ETV Bharat / bharat

ঘূৰ্ণী বতাহ : ক্ষতিৰ মাত্ৰা কমোৱাৰ ওপৰত গুৰুত্ব দিব লাগে - বায়ু প্ৰদূষণ

অনিয়ন্ত্ৰিত বায়ু প্ৰদূষণৰ বাবে হোৱা পৰিৱেশ তন্ত্ৰৰ সাল-সলনিৰ বাবে আৰৱ সাগৰত প্ৰায়ে ধুমুহা আৰু ঘূৰ্ণী বতাহৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ ই সমগ্ৰ পশ্চিমৰ ৰাজ্যসমূহৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ বিশেষজ্ঞসকলেও মত পোষণ কৰিছে যে, এই অনিয়ন্ত্ৰিত প্ৰদূষণৰ বাবে পূৱ উপকূলৰ নিচিনা পশ্চিম উপকূলীয় ৰাজ্যসমূহতো ভয়াৱহ ঘূৰ্ণী বতাহৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ।

ঘূৰ্ণী বতাহ: ক্ষতিৰ মাত্ৰা কমোৱাৰ ওপৰত গুৰুত্ব দিব লাগে

author img

By

Published : May 24, 2021, 12:40 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হ'ব পৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ লগত মোকাবিলা কৰাৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত জোৰ দিয়াৰ আহ্বানৰ দুমাহৰ ভিতৰত এই বছৰৰ প্ৰথমটো ঘূৰ্ণী বতাহে দেশত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় । দেশৰ পশ্চিম উপকূল অঞ্চলত আঘাত হানি প্ৰথমজাক ঘূর্ণী বতাহে যথেষ্ট ক্ষতিসাধন কৰিছিল । যদিও আগতীয়া সকীয়নিৰ ব্যৱস্থাৰ বাবে জনজীৱনৰ বেছি ক্ষতি হোৱা পৰিলক্ষিত নহ'ল, তথাপি সা-সম্পত্তিৰ যথেষ্ঠ ক্ষতিসাধন হৈছিল ৷ যাৰ বাবে হোৱা লোকচানৰ মাত্ৰা এতিয়াও সঠিকভাৱে নিৰূপণ হোৱা নাই ।

অনিয়ন্ত্ৰিত বায়ু প্ৰদূষণৰ বাবে হোৱা পৰিৱেশ তন্ত্ৰৰ সাল-সলনিৰ বাবে আৰৱ সাগৰত প্ৰায়ে ধুমুহা আৰু ঘূৰ্ণী বতাহৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ ই সমগ্ৰ পশ্চিমৰ ৰাজ্যসমূহৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ বিশেষজ্ঞসকলেও মত পোষণ কৰিছে যে, এই অনিয়ন্ত্ৰিত প্ৰদূষণৰ বাবে পূৱ উপকূলৰ নিচিনা পশ্চিম উপকূলীয় ৰাজ্যসমূহতো ভয়াৱহ ঘূৰ্ণী বতাহৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ।

বংগোপ সাগৰত মাত্ৰ ৪ শতাংশ ক্রান্তীয় ঘূর্ণী বতাহ উৎপন্ন হয় যদিও এইসমূহে সমগ্ৰ পৃথিৱীৰ ঘূৰ্ণী বতাহে কৰা ক্ষয়-ক্ষতিৰ ৮০ শতাংশতকৈ বেছি হোৱা দেখা যায় । বিশেষজ্ঞসকলে কয় যে, আৰৱ সাগৰত উৎপন্ন হোৱা ঘূৰ্ণী বতাহ সমূহেও লাহে লাহে ভয়াৱহ ৰূপ ধাৰণ কৰিব ধৰিছে । তেওঁলোকে কয় যে, আমি ভাৰত মহাসাগৰৰ ওপৰত অধিক নজৰ ৰখাটো ভাল । ভাৰতীয় বায়ু বিজ্ঞান বিভাগেও উল্লেখ কৰিছে যে, যদিও আগতীয়া সকীয়নি ব্যৱস্থাৰ জৰিয়তে দেশত ঘূৰ্ণী বতাহৰ ফলত হোৱা মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব পৰা গৈছে, কিন্তু লোকচানৰ মাত্ৰা বহু বেছি ।

