মেষ ৰাশি: সৰুসুৰা কথাই আমনি দি থাকিব ৷ কোনো কোনো ক্ষেত্ৰত এলেহুৱা, ভাগৰুৱা আৰু শক্তিহীন হৈ পৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা নকৰাই ভাল ৷ প্ৰিয়জনৰ সৈতে মত বিৰোধ হ’ব পাৰে ৷ সন্তানৰ লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিব ৷ সাৱধানতা অৱলম্বন কৰিব ৷
বৃষ ৰাশি: প্ৰবল ইচ্ছাশক্তি, আত্মবিশ্বাসৰে কাম কৰিলে সফল হ’ব ৷ খেলুৱৈসকলৰ বাবে দিনটো বৰ ভাল ৷ দিনটো প্ৰায় ভাল ৷ প্ৰেমত মনোযোগ দিব ৷
মিথুন ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ দিনটো আনন্দময় হ’ব ৷ কোনো বিপদত পৰিব পাৰে ৷ কৰ্মত খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ মনটোক অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিব ৷
কৰ্কট ৰাশি: দিনটো মধ্যমীয়া ৷ কোনো কথাই আপোনাক চিন্তিত কৰি তুলিব ৷ মন অস্থিৰ হৈ থাকিব আৰু দুশ্চিন্তাও আগুৰি ধৰিব ৷ মানুহক সন্দেহ কৰাৰ মনোভাৱৰপৰা বিৰত থাকক ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ বাওঁচকুত হোৱা বিষে কষ্ট দিব পাৰে ৷ অপৰাধবোধত ভুগিব পাৰে ৷ শান্ত হৈ থাকিব ৷
সিংহ ৰাশি: ভাগ্য ভাল ৷ অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায়ত সফল হʼব ৷ লাভ বৃদ্ধি ৷ কোনো কোনো ক্ষেত্ৰত ভাগৰি আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো আনন্দময় হʼব ৷
কন্যা ৰাশি: আঁকোৰগোজ হৈ নপৰিব ৷ মনটো খেলিমেলি হৈ থাকিব ৷ আত্মবিশ্বাসী হৈ কাম কৰিব ৷ অহংকাৰ নকৰিব ৷ আইনী কাৰ্যকলাপৰ পৰা আঁতৰত থকাই ভাল ৷ নিজকে ধীৰ-স্থিৰ আৰু শান্ত কৰি ৰাখিব ৷ ব্যয় বৃদ্ধি ৷ স্বাস্থ্যক লৈ সজাগ হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত মনোযোগ দিয়ক ৷
তুলা ৰাশি: চিন্তাধাৰাবোৰ ভাল হʼব ৷ কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল হʼব ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷
বৃশ্চিক ৰাশি: কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ প্ৰেমত শুভ ৷
ধনু ৰাশি: ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ কোনো কোনো ক্ষেত্ৰত নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷
মকৰ ৰাশি: খৰচ বৃদ্ধি ৷ চৰকাৰী নথিপত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷
কুম্ভ ৰাশি: পৰিয়ালক উপাসনাস্থলীত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷ খৰচ বৃদ্ধি ৷
মীন ৰাশি: নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকি কাম কৰিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