মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ । আজি আপুনি অত্যধিক তজবজীয়া হৈ থাকিব আৰু উত্সাহ-উদ্দীপনাৰে সৈতে কাম কৰিবলৈ আগুৱাই যাব । লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব । ঘৰৰ অসাধাৰণ পৰিৱেশত পৰিয়ালৰ সৈতে ভাল সময় কটাই আপুনি সম্পূৰ্ণ উজ্জীৱিত হৈ উঠিব । সামাজিকভাৱে অনানুষ্ঠানিক মিলামিচা বা আনন্দ-অনুষ্ঠানৰ যোগ আছে। আজিৰ সময়টো ভাল, ইয়াৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক আৰু প্ৰতিটো মুহূৰ্তক উপভোগ কৰক । মাতৃৰ ফালৰপৰা সু-সংবাদ পাব ।
বৃষ ৰাশি: বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ৷ আজিৰ দিনটো শিক্ষাৰ্থীৰ বাবে কঠিন হ’ব যেন অনুমান হয় ৷ চিন্তিত হৈ থাকিব ৷ পেট অসুখ আদিয়ে উদ্বিগ্ন কৰি ৰাখিব ৷ কিন্তু দুপৰীয়াৰ পিছত, বেমাৰৰ পৰা হাত সাৰিব ৷ মানসিক ভাৱেও, চাপমুক্ত হ’ব ৷ আপোনাৰ কামে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে ৷ আপোনাৰ সংগীৰ পৰা ভাল খবৰ লাভ কৰিব ৷
মিথুন ৰাশি: আপুনি আজি শক্তিহীন যেন অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ অস্থাৱৰ(মাটি আদি)সম্পত্তি সম্পৰ্কীয় বিষয়ত অধিক সৰ্তক হৈ থাকক ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷ বৌদ্ধিক চৰ্চাৰ পৰা দূৰত থাকক ৷
কৰ্কট ৰাশি: চিন্তা নকৰাকৈ কোনো কাম নকৰিব ৷ প্ৰিয়জনক লগ পাই আনন্দিত হ’ব ৷ সম্পৰ্কৰ উষ্ণতাই আপোনাক অধিক সুখী কৰি ৰাখিব ৷ প্ৰতিদ্বন্দীৰ সন্মূখন নিজৰ স্থিতি দৃঢ়তাৰে ৰাখক ৷ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ বাবে অলপ কঠিন হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লওক ৷ মাতৃৰ স্বাস্থ্য চিন্তাৰ বিষয় হ’ব পাৰে ৷ আৰ্থিক সমস্যাৰ সন্মূখীন হোৱাৰ সম্ভাৱনা আছে ৷
সিংহ ৰাশি: বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব আৰু বৌদ্ধিক চৰ্চাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰলুব্ধ হব, কিন্তু এনেক্ষেত্ৰত জড়িত হোৱাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ সদস্যসকলৰ লগত মন নিমিলিব পাৰে ৷ আজি আৰ্থিক লাভ হ’ব পাৰে ৷ দুপৰীয়া পিছত, প্ৰতিটো পদক্ষেপ ভাবি চিন্তি লব ৷ ভাতৃৰ পৰা উপকৃত হ’ব ৷ আধ্যাত্মিক ক্ষেত্ৰত অৰ্জন কৰাৰ সম্ভাৱনা আছে ৷
কন্যা ৰাশি: নিজৰ কথাৰ পৰা উপকৃত হ’ব পাৰে ৷ আপোনাৰ আৰু আনসকলৰ মাজৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছে ৷ যাত্ৰাৰ পৰা আনন্দিত হ’ব ৷ ব্যৱসায়িক ক্ষেত্ৰটো লাভাম্বিত হ’ব পাৰে ৷ পৰিয়ালৰ পৰিবেশ উত্সাহজনক হ’ব ৷ আৰ্থিক লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব ৷ বৈদেশিক ৰাষ্ট্ৰৰ লগত ব্যৱসায়িক লেনদেন সফল হ’ব ৷ নিজৰ পছন্দৰ আহাৰ গ্ৰহণ কৰিব ৷
