মেষ ৰাশি: আজি গোটেই দিনটো আপোনাৰ মনত দুখ আৰু ক্ষোভ থাকিব, তাৰ বাবে সাজু হৈ থাকক ৷ আজি আপোনাৰ আৱেগ আৰু অনুভূতিয়ে আপোনাক চলাই থাকিব, তাৰ ফলত আপুনি হয়তো কাৰোবাক এনেকুৱা কিবা কৈ দিব যে তাৰ বাবে পিছত অনুতাপ হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক ৷ সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদত নোসোমাব ৷ বাহন সাৱধানে চলাব ৷ নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক ৷ শিক্ষক আৰু পণ্ডিত ব্যক্তিসকলৰ বাবে দিনটো অন্যান্য দিনৰ দৰেই থাকিব ৷
বৃষ ৰাশি: আজি দিনটো সতেজ অনুভৱ কৰিব ৷ সংগীত, গীত, নৃত্য আদি দিশত মনোনিবেশ কৰিব পাৰে ৷ আজি আপুনি পৰিয়ালৰ প্ৰতি আকৃষ্ট হ’ব আৰু পৰিয়ালৰ লোকৰ সময় কটাব পাৰে ৷ আৰ্থিক দিশত শুভ ৷ কেৱল ভাবি-চিন্তি খৰচ কৰিব ৷
মিথুন ৰাশি: আপুনি সময়ত কোনো কাম শেষ কৰিব নোৱাৰিব, কাম কৰিবলৈ যাওঁতে বাধা পাব আৰু কিবা নহয় কিবা কাৰণত কামত আপোনাৰ পলম হ’ব পাৰে ৷ আৰ্থিক বিষয়সমূহত ব্যৰ্থতা আহিব পাৰে, কিন্তু আকৌ আপোনাৰ পৰিকল্পনা অনুসৰিয়ে আপোনাৰ কামবোৰ নিমজকৈ আগবাঢ়ি যাব ৷ কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অন্যান্য দিনৰ দৰেই ৷ সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব ৷ বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে থাকি আপোনাৰ ভাল লাগিব ৷
কৰ্কট ৰাশি: আনন্দ, হাঁহি-ফুৰ্তি, উলহ মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰি দিব ৷ ভ্ৰমণৰ যোগ আছে ৷ সুখাদ্য আৰু মিঠাই ভোজন হ’ব পাৰে ৷ আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷
সিংহ ৰাশি: আজি আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য হৈ থাকিব ৷ নাৰীৰ সৈতে কথা পতাৰ সময়ত কৌশল অৱলম্বন কৰি চলিব ৷ কাৰো হৈ কোনো কথা নক’ব বা কাৰো হৈ কোনো কথা নিদিব ৷ তৰ্ক বিবাদৰপৰা দূৰত থাকক ৷ আইনী বিষয়বোৰ অত্যধিক সাৱধানতাৰে চম্ভালি লওঁক ৷ সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক ৷ ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে ৷
কন্যা ৰাশি: আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো ক্ষেত্ৰৰপৰা লাভবান হ’ব ৷ এই ক্ষেত্ৰত সহায়কৰ ভূমিকা পালন কৰিব পাৰে বান্ধৱীসকলে ৷ বন্ধুসকলৰ সৈতে নৈসৰ্গিক স্থানত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সন্তানৰপৰা সু-সংবাদ পোৱাৰ আশা আছে ৷
তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অত্যধিক শুভ ৷ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো বৰ উজ্জ্বল আৰু অনুকূল ৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহাৰ যোগ আছে ৷ পদোন্নতিৰ প্ৰবল সুযোগ আছে ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ মাতৃৰ পৰা কোনো লাভ আৰু উপকাৰিতা পাব পাৰে ৷
বৃশ্চিক ৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক আৰু সাৱধান হৈ থাকিব লাগিব ৷ আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি বিশেষ প্ৰসন্ন নাথাকিব আৰু আপোনাৰ সকলো কামক জটিলভাৱে বিচাৰ বিশ্লেষণ কৰিব ৷ যাৰ ফলত আপুনি হতাশ আৰু বিষণ্ণ হৈ পৰিব পাৰে ৷ লগতে আপুনি এলেহুৱা আৰু উদ্যমহীনতা অনুভৱ কৰিব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ অপৰিকল্পিত ব্যয়ৰ বাবে সাজু থাকক ৷ সৰুসুৰা ভ্ৰমণত যাব পাৰে ৷
ধনু ৰাশি: নতুন প্ৰকল্প আৰু কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ নতুন কোনো চিকিৎসাও আজি আৰম্ভ কৰাব নালাগে ৷ আপোনাৰ কথাবতৰা আৰু আচৰণত সাৱধান হওঁক ৷ অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকৰ হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ অবৈধ সম্পৰ্ক আৰু বে-আইনী কামত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল লাগিব ৷
মকৰ ৰাশি: আজিৰ দিনটো শুভ ৷ আজি ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰভূত সম্ভাৱনা আছে ৷ কমিছন, সুত পোৱাৰ জৰিয়তে বা ব্যৱসায়িক লেনদেনৰ জৰিয়তে আয়বৃদ্ধি হোৱাৰ উজ্জ্বল সম্ভাৱনা আছে ৷ আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰভূত উন্নতি হ’ব ৷ আপোনাৰ ৰাজহুৱা ক্ষেত্ৰত আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তিৰ লেখতল’বলগীয়াকৈ উন্নত হ’ব ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷
কুম্ভ ৰাশি: আজি আপোনাৰ হাতত মুঠিত পৃথিৱীখন আহি গৈছে যেন লাগিব ৷ কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুৱাব আৰু তাৰ বাবে প্ৰচুৰ প্ৰশংসা পাব আপুনি ৷ ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও আপোনাক সাহায্য আৰু উপকাৰ কৰিব ৷ পৰিয়ালৰ সৈতে সময় কটালে নিশ্চিতকৈ আনন্দ পাব আৰু সেয়া আপোনাৰ বাবে মূল্যবান যেন লাগিব ৷ ৰাতপুৱাৰপৰা সন্ধিয়ালৈকে আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব লাগিব ৷
মীন ৰাশি: আজি আপোনাৰ প্ৰচণ্ড সৃজনশীল হৈ থকাৰ সম্ভাৱনা আছে ৷ আজি আপুনি নিজৰ কল্পৰাজ্যত নিজৰ ইচ্ছা অনুযায়ী বিচৰণ কৰিব ৷ আজিৰ দিনটো শিক্ষক আৰু পণ্ডিতসকলৰ বাবে অতি শুভ ৷ আজিৰ দিনটো আপুনি প্ৰচণ্ড চিন্তাশীল আৰু আৱেগিক হৈ থাকিব ৷