মেষ ৰাশি: দিনতো বৰ ভাল নহয় ৷ শান্ত থাকক ৷ সাৱধানে থাকক, অন্যথা কোনোবাই মানসিকভাৱে আঘাত কৰিব পাৰে ৷ মাতৃৰ শৰীৰ আৰু আন কিছুমান কাৰণত মনটো অস্থিৰ হৈ থাকিব ৷ পানীৰ পৰা আঁতৰত থাকক ৷
বৃষ ৰাশি: চিন্তাৰ টোপোলাটো আঁতৰাই ৰাখক, সতেজ অনুভৱ কৰক ৷ দিনটো সাহিত্য আৰু কলাৰ চৰ্চাৰ বাবে উত্তম দিন ৷ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ’ব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণত শুভ ৷
মিথুন ৰাশি: দিনটো মধ্যম ৷ ভাগৰুৱা হৈ পৰিব ৷ কাৰ্যদক্ষতা আৰু কষ্টৰে কামত সফল হ’ব ৷ সহযোগীৰ সহযোগিতা লাভ কৰিব৷ ধন সম্পত্তি বৃদ্ধি হ’ব ৷
কৰ্কট ৰাশি: দিনটো সতেজ অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত ভ্ৰমণত যাব পাৰে ৷ কোনো শুভ বাৰ্তা পাব পাৰে ৷
সিংহ ৰাশি: ভাগ্য বৰ ভাল নহ’ব ৷ চিন্তাই দিনটো জুৰুলা কৰিব ৷ মানসিক আৰু শাৰীৰিকভাৱে এইবোৰে প্ৰভাৱ পেলাব ৷ ভুল বুজাবুজি দূৰ কৰক ৷
কন্যা ৰাশি: শুভ দিন ৷ সামাজিকভাৱে সন্মান আৰু নাম লাভ কৰিব ৷ ধন বৃদ্ধি হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে ভাল সময় ৷ ব্যবসায়ত প্ৰচূৰ লাভ হ’ব ৷ ভ্ৰমণ পিছুৱাই দিয়ক ৷
তুলা ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ দিনটো মধ্যম ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকুল হ’ব ৷ পদোন্নতি হ’ব পাৰে ৷ চৰকাৰী আৰু আইনী কামত সফলতা লাভ কৰিব ৷
বৃশ্চিক ৰাশি: শাৰীৰিকভাৱে দূৰ্বল অনুভৱ কৰিব ৷ ব্যৱসায়ত লোকচান ভৰিব পাৰে ৷ অলপ সাৱধানে থাকক ৷ কোনো লোকৰ লগত কাজিয়াৰ সূত্ৰপাত হ’ব পাৰে ৷ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ কোনো ৰাজনৈতিক সংকটত পৰিব পাৰে ৷ শান্ত হৈ থাকক, বিপদবোৰ লাহে লাহে নিজে আঁতৰি যাব ৷
ধনু ৰাশি: নতুন কাম আৰম্ভ কৰাৰ পৰা আঁতৰি থাকক ৷ বেআইনী কামৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ যিয়ে সন্মান হানি কৰিব পাৰে ৷ বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব ৷
মকৰ ৰাশি: উপাৰ্জন বৃদ্ধি হ’ব ৷ কামত সফলতা লাভ কৰিব ৷ ব্যৱসায়ত সফলতা লাভ কৰিব ৷ কলাৰ প্ৰতি প্ৰেম হ’ব ৷ শৰীৰ ভালেৰে যাব ৷
কুম্ভ ৰাশি: গণেশৰ কৃপাত কামত সাফল্য আৰু নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ মানসিকভাৱে নিজকে সলনি হোৱা যেন অনুভৱ কৰিব ৷ সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷
মীন ৰাশি: কাৰ্যদক্ষতাই নিজকে প্ৰতিষ্ঠা লাভত সহায় কৰিব ৷ ভিতৰত লুকাই থকা সুপ্ত প্ৰতিভা প্ৰকাশ পাব ৷ সফল হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলে ধীৰে ধীৰে তেওঁলোকৰ সফলতাৰ দিশত আগবাঢ়িব পাৰিব৷ পানীৰ পৰা আঁতৰি থাকক ৷