আমি এতিয়া সম্পত্তিৰ লোকচানৰ মাত্ৰা কম কৰিব পৰা ব্যৱস্থাৰ ওপৰত অধিক জোৰ দিব লাগিব, যিহেতু সম্পত্তিৰ অধিক লোকচানে আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰিব পাৰে । ভাৰতৰ ৭০০০ কিল’মিটাৰ উপকূলীয় অঞ্চলৰ প্ৰায় ৫০০০ কিল’মিটাৰ ঘূৰ্ণী বতাহৰ দ্বাৰা ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে । ১০ বছৰৰ আগতে কেন্দ্ৰীয় চৰকাৰে ঘূৰ্ণী বতাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মোকাবিলা কৰাৰ বাবে নেচনেল চাইক্ল’ন ৰিস্ক মেনেজমেণ্ট এজেণ্ট নামেৰে এটা প্ৰকল্প উদ্বোধন কৰিছিল । তাৰ ৬ বছৰৰ পাছত মোডী নেতৃত্বাধীন চৰকাৰে এই প্ৰকল্পৰ দ্বাৰা গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা আৰু পশ্চিমবংগৰ বাবে ২,৩৬১ কোটি টকা মোকলাই দিয়ে । এই বছৰ মাৰ্চ মাহৰ ভিতৰত প্ৰকল্পৰ সম্পূৰ্ণ কাম শেষ হোৱাৰ কথা আছিল যদিও ইয়াৰ কাম অতি শামুকীয়া গতিত আগবঢ়া বুলি জানিব পৰা গৈছে । চৰকাৰৰ এই লেহেমীয়া গতিৰ বাবে দেশৰ জনসাধাৰণে আজিও বহু বেছি মূল্য ভৰিবলগীয়া হৈ আহিছে যি কেতিয়াও গ্ৰহণযোগ্য নহয় ।

প্ৰায় দুটা দশক আগতে হোৱা চুপাৰ চাইক্ল’নৰ ফলত হোৱা বিশাল ক্ষয়-ক্ষতিৰ পাছত ওড়িশা চৰকাৰে নিজৰ ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰিছে আৰু নিশ্চিত কৰিছে যে, ভৱিষ্যতে হ'বলগীয়া ঘূৰ্ণী বতাহে ৰাজ্যখনত ইমান ক্ষয়-ক্ষতি কৰিব নোৱাৰে । ইয়াতে উল্লেখ কৰিব পাৰি যে, বিশ্বৰ ঘূৰ্ণী বতাহে বেছিকৈ আঘাত হানিব পৰা ২০ খন মহানগৰৰ ১০ খনে ভাৰতবৰ্ষত অৱস্থিত । আন্তঃগাঁথনিৰ উন্নয়ন, আগতীয়া সকীয়নি ব্যৱস্থা আৰু আন কিছু ব্যৱস্থাৰ দ্বাৰা ঘূৰ্ণী বতাহ বা আন প্ৰাকৃতিক দুৰ্যোগৰ পৰা হ'ব পৰা ক্ষয়-ক্ষতি লাঘৱ কৰিব পৰা যায় । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে নিজৰ নিজৰ দায়িত্বসমূহ সম্পূৰ্ণ তথা নিয়াৰিকৈ পালন কৰিলে এনে দুৰ্যোগৰ পৰা ভৱিষ্যতে নাগৰিকক বচাব পৰা যাব আৰু ক্ষয়-ক্ষতিৰ পৰিমাণো কম কৰিব পৰা যাব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.