তুলা ৰাশি: ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ কথা কওতে নিৰীক্ষণ কৰি, আপুনি এটা শান্তিপূৰ্ণ পৰিবেশ বৰ্তাই ৰাখিব পাৰিব ৷ আইনী সিদ্ধান্ত লওতে সৰ্তক হৈ থাকক ৷ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ দুপৰীয়াৰ পিছত, সুখ লাভ কৰিব ৷ আৰ্থিকভাৱে লাভাম্বিত হ’ব ৷
বৃশ্চিক ৰাশি: জীৱন সংগী নিৰ্বাচনৰ বাবে অতি শুভ দিন ৷ আয় বৃদ্ধি পাব পাৰে আৰু ব্যৱসায়ৰ বিকাশ হ’ব পাৰে ৷ বন্ধুবৰ্গৰ লগত প্ৰমোদ ভ্ৰমণত আনন্দ লাভ কৰিব ৷ দুপৰীয়াৰ পিছত আপুনি খঙাল আৰু আক্ৰমাণাত্মক হোৱাৰ সম্ভাৱনা আছে ৷ কাৰো প্ৰতি আগ্ৰাসী হোৱাৰ পৰা বিৰত থাকক ৷ বন্ধুবৰ্গৰ লগত হোৱা বিবাদৰ বাবে, মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷
ধনু ৰাশি: পৰিকল্পনাসমূহ কাৰ্য্যকৰীভাৱে সম্পন্ন কৰিব পাৰিব ৷ ব্যৱসায়ত সফল হ’ব ৷ কৰ্মস্থলীৰ পৰিবেশ সুবিধাজনক হ’ব ৷ আপুনি প্ৰদান কৰা কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি পদোন্নতি লাভ কৰিব ৷ পৰিয়াল-পৰিজন সুখী হ’ব ৷ বন্ধুবৰ্গক লগ কৰি আনন্দ লাভ কৰিব ৷ প্ৰমোদ ভ্ৰমণ কৰিবৰ বাবে উপযুক্ত সময় ৷ আৰ্থিক লাভৰ দিশত শুভ ফল লাভ ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷
মকৰ ৰাশি: বিদেশ ভ্ৰমণৰ ইচ্ছুকসকলে ভাল খবৰ প্ৰাপ্ত কৰিব ৷ ধৰ্মীয় যাত্ৰাৰ মাজেৰে আপুনি ঐশ্বৰিক আনন্দ লাভ কৰিব ৷ পৰিয়ালৰ লোকসকল প্ৰফুল্লিত মনেৰে থাকিব ৷ পেচাগত দিশত আপুনি ভালদৰে পাৰ কৰিব ৷ ঊৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কামৰ বাবে সন্তুষ্ট হ’ব ৷ আৰ্থিক লাভৰ লগতে, সন্মানো বৃদ্ধি পাব ৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব ৷ পৰিয়ালত বিবাদ বা কাজিয়া হ’ব পাৰে ৷
কুম্ভ ৰাশি: কোনো নতুন কাম আৰম্ভ নকৰিব ৷ সুস্থ হৈ থাকিবৰ বাবে খাদ্য তালিকাৰ প্ৰতি লক্ষ্য ৰাখক ৷ কথা কওতে ভাবি চিন্তি কব যাতে কোনো অসন্তুষ্টি বা আক্ৰমণাত্মক তৰ্কৰ সৃষ্টি নহয় ৷ দুপৰীয়াৰ পিছত আনন্দ বৃদ্ধি পাব পাৰে ৷ স্বাস্থ্যও উন্নত হ’ব ৷ ধৰ্মীয় কাৰ্য্য বা তীৰ্থযাত্ৰাত জড়িত হ’ব পাৰে ৷ ভাতৃ-ভগ্নীৰ দ্বাৰা উপকৃত হ’ব ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷
মীন ৰাশি: অংশীদাৰিক ব্যৱসায়ৰ পৰা লাভাম্বিত হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত কোনো দৰ্শনীয় স্থানত ভ্ৰমণ কৰিবৰ বাবে মন মেলিব পাৰে ৷ দুপৰীয়াৰ পিছত্, পৰিস্থিতি সলনি হোৱা অনুভৱ কৰিব ৷ নতুন কামত জড়িত নহ’ব ৷ যাত্ৰা এৰাই চলক ৷ ক্ৰোধ নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালৰ কোনো লোকৰ লগত বিবাদত লিপ্ত হ’ব পাৰে ৷