মেষ ৰাশি: আজি আপুনি সকলো কামতে নমনিয়তাৰ পৰিচয় দিয়ক ৷ পৰিয়ালক বিচৰাখিনি দিবলৈ চেষ্টা কৰক ৷ যিয়ে আপোনাক শান্তি দিব ৷ কথা কওতে সাৱধান হওক অন্যথা আপোনাৰ কথাই আপোনজনক আঘাট কৰিব ৷ তৰ্ক-বিতৰ্ক অধিক দূৰলৈ যাবলৈ নিদিব ৷
বৃষ ৰাশি: ধনৰ বৰ্ষা হ’ব ৷ আপোনাৰ ওপৰত লক্ষ্মী দেৱী সন্তুষ্ট হ’ব ৷ টকাৰ লেনদেন আৰু ধন আগমনৰ বাট মুকলি হ’ব ৷ আপোনাৰ মন ভালে থাকিব আৰু তাৰ ফলত আগতে ৰৈ যোৱা কাম সমুহ সোনকালে শেষ কৰিব পাৰিব ৷ আনন্দৰে থাকক, তাৰ বাবে জমা টকা খৰচ কৰিবলৈ চিন্তা নকৰিব ৷ পৰিয়ালৰ লগত সৌহাদ্যপূৰ্ণ আলোচনাই মনক আনন্দ প্ৰদান কৰিব ৷
মিথুন ৰাশি: ব্যায়াম কৰা আৰম্ভ কৰক ৷ আপোনাৰ খং আৰু তিতা মাত কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব ৷ ধ্যান কৰক, সুখ অনুভৱ কৰিব! যি আপোনাৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰিব ৷ চকুৰ অশুবিধাত ভোগা সকলৰ বাবে সুবিধাজনক দিন নহয় ৷ আয় ৰ মাত্ৰাতকৈ ব্যৰ মাত্ৰা বৃদ্ধি হ’ব৷ দূৰ্ঘটাৰ যোগ আছে, গাড়ী সাৱধানে চলাব ৷ পাৰ্থনা আৰু ধৰ্মিয় কামকাজে মনক শান্তি দিব ৷
কৰ্কট ৰাশি: আপোনাৰ কৰ্মদক্ষতাই আপোনাক ভাল ফল ভোগ কৰত সহায় কৰিব ৷ বন্ধুৰ লগত সুন্দৰ সময় উপভোগ কৰিব পাৰিব ৷ অকলশৰিয়া সকল সাজু হওক আপোনালোকে এইকেইদিনতে জীৱনসংগী লাভ কৰিব ৷ হঠাৎ ধনাগমনৰ বাট মুকলি হ’ব ৷ দীঘলীয়া ভ্ৰমনত যাব পাৰে আৰু দিনটো সফলতাৰে পাৰ কৰিব পাৰে ৷
সিংহ ৰাশি: আপোনাৰ কৰ্মদক্ষতা আপোনাৰ কথাত আৰু কামত জিলিকি উঠিব ৷ আপোনাৰ বচ আৰু উচ্চপদস্ত বিষয়া সকল আপোনাৰ কামত শুখী হ’ব, যি আপোনাক সামাজিক পৰিচয় প্ৰদান কৰিব ৷ পিতৃৰ লগত সম্পৰ্কৰ উন্নতি হ’বআৰু তেওঁৰ পৰা সহায় লাভ কৰিব ৷ মাটি-বাৰী বেছা কিনাৰ বাবে সুন্দৰ সময় ৷ চমুকৈ ক’বলে গ’লে এটা সুন্দৰ দিন ৷
কন্যা ৰাশি: দুৰ্বল আৰু বেমাৰীভাবে আজি সমগ্ৰ দিনটো ঘেৰি ৰাখিব ৷ সন্তানৰ শৰীৰৰ চিন্তাই আপোনাৰ মন অশান্ত কৰি ৰাখিব , যাৰ ফলত আপোনাৰ উদ্দিগ্নতা বৃদ্ধি হ’বআৰু কায্যক্ষমতা হ্ৰাস পাব ৷ কায্যক্ষেত্ৰত আপোনাৰ সহকৰ্মি আৰু বচে কৰা সমালোচনাত মন নিদিব ৷ দিনটো যেনেতেনে পাৰ কৰি দিয়ক ৷ আপোনাৰ প্ৰতিদন্দি সকলৰ এতিয়াৰ খোজ কি হ’ব মন দিয়ক যদিহে আপুনি জয়ী হ’ব বিচাৰিছে ৷
তুলা ৰাশি: প্ৰত্যেক খোজ সাৱধানে দিয়ক ৷ কাজিয়া,তৰ্ক, খং আৰু বেয়া শৰীৰে আপোনাৰ সমগ্ৰ দিন অসুবিধাজনক কৰি ৰাখিব ৷ শান্ত থাকক আৰু প্ৰতি খোজতে সাবধান হওক ৷ আজিৰ এটা ভাল দিশ ধনৰ দিশটো ৷ যিয়ে আপোনাক সুখী কৰি তুলিব ৷ কোনো ৰহস্যময় বিষয়ত আপুনিআপোনাৰ মন টানি নিয়া যেন অনুভব কৰিব কিন্তু ধৰ্মিয় কামকাজে মনক স্থিৰ কৰাত সহায়ক হ’ব ৷
