মেষ ৰাশি: দিনটো শুভ আৰু ঘটনাবহুল ৷ মানসিক অস্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ মনস্থিৰ কৰিব নোৱাৰিব, আত্মবিশ্বাস আৰু দৃঢ়তাৰে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ অফিচৰ কামত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে ৷
বৃষ ৰাশি: দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত হাতৰ পৰা সুযোগ গুচি যাব পাৰে ৷ ভ্ৰমণ নকৰিব ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷
মিথুন ৰাশি: আৰ্থিক লাভ পাৰে ৷ সুখাদ্য ভোজন কৰিব, নিজৰ পছন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ৷ উপহাৰ পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক ৷
কৰ্কট ৰাশি: বিভ্ৰান্ত হৈ থাকিব আৰু মনত খেলিমেলি লাগি থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে ৷ অধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ মুখত লেকাম টানি ৰাখক আৰু ভুল বুজাবুজি দূৰ কৰক ৷ স্বাস্থ্যৰ যতন ৰাখক ৷
সিংহ ৰাশি: লাভৰ যোগ আছে ৷ সকলোৱে আন্তৰিকতা প্ৰকাশ কৰিব ৷ সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে ৷ মনটো স্থিৰ কৰিব নোৱাৰা বাবে সুযোগ হাতৰ পৰা গুচি যাব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে ৷ দিনটোৰ সৰহ ভাগ সময় চিন্তাত মগ্ন হৈ থাকিব ৷
কন্যা ৰাশি: দিনটো অনুকূল আৰু সদয় ৷ কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে ৷ ব্যৱসায়ীসকলে প্ৰচুৰ লাভ কৰিব ৷ পিতৃৰ ফালৰপৰা লাভ আৰু উপকাৰ পাব ৷ পৰিয়ালত সুখ আৰু শান্তি বৰ্তি থাকিব ৷
তুলা ৰাশি: দিনটো ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলে সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সাহিত্যিক আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব ৷
বৃশ্চিক ৰাশি: সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ আজি সতৰ্ক হৈ থাকিব লাগিব আৰু ভাবি চিন্তি চলিব লাগিব ৷ পৰিস্থিতি বৰ ভাল নহয় ৷ নতুন প্ৰকল্প আৰু কাৰ্যসূচী পিছুৱাই দিয়ক ৷ খঙক নিয়ন্ত্ৰণত ৰাখক ৷ কূটাঘাতমূলক আৰু অবৈধ কাম কৰাৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়ক ৷ অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে ৷
ধনু ৰাশি: শুভ দিন ৷ দিনটো উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ বিদেশীসকলৰ সংগ উপভোগ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
মকৰ ৰাশি: ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে অত্যধিক লাভদায়ক হ’ব ৷ সকলো কাম পৰিকল্পনা অনুসৰি হৈ থাকিব ৷ আৰ্থিক লেনদেনত শুভ ৷ ব্যৱসায়ত কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব ৷ অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা আন্তৰিকতা পাব ৷ স্বাস্থ্য উত্তম ৷ ঘৰত সুখ-শান্তি বৰ্তি থাকিব ৷
কুম্ভ ৰাশি: চিন্তা আৰু কথাবতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাহিত্যিক আৰু সাংস্কৃতিক ক্ৰিয়াকলাপত মনোযোগ দিব পাৰে ৷ ব্যয় বৃদ্ধি ৷ হজমজনিত সমস্যা দেখা দিব পাৰে ৷
মীন ৰাশি: উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদ হ’ব পাৰে ৷ তৰ্ক-বিতৰ্ক এৰাই চলিব ৷ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল আৰু নিশকতীয়া অনুভৱ কৰিব ৷ কোনো অপ্ৰত্যাশিত ঘটনাই আমনি দি থাকিব ৷ মনক অস্থিৰ কৰি ৰাখিব ৷ নাম আৰু যশ নষ্ট হ’ব পাৰে ৷ সাৱধানে ব্যৱসায় কৰক ৷