰত আপোনাৰ খং উঠিব পাৰে ৷ সাৱধানে থাকক অন্যথা আপুনি বিপদত পৰিব পাৰে ৷ সামাজিক ভাবে অপদস্থ হ’বলগীয়া হ’ব পাৰে ৷
ধনু ৰাশি: আজি আপুনি কামৰ বোজাৰ মাজত থাকিব লাগিব ৷ কামৰ বোজা বৃদ্ধি হ’লেও শেষ নোহোৱালৈকে ৰক্ষা নহ’ব, কিন্তু কামৰ অন্তত আপুনি আনন্দ অনুভৱ কৰিব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব আৰু প্ৰেমৰ উমেৰে ভৰা হ’ব ৷ বন্ধুৰ লগত খোজকঢ়া, পাহাৰ বগোৱা, দৌৰা আদি খেলত অংশ গ্ৰহণ কৰিব পাৰিব ৷ বিবাহপ্ৰাৰ্থী সকলৰ প্ৰেম বিবাহ হ’ব পাৰে ৷ সন্তান আৰু মহিলা বন্ধুৰ পৰা লাভ হ’ব ৷ ভাল খাদ্য আৰু সুভ গ্ৰহে আপোনালৈ বাট ছায় আছে ৷
মকৰ ৰাশি: এই দিনটোত সকলো কাম অসফল হ’ব যেন লাগিব , কিন্তু এই সময়ো পাৰ হৈ যাব ৷ মুকলি মনেৰে আৰু বহল মনেৰে কায্যপন্থা গ্ৰহণ কৰক কাম সহজ হ’ব ৷ জুই আৰু পানীৰ পৰা সাবধানে থাকক ৷ দুপৰীয়াৰ পৰা কামবোৰ সফল হ’ব৷ পদ্দোনতিৰ যোগ দেখা যায় আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ ব্যবসায় সংক্ৰান্তিয় ভ্ৰমণ হ’ব পাৰে আৰু আপোনাৰ আনন্দ বাঢ়িব ৷ ধনৰ ক্ষেত্ৰত আপুনি বিপদমুক্ত হ’বআৰু সন্মান লাভ কৰিব ৷ পাৰিবাৰিক পৰিবেশ সুন্দৰ হ’ব ৷ সন্তানৰ পৰা শুখ লাভ কৰিব আৰু অভিভাবকৰ ফালৰ পৰা চিন্তামুক্ত হ’ব ৷
কুম্ভ ৰাশি: এটা সুন্দৰ দিনৰ আৰম্ভণি হৈছে ৷ শৰীৰৰ ওপৰত চকু দিয়ক ৷ অন্যথা আপুনি দূৰ্বল আৰু কম কায্যক্ষম অনুভব কৰিব , তাৰ ফল আপুনি মানসিক ভাবে উপলব্ধি কৰিব ৷ ওপৰৰ অফিচাৰ বা প্ৰতিদন্দী সকলৰ পৰা সবধানে আতৰি থাকিব আৰু বুদ্ধিৰে কামত আগবাঢ়িব ৷ তেওলোকে আপোনাক অৱহেলা কৰিব পাৰে ৷ সন্তানৰ বাবে উদ্দিগ্নতা বৃদ্ধি হ’বপাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বিদেশৰ পৰা বহু দিনৰ পৰা প্ৰতিক্ষা কৰি থকা খবৰ আহিব পাৰে ৷ এই সকলোৰ বাদ দি আপুনি অলপ সময় উলিয়াই পৰিয়ালৰ লগত দিন কটাওক আৰু আনন্দ কৰক , সৰু সুৰা ভ্ৰমনত যাব পাৰে ৷
মীন ৰাশি: গণেশৰ কৃপাত এই দিনটো আপোনাৰ বাবে মধ্যমীয়া হ’ব ৷ হাতত লোৱা কামত অলপ বেছি মনোযোগ দিয়ক ৷ নিজৰ কামখিনি নিজেই কৰিবলৈ চেষ্টা কৰক ৷ কাৰো ওপৰত বৰ বিশ্বাস নকৰিব ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ অবনতি ঘটিব ৷ কিন্তু ধনৰ ক্ষেত্ৰত ভাল দিন , হঠাৎ নভবাকৈ ধনাগমন হ’বপাৰে ৷ ব্যবসায়ত সোমায় থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে ৷ অযথা খৰচৰ মাত্ৰা কমাওক ৷ মানসিক শক্তিৰ উন্নতিৰ বাবে যোগ বা ধ্যান আৰু প্ৰাৰ্থনা কৰিব পাৰে ৷