বৃশ্চিক ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব পাৰিব ৷ পুৰণি বন্ধুক লগ পাব আৰু এটা সৰু বনভোজৰ আয়োজন কৰিব পাৰে ৷ দেওবৰীয়া কাম বোৰটো আছেই ৷ আপোনাৰ সুন্দৰ কাপোৰ আৰু গহনা কিনিবলৈ মন যাব অথবা আপুনি জীৱন সংগীৰ পৰা উপহাৰ ৰূপেও এইবোৰ লাভ কৰিব পাৰে ৷ এটা ব্যৱস্থাপূৰ্ণ বজাৰৰ যোজনাই আপোনাক সুখী কৰি তুলিব ৷ আপুনি সামাজিকভাৱে সন্মানীয় হৈ উঠিব পাৰিব ৷
ধনু ৰাশি: আপোনাৰ গ্ৰহ আজি সথিক ঠাইত আছে, যি আপোনাক বহু সুবিধা প্ৰদান কৰিব ৷ আপোনাৰ মানসিক আৰু শাৰিৰিক স্বাস্থ্যৰ অবস্থা ভালে থাকিব ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰৰ পৰিবেশ সুবিধাজনক দেখা যাব আৰু আপুনিআৰু কৰ্মক্ষম হৈ পৰিব ৷ মাতৃৰ ঘৰৰ পৰাঅহা ভাল খবৰে আপোনক আনন্দিত কৰি তুলিব ৷ আপোনাৰ প্ৰতিদন্দীতকৈ আপুনি নিজকে শক্তিশালী অনুভব কৰিব আৰু বিজয়ী হ’ব পাৰিব ৷
মকৰ ৰাশি: আজি আপুনি এলাহ আৰু দুৰ্বল অনুভব কৰিব ৷ বিভিন্ন কাৰণত চিন্তিত হৈ থাকিব ৷ মানসিক কাৰণত টান কাম কৰাৰ ক্ষমতা হ্ৰাস হ’ব৷ কামৰ ক্ষেত্ৰত আপোনাৰ গ্ৰহ সথিক জেগাত নায় , যাৰ বাবে আপুনি আপোনাৰ বচৰ পৰা কটু কথা শুনিব লগীয়া হ’ব পাৰে ৷ সন্তানৰ স্বাস্থ্যৰ যত্ন লওক ! দীঘলিয়া উশাহ লওক আৰু জিৰনি আৰু শান্তি অনুভব কৰক ৷
কুম্ভ ৰাশি: এটা মধ্যমীয়া দিন ৷ বেয়া চিন্তাবোৰ আঁতৰাই পেলাওক যিবোৰে আপোনাৰ শৰীৰ আৰু পৰিয়ালৰ অশান্তিৰ কাৰণ বুলিব পাৰি ৷ এনে কোনো কাম নকৰিব যি আপোনাক সামাজিক ভাবে সন্মান হানি কৰে ৷ ঘৰ আৰু সম্পত্তিৰ ক্ষেত্ৰত বিচাৰ কৰোতে বেছি সাবধান হওক ৷ শিক্ষাৰ্থীসকলৰ পঢ়াৰ ক্ষেত্ৰত সুগম দিন ৷ ধনৰ দিশত আপোনাৰ ব্যবস্থাপনা সফল হ’বআৰু ধনাগমনৰ বাট সুগম হ’ব৷ মাতৃৰ পৰা লাভ পাব ৷
মীন ৰাশি: এই সময় আপুনাৰ বাবে নিজৰ সিদ্ধাত নিজে গ্ৰহণকৰাৰ সময় ৷ এই সিদ্ধান্তই আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব ৷ আপোনাৰ কাৰ্যৰ দ্বাৰা আপুনি সামাজিকভাৱে নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ একে সময়তে আপুনি আপোনাৰ জীৱনসংগীৰ ফালৰ পৰাও সহযোগ লাভ কৰিব ৷ সংগীৰ লগত দীঘলীয়া যাত্ৰা কৰিব পাৰে ৷ আপোনাৰ প্ৰেমিকাই আপোনাৰ আগত কিবা গুপুত কথা ব্যক্ত কৰিব আৰু আপোনালোক ইজনে সিজনৰ বহুত ওচৰ চাপি আহিব ৷